পুখুৰীত নহয়, বাসগৃহৰ কোঠাৰ ভিতৰতে ভিয়েটনামী কাৱৈ মাছ পালনেৰে স্থাৱলম্বিতাৰ পথ বাছি ল’লে শিলপুখুৰীৰ ফাৰুক আব্দুল্লাই

IMG 20220330 WA0004

মৎস্য পালনৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সুচনা কৰিছে শিলপুখুৰীৰ এজন শিক্ষিত যুৱকে ৷ নাম ফাৰুক আব্দুলা ৷ পুখুৰীত নহয়, বাসগৃহৰ কোঠাৰ ভিতৰতে ভিয়েটনামী কাৱৈ মাছ পালনেৰে স্থাৱলম্বিতাৰ এক সুন্দৰ নিৰ্দশন ডাঙি ধৰিবলৈ সক্ষম হৈছে ফাৰুক আব্দুল্লাই।

বায়ুফ্লক পদ্ধতিয়ে উৎপাদন কৰিছে কাৱৈ মাছ। অতি কম ঠাইত,কম মূলধন আৰু কম শ্ৰমৰ জৰিয়তে থলুৱা অথবা চালানী মাছ পালনেৰে এতিয়া জীৱিকাৰ পথ উলিয়াইছে ফাৰুকে৷

কেৱল সেয়েই নহয়,আন দহজনৰ বাবে আদৰ্শ স্বৰূপ হৈ পৰিছে এই ফাৰুক আব্দুলা ইজৰাইলত উদ্ভাৱন হোৱা বায়ুফ্লক পদ্ধতিৰে ।

মৰিগাঁও জিলাৰ শিলপুখুৰি মৌজাৰ শিলপুখুৰী আদৰ্শ গাঁৱৰ ফাৰুক আব্দুল্লাই নিজা বাসগৃহৰ এটা কোঠাৰ ভিতৰতে বায়ুফ্লক পদ্ধতিৰে পালন কৰিছে ভিয়েটনামী কাৱৈ মাছ।

বায়ুফ্লক মৎস্য পালন পদ্ধতিৰ প্ৰশিক্ষণ অবিহনে ফাৰুক আব্দুল্লাই নিজা বাসগৃহত সংলগ্ন থকা এটা কোঠাত তিনি বছৰৰ আগতে স্থাপন কৰা আঠ ফুট গোলাকাৰ এটা টেংকিত ভিয়েটনামী প্ৰজাতিৰ ৬০০ শ কাৱৈ মাছ পৰীক্ষা মুলক ভাৱে পালন কৰি সফলতাৰ দিশে অগ্ৰসৰ হ’বলৈ সক্ষম হৈছে।

তেওঁ কয়,মাত্ৰ ৩০ হেজাৰ টকা মূল ধনেৰে আৰম্ভ কৰিব পৰা উক্ত ভিয়েটনামী কাৱৈ মাছ বজাৰত এৰি দিব পাৰিব মাত্ৰ চাৰি মাহৰ পাছতে।

তদূপৰি বায়ুফ্লক পদ্ধতিৰে মৎস্য পালন ক্ষেত্ৰত এজন মৎস্য পালনকে ২৪ ঘণ্টাৰ ভিতৰত মাত্ৰ তিনি/চাৰি ঘণ্টা সময় শ্ৰমদান কৰিলেই লাভাম্বীত হ’ব পাৰি এই ব্যৱসায়ৰ জৰিয়তে।

তদুপৰি ইজৰাইলত উদ্ভাৱন হোৱা বায়ুফ্লক পদ্ধতিৰ জৰিয়তে থলুৱা প্ৰজাতিৰ কাৱৈ, শিঙি,মাগুৰ মাছৰ লগতে কছ, মিৰিকা,ৰৌ,বাহু,চন্দা আদি মাছ এনেদৰে পুহিব পাৰি বুলি তেওঁ মন্তব্য কৰে৷

Exit mobile version