Heat Wave : দিল্লীত তীব্র তাপপ্রবাহৰ পূর্বাভাস, কে’বা দিনলৈ অব্যাহত থকাৰ সম্ভাৱনা

delhi 759

দিল্লীৰ বহুকেইটা অংশত তীব্র তাপপ্রবাহৰ পূর্বাভাস দিলে বতৰ বিজ্ঞান কেন্দ্ৰ‌ই । বুধবাৰে তাপমাত্রা ৪০ ডিগ্রী পাৰ হ’ব পাৰে বুলি পূর্বাভাস দিয়া হৈছে । আগন্তুক কিছু দিনলৈকে এই তীব্র তাপপ্রবাহ অব্যাহত থাকিব পাৰে বুলি সতর্ক কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰ‌ই ।

বতৰবিদসকলে জনায়, দীর্ঘদিন ধৰি শুষ্ক জলবায়ুৰ বাবেই উত্তৰ-পশ্চিম ভাৰতত আৰম্ভ হ’ব এই তীব্র তাপপ্রবাহ ।

মঙলবাৰে দিল্লীৰ বহু অংশত তীব্র তাপপ্রবাহ দেখা গৈছিল । নৰেলা, পিতমপুৰা আৰু স্প’র্টছ কমপ্লেক্সত পাৰদ আছিল ৪১ ডিগ্রীৰো অধিক ।

তিনিৰ পৰা পাঁচ এপ্রিল দিল্লীত আৰু এটা তাপপ্রবাহৰ শংকা আছে বুলিও বতৰ বিজ্ঞান কেন্দ্ৰ‌ই জনাইছে ।

প্রসংগত, বতাহৰ সর্বোচ্চ তাপমাত্রা স্বাভাৱিকৰ তুলনাত ৪.৫ ডিগ্রী অধিক হ’লে তাপপ্রবাহৰ সৃষ্টি হয় । সর্বোচ্চ তাপমাত্রা যদি স্বাভাৱিকৰ তুলনাত ৬.৪ ডিগ্রীৰ ওপৰত হয়, তেতিয়া আৰম্ভ হয় তীব্র তাপপ্রবাহ ।

Exit mobile version