The Rock : ২২৮ কেৰেট ! নিলামত উঠিব বিশ্বৰ সৰ্ববৃহৎ বগা হিৰা

GettyImages 1239487035

নিলামত উঠিব বিশ্বৰ সৰ্ববৃহৎ বগা হিৰা ‘দ্য ৰক’ । অহা মে’ত ছুইজাৰলেণ্ডত এটা বিশেষ অনুষ্ঠানৰ মাধ্যমেৰে নিলামত তোলা হ’ব হিৰাটো, জনালে নিলাম সংস্থা ক্রিষ্টিজে ।

২২৮ কেৰেটৰ এই হিৰাটো প্রায় দুই দশক আগতে দক্ষিণ আফ্রিকাত পোৱা গৈছিল । নিলামত ইয়াৰ দাম প্রায় ২২৭ কোটি টকা উঠিব পাৰে বুলি ধাৰণা কৰা হৈছে । নিলামত উঠোৱাৰ আগতে বিভিন্ন দেশত ‘দ্য ৰক’-ৰ প্রদর্শনী কৰা হ’ব । ২৬ৰ পৰা ২৯ মার্চ পর্যন্ত ডুবাইত, ২৯ এপ্রিলৰ পৰা এক মে’ পর্যন্ত টাইপেই আৰু নিউ ইয়র্কৰ ৰকফেলাৰ প্লাজাত প্রদর্শিত হ’ব এই হিৰা । সৰ্বশেষত ছয় মে’ৰ পৰা ১১ মে’ত জেনিভাত প্রদর্শিত হ’ব । তাতেই ক্রিষ্টিজে এক বিশেষ অনুষ্ঠানৰ মাধ্যমত নিলামত তুলিব হিৰাটো ।

ক্রিষ্টিজৰ এক কৰ্মচাৰী ৰাহুল কাদাকিয়াই সংবাদ সংস্থাক কয়, ‘‘১৭৬৬ৰ পৰা সংস্থাৰ মাধ্যমত নিলাম হোৱা অন্যান্য বিখ্যাত হিৰাৰ লগত স্থান দখল কৰিব ‘দ্য ৰকে’ । আমাৰ বিশ্বাস ই বিশ্বৰ হিৰা সংগ্রাহকসকলক আকর্ষণ কৰিব ।” এজন প্রাপ্তবয়স্ক মানুহৰ বুঢ়া আঙুলিৰ মাপৰ এই হিৰাটো শ্রেণীবদ্ধ কৰিছে জেমোলজাকেল ইনষ্টিটিউট অৱ আমেৰিকাই (জিআইএ) । ‘দ্য ৰক’ এই পৰ্যন্ত সৰ্ববৃহৎ হিৰা যিটো তেওঁলোকৰ লেবৰেটৰীত পৰীক্ষা কৰিছে জিআইএ-য়ে ।

২০১৭ত ক্রিষ্টিজৰ মাধ্যমত নিলাম হোৱা সৰ্ববৃহৎ বগা হিৰাটো আছিল ১৬৩.৪১ কেৰেটৰ । নিলামত যাৰ দাম উঠিছিল প্রায় ২৫৫ কোটি টকা । ‘দ্য ৰকে’-এই মূল্য অতিক্ৰম কৰিব পাৰে নে নাই সেয়া হব লক্ষণীয় ।

Exit mobile version