Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

২৭০বছৰীয়া ইতিহাসৰ পৃষ্ঠভূমিত স্হাপিত তেজপুৰৰ মাধৱ মন্দিৰ বহুমুখী প্ৰকল্প:সংৰক্ষিত আঢ়ৈশ বছৰীয়া সিংহাসন

publisher by publisher
March 30, 2022
in Assam, News
Reading Time: 1 min read
0
২৭০বছৰীয়া ইতিহাসৰ পৃষ্ঠভূমিত স্হাপিত তেজপুৰৰ মাধৱ মন্দিৰ বহুমুখী প্ৰকল্প:সংৰক্ষিত আঢ়ৈশ বছৰীয়া সিংহাসন
4
SHARES
42
VIEWS
ShareShareShareShare

ঐতিহ্যমণ্ডিত তেজপুৰৰ এক ঐতিহাসিক অঞ্চল দপৰ্বতীয়া৷মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰৰ এই অঞ্চল প্ৰকাশ্যে আৰু লুপ্ত অৱস্হাত বৰ্তমানেও আছে বহু ঐতিহাসিক সমল৷এই ইতিহাস বিঢৌত অঞ্চলটোৰে এক চুবুৰী লেঙা চুবুৰী৷৩২০টা পৰিয়ালৰ এটা খেল এই অঞ্চলত থকা ২৭০বছৰীয়া পুৰণা নামঘৰৰ ভেটি আৰু সেই নামঘৰৰ প্ৰায় ২৫০বছৰীয়া সিংহাসনখনৰে স’তে সম্প্ৰতি স্হানীয় ৰাইজে ঐতিহ্যক্ষেত্ৰ হিচাপে সংৰক্ষন কৰিছে৷

ADVERTISEMENT

উল্লেখযোগ্য যে,ঐতিহ্য আৰু সংস্কৃতি ৰক্ষাৰ এক সুদীৰ্ঘকালীন যাত্ৰা অব্যাহত থকা এই অঞ্চলত নাট,ভাওনাকে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী তথা কাৰুশিল্পৰ চৰ্চা প্ৰজন্মৰ পাছত প্ৰজন্মলৈ সম্প্ৰসাৰিত হৈ আহিছে৷সম্প্ৰতি ইয়াত ৰাইজে স্হাপন কৰা মাধৱ মন্দিৰ বহুমুখী প্ৰকল্পৰ নৱনিৰ্মিত তোৰণ আৰু পৰাপাটৰ কাম সম্পূৰ্ণ হৈছে৷

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

ইৰানৰ সংকটে মাধমাৰ শোধালে অসমৰ চাহ উদ্যোগত, বৃহৎ লোকচানৰ আশংকা

অঞ্চলটোৰ নিবাসী তথা ৰাজ্যখনৰ এগৰাকী বিশিষ্ট কাৰুশিল্পী হৰিনাৰায়ণ দাসে প্ৰস্তুত কৰা আৰ্হি তথা পৰিকল্পনাৰে স্হানীয় শিল্পী উমাকান্ত বৰাই নিৰ্মাণ কৰি উলিয়াইছে ২৪ফুট প্ৰস্হৰ আৰু ১৮ফুট উচ্চতাৰ এই তোৰণ তথা ইয়াৰে সংলগ্ন পৰাপাট৷ওপৰত গড়ুৰ,মাজত ভাগৱতৰ শৰাই,দুইকাষে গ্ৰাহ আৰু উৰণীয়া সিংহৰে বৈকুণ্ঠত স্হাপিত ভাগৱতৰ ভাৱাৰ্থৰে নিৰ্মিত এই আটক ধুনীয়া তোৰণখন অহা দুই এপ্ৰিলত উন্মোচিত হ’ব৷

প্ৰণিধানযোগ্য যে, তেজপুৰৰ ঐতিহ্যমণ্ডিত দ-পৰ্বতীয়াত সংৰক্ষিত হৈ থকা শৈলদ্বাৰৰ নিচেই সমীপতে অৱস্থিত দ-পৰ্বতীয়া মাধৱ মন্দিৰ বহুমুখী প্ৰকল্পএক ৰাজহুৱা তথা জন কল্যাণমুখী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান৷ অষ্টম শতিকাৰ মাজৰ সময়চোৱাত ঐতিহাসিক দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী বনমালিদেৱ ব্ৰহ্মপুত্ৰৰে নাৱত ভটিয়াই আহি গুপ্ত যুগৰ ষষ্ঠ শতিকাৰ ভাষ্কৰ্যৰ নিদৰ্শন গঙ্গা-যমুনাৰ মূৰ্ত্তি খোদিত শৈলদ্বাৰৰ সমীপতে প্ৰতিষ্ঠা কৰিছিল এক ৰাজহুৱা নামঘৰ।

