সীমা সমস্যাক কেন্দ্ৰ কৰি বকোৰ সীমান্তত পুনৰ উত্তেজনা, ৰাজ্য চৰকাৰৰ জৰীপৰ পিলাৰ উঘালিলে দুৰ্বৃত্তই

18007e58 6a5b 4a7a 8a82 7c7b13aa7e38

অসম মেঘালয় সীমা সমস্যা সমাধানৰ ঐতিহাসিক চুক্তি স্বাক্ষৰিত হোৱাৰ পাছ মুহূৰ্ত্তত নিশা বকোৰ সীমান্তত একাংশ দুৰ্বৃত্তই উঘালি পেলালে অসমৰ জৰীপৰ পিলাৰ।

অসম মেঘালয় সীমান্তৱৰ্তী চিৰসেউজ লাম্পীৰ সমীপৰ কম্পাডলীত অসম চৰকাৰৰ জৰীপ বিভাগৰ গাওঁ নিৰ্ধাৰণৰ খুঁটা (NC) উভালি পেলালে দুৰ্বৃত্তই।

প্ৰায় একসপ্তাহ পূৰ্বে কম্পাডলীত খুঁটা কেইটা পুতা হৈছিল। গৃহ মন্ত্ৰালয়ত অসম মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সীমান্তক লৈ বুজাবুজিৰ চুক্তিৰ পাছতে এই ঘটনাই উত্তেজনাৰ বিৰাজ কৰা পৰিলক্ষিত হৈছে।

সীমান্তক লৈ উৎকন্ঠাৰ সময়ত এনে ঘটনাক লৈ সতৰ্ক দুই ৰাজ্যৰ আৰক্ষী। অসম মেঘালয় সীমান্তৱৰ্তী ১২টাকৈ বিবাদ মান অঞ্চলৰ প্ৰথম পৰ্যায়ত গৃহমন্ত্ৰীৰ উপস্থিতিত ছয়টাকৈ বিবাদ মান অঞ্চলৰ চুক্তি স্বাক্ষৰিত হয়।

ছয়টা বিবাদ মান অঞ্চলৰ ভিতৰত কামৰূপ জিলাৰ বকোৰ তিনিটা বিবাদ মান অঞ্চল আছে। হাহিম, তাৰাবাৰী আৰু গিজাং। অসমৰ এই বিবাদমান অঞ্চল তিনিটাৰ বহু গাঁও মেঘালয়ত চামিল হৈছে।

চিৰসেউজ পাহাৰীয়া ভূখণ্ড লাম্পীলৈ অহাৰ পথত নামনিৰ কম্পাডলীত জৰীপৰ হালধীয়া কংক্ৰিটৰ খুঁটা উঘালি ৰাজ্য চৰকাৰক প্ৰত্যাহ্বান জনাইছে নেকি কোনো দুৰ্বৃত্তই সেয়া এক লাখ টকীয়া প্ৰশ্ন হৈ পৰিছে।

Exit mobile version