কৰ’না প্ৰতিৰােধৰ বাবে ব্রিটেইনত তলাবন্ধ অব্যাহত থকাৰ সময়ত চৰকাৰী বাসগৃহত পাৰ্টিৰ আয়ােজন কৰি বিপাঙত পৰিল ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছন।
ADVERTISEMENT
তলাবন্ধত স্বয়ং প্রধানমন্ত্রী উপস্থিতিত ডাউনিং স্ট্রীটত পার্টি আয়ােজন কৰাৰ অভিযােগত লণ্ডন আৰক্ষীয়ে ২০ জন। লােকক জৰিমনা বিহিলে। অৱশ্যে এই তালিকাত জনছনৰ নাম আছে নে নাই সেয়া এতিয়াও স্পষ্ট হােৱা নাই।
স্মর্তব্য যে তলাবন্ধৰ সময়ত জনছনে নিজৰ চৰকাৰী বাসগৃহত সুৰাৰ পাৰ্টিৰ আয়ােজন কৰি ক’ভিড বিধি উলংঘন কৰাৰ গুৰুতৰ অভিযােগ উত্থাপিত হৈছিল। ‘দ্য নিউয়র্ক টাইমছ’ৰ বাতৰি অনুসৰি এই ঘটনাৰ তদন্তৰ পাছত শেহতীয়াকৈ মেট্রপলিটান আৰক্ষীয়ে জনছনৰ বাসভৱনৰ পাৰ্টিত উপস্থিত থকা ২০ জন লােকক জৰিমনা বিহিলে।