কালৰ গতিত এই নামঘৰত ১৮৯৬ মানৰ পৰা পৰিবৰ্তিত ৰূপত সত্ৰীয়া কলা কৃষ্টি আৰু ভাওনা আদিৰ চৰ্চা আৰম্ভ হয় আৰু এই অঞ্চলত বহু কেইগৰাকী সত্ৰীয়া শিল্পী ,নাট্য শিল্পী তথা সাহিত্যিক আৰু নাট্যকাৰক জন্ম দিলে। পৌৰাণিক নাটক সমূ্হৰ চৰ্চা এই অঞ্চলত তেতিয়াৰ পৰাই অস্থায়ী ৰঙ্গমঞ্চ তৈয়াৰ কৰি আৰম্ভ কৰিলে। এইসমূহৰ উপৰিও ৰাস- ভাওনা তেতিয়াৰ পৰাই নিয়মীয়াকৈ চলিবলৈ ল’লে ।

অসমৰ আধ্যাত্মিক আৰু লোক সংস্কৃতিৰ অংগ হিচাপে পালনাম , বৰসবাহ , পানী তোলা সবাহ ,থিয় নাম, দিহানাম , হুঁচৰি জন্মাষ্টমী, গুৰু দুজনাৰ তিথি , মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম মহোৎসৱ, ৰাস, ভাওনা আৰু আটাইকেইটি বিহু আদি পৰম্পৰাগত ভাবে আজিও সগৌৰৱে চলি আছে।পৰৱৰ্তী সময়ত অঞ্চলটোৰ এজন গুণী সন্তান নাট্য সম্ৰাট হিচাপে খ্যাত প্ৰয়াত প্ৰফুল্ল বৰাই ১৯৪৩ – ৪৪ ৰ পৰাই এই অঞ্চলত নাটকৰ এক প্ৰবল ধাৰা আৰম্ভ কৰে৷

পুৰণা নামঘৰৰ মজিয়াৰ পৰাই সৃষ্টি হয় মাধৱ মন্দিৰ বহুমুখী প্ৰকল্প। এই প্ৰকল্পৰ অধীনত বৰ্তমান নামঘৰ , নাট্য প্ৰকল্প, সত্ৰীয়া পৰম্পৰাগত কৃষ্টি বিকাশ আৰু প্ৰশিক্ষণ কেন্দ্ৰ, ৰাজহুৱা পুথিভঁৰাল, মীন পালন ক্ষেত্ৰ, সোৱঁৰণী অৰণ্য নামকৰণেৰে সামাজিক বনানী কৰণ , সংগীত আৰু চিত্ৰ-ভাস্কৰ্য কলা প্ৰশিক্ষণ কেন্দ্ৰ আদিৰ উপৰিও অস্থায়ী ৰংগমঞ্চ তৈয়াৰ কৰি প্ৰত্যেক বছৰে নাট সমাৰোহ আৰু সদৌ অসম ভিত্তিত একাংকিকা নাটক প্ৰতিযোগিতা নিয়মীয়াকৈ অনুষ্ঠিত কৰা হয়।

