Food for Anxiety : পাঁচ খাদ্য‌ই হ্ৰাস কৰিব পাৰে মানসিক চাপ আৰু উদ্বেগ

stress Black man

সুস্থ জীৱন যাপনৰ বাবে, সুস্থ শৰীৰৰ লগতে প্রয়োজন সুস্থ মনৰো । সেয়ে মানসিক স্বাস্থ্যক কোনো কাৰণতেই অৱহেলা কৰিব নালাগে । মানসিক অসুস্থতাৰ অন্যতম প্রধান এটা লক্ষণ মানসিক উদ্বেগ । পৰিসংখ্যা অনুসৰি সমগ্ৰ বিশ্বত প্রায় ২৭ কোটি লোক মানসিক উদ্বেগজনিত সমস্যাত আক্রান্ত । দুশ্চিন্তা, অবসাদ, বিভিন্ন প্ৰকাৰৰ ভয় অথবা মিলা-জুলাত সমস্যা — মানসিক অসুস্থতাৰ লক্ষণ একাধিক ।

দীৰ্ঘ দিন এই ধৰণৰ সমস্যা থাকিলে, মনোবিদৰ পৰামর্শ লোৱা বাঞ্ছনীয় । অৱশ্যে কিছু ক্ষেত্রত একাধিক স্বাস্থ্যকৰ অভ্যাসে মানসিক স্বাস্থ্যৰ উন্নতিত সহায় কৰিব পাৰে । বিশেষজ্ঞৰ মতে, সঠিক খাদ্যাভ্যাস তেনেকুৱাই এটা পদ্ধতি ।

জানি ল‌ওক কি কি খাদ্য‌ই মানসিক উদ্বেগৰ সমস্যা কমোৱাত সহায় কৰে ‌:

১। পালেং শাক : পালং শাকত প্রচুৰ পৰিমাণে মেগনেছিয়াম থাকে । হার্ভার্ড বিশ্ববিদ্যালয়ৰ গৱেষণা মতে, এই খনিজ উপাদানে মানসিক উদ্বেগ নিয়ন্ত্রণত সহায় কৰে । লগতে পালেং শাক এন্টি-অক্সিডেন্ট সমৃদ্ধ । এন্টি-অক্সিডেন্টে মানসিক চাপ কমোৱাত সহায় কৰে ।

২। হালধি : হালধিত ‘কাৰকিউমিন’ নামক এটা উপাদান থাকে । এই উপাদানে মানসিক উদ্বেগ কমোৱাত আৰু মস্তিষ্কৰ পুষ্টিত সহায় কৰে বুলি মত বিশেষজ্ঞসকলৰ । ইয়াৰ উপৰি কাৰকিউমিনে আলফা লিনোলেনিক এচিড বৃদ্ধি কৰে, যিয়ে ডিএইচএ-ৰ ক্ষৰণ আৰু কার্যকাৰিতা বৃদ্ধি কৰে । ডিএইচএ-য়ে মস্তিষ্কৰ কোষৰ স্বাস্থ্য ৰক্ষাত অত্যন্ত গুৰুত্বপূর্ণ । এটা সমীক্ষা অনুসৰি আঠ সপ্তাহ কম পৰিমাণে হালধি খালে মানসিক উদ্বেগ কমে ।

৩। ডার্ক চকলেট : ডার্ক চকলেটত উপস্থিত ‘ফেভোনল’ জাতীয় উপাদানে মানসিক চাপ আৰু উদ্বেগ কমোৱাত সাহায় কৰে । লগতে ডার্ক চকলেটত ‘এপিকেটেকিন’ আৰু ‘কেটেকিন’ নামক এন্টি-অক্সিডেন্ট থাকে । বেচ কিছু গৱেষণা অনুসৰি, এই উপাদানবোৰে মস্তিষ্কৰ স্বাস্থ্য ৰক্ষা আৰু মস্তিষ্কৰ কোষত ৰক্তসঞ্চালন বৃদ্ধি কৰাত সহায় কৰে । স্নায়ুকোষৰ কর্মক্ষমতা বৃদ্ধিতো ইয়াৰ ভূমিকা আছে বুলি জানিব পৰা যায় । ডায়েবিটিছ আৰু অনুৰূপ সমস্যা থাকিলে ডার্ক চকলেট খোৱাৰ আগতে বিশেষজ্ঞৰ পৰামর্শ ল’ব লাগিব ।

৪। দৈ : পৰীক্ষাৰ আগতে দৈ খোৱাৰ প্রচলন কিয়, সেয়া কেতিয়াবা ভাবি চাইচেনে ? বিশেষজ্ঞসকলে কৈছে, প্র’বায়’টিকেৰে ভৰপুৰ দৈ খালে প্রদাহ কমে । লগতে প্র’বায়’টিকত চেৰ’ট’নিন বাঢ়ে । বিশেষজ্ঞৰ মতে, দিনত দুবাৰকৈ ১২৫ গ্রাম দৈ এমাহ খালে অনুভূতি নিয়ন্ত্রণ কৰা সহজ হয়, ফলত মানসিক উদ্বেগ কমে ।

৫। গ্রিন টি : গ্রিন টি-ত ‘এল-থিয়েনিন’ নামক এক প্রকাৰ এমাইন’ এচিড থাকে । মস্তিষ্কৰ স্বাস্থ্য সুস্থ ৰাখিবলৈ আৰু দুশ্চিন্তা কম কৰিবলৈ ই অত্যন্ত উপযোগী । গৱেষকৰ মতে, গ্রিন টি খালে ‘কৰটিচ’ল’ হ’ৰমন কমে আৰু ‘ডোপামিন’ আৰু ‘চেৰ’ট’নিন’ ক্ষৰণ আঢ়ে । কৰটিচ’লক ‘ষ্ট্ৰেছ হ’ৰমন’ কোৱা হয়, অর্থাৎ ই মানসিক চাপ বৃদ্ধিৰ স’তে সম্পর্কিত । ডোপামিন আৰু চেৰ’ট’নিন হ’ৰমনে মন ভাল ৰখাত সহায় কৰে ।

Exit mobile version