বকোৰ সীমান্ত মালাং শালবাৰীত অসমীয়াৰ আনন্দ উল্লাহ

8969504b 89f9 4d37 908e 69329d2125e1

গৃহ মন্ত্ৰালয়ত অসম মেঘালয় সীমান্তৱৰ্তী বাৰটাকৈ বিবাদ মান অঞ্চলৰ প্ৰথম পৰ্যায়ত ছটাকৈ বিবাদমান অঞ্চলৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত কালি গৃহমন্ত্ৰীৰ উপস্থিতিত ঐতিহাসিক চুক্তি স্বাক্ষৰিত হয়।

ছটাকৈ বিবাদমান অঞ্চলৰ ভিতৰত কামৰূপ জিলাৰ বকো সমষ্টিৰ তিনিটা বিবাদমান অঞ্চল হাহিম,তাৰাবাৰী আৰু।গিজাং অঞ্চল আছে। অসমৰ এই অঞ্চল তিনিটাৰ বহু গাঁও মেঘালয়ত অন্তৰ্ভুক্ত হৈছে।

তাৰাবাৰীৰ অধীনৰ মালাং শালবাৰী গাঁওখন মেঘালয়ৰ পৰিবৰ্তে অসমতে থকাৰ কথা প্ৰচাৰ হয়। ইয়াক কেন্দ্ৰ কৰি গাঁওখনত থকা অসমক সমৰ্থন কৰি অহা প্ৰায় ত্ৰিশটা পৰিয়ালৰ মাজত আনন্দৰ বন্যা বয়।

কিশোৰ কিশোৰী, যুৱক যুৱতী, জেষ্ঠ কনিষ্ঠ সকলোৱে আনন্দ উল্লাহ কৰি বাসগৃহৰ পৰা আলিবাটলৈ ওলাই আহি প্ৰত্যেকে প্ৰত্যোকক আলিংগন কৰে। আনন্দ উল্লাহৰ মাজত উপস্থিত সংবাদ মাধ্যমৰ সংবাদ কৰ্মী সকলকো তেওঁলোকৰ আনন্দৰ সমভাগী কৰি লয়।

আনন্দত আত্মহাৰা গাঁওবাসীয়ে ৰাজ্য চৰকাৰক অঞ্চলেৰে ধন্যবাদ জ্ঞাপন কৰিছে। একেদৰে বকোৰ সংবাদ কৰ্মী আৰু বিধায়িকা নন্দিতা দাসকো ৰাজ্য চৰকাৰৰ ওচৰত মালাং শালবাৰী বাসীৰ দুখ দুৰ্গতিৰ সন্দৰ্ভত অৱগত কৰা বাবে ধন্যবাদ জ্ঞাপন কৰে।

বিগত দিন ধৰি যিসকল অসম বিদ্বেষীলোকে অসমৰ সমৰ্থনত থকা গঞাক আতিশয্য চলাই আহিছিল তেওঁলোককো আকোঁৱালি ল’ব বুলি মহানুভবতাৰ পৰিচয় দিয়ে সংবাদ মাধ্যমৰ আগত।

উল্লেখযোগ্য যে,বিগত দিন ধৰি তাৰাবাবাৰীৰ মালাং শালবাৰীত অসম বিদ্বেষীলোকে অসমক সমৰ্থন কৰা অসমীয়াৰ ওপৰত শাৰিৰীক মানসিক আতিশয্য চলাই আহিছিল।

অসমৰ ভূমি মালাং শালবাৰীত বসবাস কৰি অসমক বিৰোধ কৰি গাঁওখনৰ একাংশ অসম বিদ্বেষীয়ে অসমৰ সমৰ্থনত থকা অসমীয়াৰ ওপৰত শাৰিৰীক মানসিক আতিশয্য চলাই আহিছিল।

অসমীয়াৰ ঘৰ দুৱাৰ জ্বলোৱা, মাৰপিট কৰা, হাতে হাতে চুৰি লৈ অসমীয়াৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। আনকি অসমৰ সুলভ মূল্যৰ দোকানৰ কেৰাচিন তেল অনিষ্ট সাধন কৰে। এজেন্টৰ শ শ জোপা তামোল গছ কাটি তহিলং কৰি সন্ত্ৰাস অব্যাহত ৰাখিছিল।যাৰ ফলত গাঁওখনৰ অসমক সমৰ্থন কৰা অসমীয়া সকলে ভয় ভীত হৈ ঘৰৰ ভিতৰত আৱদ্ধ থাকিব লগীয়া হৈছিল।

Exit mobile version