পুৰণা নামঘৰৰ পৰা প্ৰায় তিনি-চাৰিশ মিটাৰ দূৰত্বত স্হাপিত বৰ্তমানৰ মাধৱ মন্দিৰ বহুমুখী প্ৰকল্পৰ নামত থকা ভৈৰৱপদ মৌজাৰ দ-আটি গাঁৱৰ ৯২৯ নম্বৰ আৰু ৯৩১ নম্বৰ দাগৰ ৩ নং আৰু ৫১২ নং ম্যাদী পট্টাৰ প্ৰায় তিনি বিঘা খালী হৈ থকা ৰাজহুৱা মাটিত এটা নাট্য প্ৰকল্পৰ লগতে সাম্প্ৰতিক কালৰ আধুনিক শৈলীৰ লগত খাপ খুৱাব পৰাকৈ ৰঙ্গমঞ্চ আৰু প্ৰেক্ষাগৃহ স্থাপন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰি নৱ প্ৰজন্মৰ যুৱক যুৱতী তথা ঐতিহ্যমণ্ডিত তেজপুৰ নগৰৰ বৃহত্তৰ পশ্চিম অঞ্চল সামৰি লোৱা থলুৱা লোকৰ একচেতিয়া বসতি প্ৰধান অঞ্চল হজৰাপাৰ – পৰ্বতীয়া – বেছেৰীয়া অঞ্চলৰ যুৱক যুৱতী আৰু জাতীয় সংস্কৃতিৰ প্ৰতি দায়বদ্ধ লোক সকলৰ সাংস্কৃতিক, বৌদ্ধিক আৰু আৰ্থ সামাজিক বিকাশ তথা উত্তৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ পবিত্ৰ মানসেৰে ৰাইজে আগবাঢ়িছে যদিও ইয়াৰ বাবে প্ৰয়োজনীয় অৰ্থৰ অভাৱৰ সন্মূখীন হৈছে ৰাইজ৷ইমান দিনে ৰাইজে নিজা বৰঙনি আৰু বিনামূলীয়া শ্ৰমদানৰেই প্ৰকল্পৰ বহু কাম আগবঢ়াই নিছে৷

উল্লেখযোগ্য যে,১৯৮২ত এই প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত লোৱাৰ পাছত ১৯৮৮ৰ পৰা ৰাইজৰ আশাসুধীয়া প্ৰচেষ্টাত ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয়৷অঞ্চলটোৰ এগৰাকী প্ৰথিতযশা ভাস্কৰ,প্ৰবীন শিল্পী মোহিনী হাজৰিকাই এই প্ৰকল্পৰ নামঘৰৰ সন্মুখৰ জয় বিজয় আৰু গড়ুৰ মূৰ্ত্তি নিৰ্মাণ কৰাৰ বিপৰীতে শিল্পী হৰিনাৰায়ণ দাসৰ তত্বাবধানত স্হানীয় যুৱ শিল্পী দিলীপ নাথ,ৰামনাৰায়ণ দাস,তপন তামুলী,বাদল দাস,যোগেশ দাস,জাব্বু কৰ্মকাৰৰ সহযোগত নামঘৰৰ ১০বৰ্গফুট বহল আৰু ৯.৫০ফুট উচ্চতাৰ সিংহাসন নিৰ্মাণ কৰা হয়৷মন্দিৰৰ মূল গম্বুজৰ আৰ্হি অভিযন্তা কমল তামুলীয়ে প্ৰস্তুত কৰাৰ বিপৰীতে শিল্পী উমাকান্ত বৰাই নিৰ্মাণ কৰে৷তদুপৰি দেৱালয়ৰ গায়ণ বায়নৰ ভাস্কৰ্যৰ লগতে বিভিন্ন কাৰুকাৰ্যৰে সজাই তোলে প্ৰবীন কাৰুশিল্পী হৰিনাৰায়ণ দাসে৷

১২০ফুট দীঘল আৰু ৬২ফুট বহল মাধৱ মন্দিৰ বহুমুখী প্ৰকল্পৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত প্ৰয়াত প্ৰফুল্ল বৰা, কমল চন্দ্ৰ বৰা,খনীন্দ্ৰ নাথ গোস্বামী,তুৱাৰাম তামুলী,সুৰেন বৰা আদি সকলকে ধৰি বিভিন্নজনৰ লগতে ৰাইজৰ অৱদান চিৰস্মৰণীয়৷উল্লেখযোগ্য যে,বৰ্তমান এই বিশেষ প্ৰকল্পৰ সভাপতিৰ দায়িত্বত আছে গুণাধৰ বৰা আৰু সম্পাদকৰ দায়িত্বত আছে বিমান তামুলী৷পৰ্যটকৰ বাবে দ-পৰ্বতীয়া শৈলদ্বাৰৰ লগতে মাধৱ মন্দিৰ বহুমুখী প্ৰকল্পক এটা আধুনিক পৰ্যটন প্ৰকল্প হিচাপে গঢ়ি তোলাৰ প্ৰস্তাৱো ৰাইজে গ্ৰহণ কৰি থৈছে।

