বাগসাৰ বাৰাপেটাত অবৈধ কুৱেৰী খননৰ বিৰুদ্ধে ৰাইজমেল

বন বিভাগ-আৰক্ষীৰ নিৰ্লিপ্ততাত ক্ষোভ, আৰক্ষী চকী ঘেৰাওৰে প্ৰতিবাদৰ প্ৰস্তাৱ

WhatsApp Image 2022 03 31 at 6.22.46 PM

বাগসাৰ শালবাৰীৰ বাৰাপেটাৰ বেঁকী নৈত চলি থকা অবৈধ কুৱেৰী খননৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ’ল ৰাইজ ৷ বন বিভাগ আৰু আৰক্ষীৰ নিৰ্লিপ্ততাত একত্ৰিত হৈ ক্ষোভ প্ৰকাশ কৰে ভুক্তভোগী ৰাইজে ৷ বাগসাৰ বাৰাপেটাত যাৰ বাবে অবৈধ কুৱেৰীৰ বিৰুদ্ধে ৰাইজমেল অনুষ্ঠিত কৰিবলৈ বাধ্য হ’ল স্থানীয় লোক ৷

উল্লেখ্য যে দীৰ্ঘদিন ধৰি বাগসাৰ বাৰাপেটা ওজাপাৰা ব্লকৰ সমীপৰ বেঁকী নৈত অসাধু চক্ৰই চলাই আহিছিল অবৈধ খনন ৷ এই খননকাৰ্যৰ ফলত উক্ত অঞ্চলটোত সমাগত বাৰিষাই বিপদ কঢ়িয়াই অনাৰ শংকাত ভুগিব লৈছে অঞ্চলবাসীয়ে ৷ যাৰ বাবে অবৈধ খননৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হয় বৃহত্তৰ অঞ্চলটোৰ ৰাইজ ৷

বেঁকী নৈত চলি থকা উক্ত অবৈধ খননৰ বিৰুদ্ধে ৰাইজে কালি এখন সভা অনুষ্ঠিত কৰি বন বিভাগ আৰু আৰক্ষীৰ নিৰ্লিপ্ততাক ক্ষোভ উজাৰে ৷ লগতে এই কুৱেৰীটো শীঘ্ৰেই বন্ধ নকৰিলে বৃহত্তৰ অঞ্চলটোৰ লোকে স্থানীয় লাৱদাংগুৰী আৰক্ষী চকী ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও লিখিত প্ৰস্তাৱ গ্ৰহণ কৰে ৷

উল্লেখ্য যে ৰাইজৰ লিখিত অভিযোগৰ পাছতো বিয়াগোম বন বিভাগ আৰু বাগসা আৰক্ষীয়ে অবৈধ কুৱেৰীটো বন্ধ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷

Exit mobile version