ইক’ট্যুৰিজিম্ আচঁনিৰ সহায়ত ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত গাঁও খনৰ সোঁৱৰণী অৰণ্য প্ৰকল্পক সামৰি মাধৱ মন্দিৰ বহুমুখী প্ৰকল্পক সজাই পৰাই দেশৰ সাৰ্বজনীন প্ৰেক্ষাপটত চিনাকি কৰোৱাৰ প্ৰবল হেঁপাহেৰে স্হানীয় ৰাইজে প্ৰস্তাৱ গ্ৰহণ কৰি থৈছে৷বৰ্তমান এই বহুমুখী প্ৰকল্পত নিয়মীয়াকৈ অস্থায়ী ৰঙ্গমঞ্চ বা ৰভা তৈয়াৰ কৰি শিশু আৰু যুৱক যুৱতী সকলক বিভিন্ন কৰ্মশালা অনুষ্ঠিত কৰি নাটক, সংগীত, চিত্ৰকলা, বিহু আদিৰ প্ৰশিক্ষণ দি থকা হৈছে। এইসমূহৰ জৰিয়তে নৱ প্ৰজন্মক দেশৰ সচেতন আৰু সুস্থ নাগৰিক হিচাপে গঢ়ি তোলাৰ অঙ্গীকাৰৰে মাধৱ মন্দিৰ বহুমুখী প্ৰকল্পই গুৰুত্ব সহকাৰে গভীৰ দায়িত্ব পালন কৰি আহিছে।

উল্লেখযোগ্য যে লোকশিল্প,ভাওনা,কাৰুশিল্প চৰ্চাৰ এক উৰ্বৰ অঞ্চল তথা ক্ষেত্ৰ ইয়াত জগদীশ বৰা,শুভ তামুলী,সৰ্বা গোস্বামী আৰু মাধৱ বৰা আদি সকলৰ প্ৰচেষ্টাত নৱপ্ৰজন্মক এই কলা শিল্পৰ স’তে জড়িত কৰি অহাৰ লগতে বিশিষ্ট বায়ন দিলীপ বৰা(মইনা),নৰেণ শইকীয়া আৰু ইন্দ্ৰেশ্বৰ পাঠক আদি সকলে এইক্ষেত্ৰত দীৰ্ঘকালৰ পৰা বিশেষ ভূমিকা পালন কৰি আহিছে৷

উল্লেখযোগ্য যে,২০২১ৰ ২০নৱেম্বৰত মাধৱ মন্দিৰ বহুমুখী প্ৰকল্পৰ উদ্যোগত আৰু অসম সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত পূৰ্বৰ দৰে অনুষ্ঠিত হোৱা নাট্যসম্ৰাট প্ৰফুল্ল বৰা দিৱসত নাট্যসম্ৰাট প্ৰফুল্ল বৰা সোঁৱৰণী বঁটা পোন প্ৰথমবাৰৰ বাবে তেজপুৰৰ সন্তান তথা ৰাজ্যখনৰ এগৰাকী প্ৰথিতযশা নাট্যকাৰ পৰিচালক ঐশ্বৰ্য্য কাকতিলৈ আগবঢ়োৱা হয় আৰু এই বঁটা নিয়মীয়াকৈ অসমৰ বৰেণ্য নাট্যকাৰ,পৰিচালক তথা অভিনেতালৈ প্ৰদান কৰাৰ এক দীৰ্ঘম্যাদী সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আনহাতে কলা সংস্কৃতি আৰু ঐতিহ্যৰ এই পীঠ স্হানতে অহা দুই এপ্ৰিলৰ পৰা ভাগৱত পাঠক কেন্দ্ৰ কৰি আয়োজন কৰা হৈছে এক বৰ্ণাঢ়্য অনুষ্ঠানৰ৷ অঞ্চলটোৰ বহু কেইখন চুবুৰীৰ ৰাইজৰ তৎপৰতাত দুই এপ্ৰিলৰ পুৱা ১১ বজাত বহুমুখী প্ৰকল্পৰ দৃষ্টিনন্দন মূল তোৰণ আৰু পৰাপাটৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰিব তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই৷ আনাহেত এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব শোণিতপুৰৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস৷

বিয়লি তিনি বজাত ভাগৱত আদৰণি অনুষ্ঠানৰ পিছত সন্ধিয়া পাঁচ বজাত অনুষ্ঠিত হ’ব ‘সপ্ত বৈকুণ্ঠ’ নিৰ্মাণ কাৰ্যসূচী৷ স্থানীয় লোকশিল্পী উপাকান্ত বৰাৰ পৰিচালনাত এই সপ্ত বৈকুণ্ঠ নিৰ্মাণত অংশ্ৰহণ কৰিব স্থানীয় শিল্পী ৰামনায়াৰণ দাস, বাদল দাস, চন্দন বৰা, সৰ্বানন্দ গোস্বামী, শুভ তামোলী, জগদ্বীশ বৰা, নৱজ্যোতি বৰা, বিশ্বজিৎ দাস আৰু বিজিত বৰাই৷ ইয়াৰ মাজতে ‘নৈমিষা অৰণ্য’ নিৰ্মাণৰ পৰিচালনা কৰিব শিল্পী তথা দ-পৰ্বতীয়া আঞ্চলিক ভাগৱত পাঠ আৰু ধৰ্মালোচনী সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যজ্ঞেশ্বৰ বেজবৰাই৷

সেইদৰে তিনি এপ্ৰিল পুৱা পাঁচ বজাত প্ৰাতঃ প্ৰসংগ, ছয় বজাত জলাৰোহণ অনুষ্ঠানৰ পিছত পুৱা জ্জ্ব বজাত ভাগৱত পাঠ আৰু ধৰ্মালোচনী সভাৰ মূল পতাকা উত্তোলন কৰিব দ-পৰ্বতীয়া আঞ্চলিক পাঠ আৰু ধৰ্মালোচনী সভাৰ সভাপতি শিল্পী হৰিনায়াৰণ দাসে৷ স্মৃতি তৰ্পন মুকলি কৰিব বিশিষ্ট সমাজকৰ্মী লীলাধৰ বৰাই আৰু মাধৱ মন্দিৰ বহুমুখী প্ৰকল্প প্ৰাংগণত দ-পৰ্বতীয়া অঞ্চলৰ প্ৰত্যেক চুবুৰীৰ নিজা নিজা পতাকা উত্তোলন সম্পন্ন হ’ব৷

ইয়াৰ পাছতেই বৃক্ষ ৰোপণ শুভাৰম্ভ কৰিব বহুমুখী প্ৰকল্পৰ সভাপতি গুণাধৰ বৰাই৷ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিবৰ বহুমুখী প্ৰকল্পৰ প্ৰাক্তন সভাপতি সুৰেণ বৰাই৷ ইয়াৰ পিছতেই নাম প্ৰসংগত নামাচাৰ্য হিচাপে উপস্থিত থাকিব শ্ৰীশ্ৰী ব্ৰহ্মচাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দীপক গোস্বামী৷

তেওঁ উক্ত দিনা ভাগৱত শাস্ত্ৰপাঠৰ আৰম্ভ কৰিব আৰু মুখ্য পাঠ পৰিচালনা কৰিব সত্ৰীয়া শিল্পী দিলীপ বৰা, নৰেন বৰাই ৷ ভাগৱত পাঠৰ ব্যাখ্যা কৰিব নাৰায়ণুৰৰ বিশিষ্ট সত্ৰীয়া শিল্পী কিশোৰ পাঠক আৰু বিশ্বনাথ চাৰিআলিৰ ৰণ্টু শইকীয়াই৷ এই কাৰ্যসূচীৰ অন্তিম দিনটোত পুৱা দহ বজাত আঞ্চলিক ভিত্তিত গোপিনীৰ নাম প্ৰসংগৰ লগতে সন্ধিয়া দ-পৰ্বতীয়া আঞ্চলিক ভিত্তিত অনুষ্ঠিত হ’ব ‘কুমৰ হৰণ’ ভাওনা৷ বিশিষ্ট ভাওনা শিল্পী বসন্ত কুমাৰ দাসে উদ্বোধন কৰিব৷সুদীৰ্ঘকালৰ ইতিহাস,ঐতিহ্য আৰু পৰম্পৰাৰ লগতে সাহিত্য সংস্কৃতি তথা শিল্পৰ আলোকৰে ধাৰাবাহিক ভাবে উদ্ভাসিত এই ঐতিহাসিক অঞ্চল আৰু মাধৱ মন্দিৰ বহুমুখী প্ৰকল্পক এক পৰ্যটন ক্ষেত্ৰ ৰূপে গঢ় দিয়াত ৰাইজৰ আশাসুধীয়া আগ্ৰহৰ প্ৰতি চৰকাৰে সুদৃষ্টি দিবনে?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamTEZPUR
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d