AFSPA : নগালেণ্ড, মণিপুৰ, অসমত আফস্পা আইন প্রত্যাহাৰ আৰম্ভ কেন্দ্রৰ, ঘোষণা কৰিলে শ্বাহে

8abdde97 d8c8 480a 848b 964d988abc37

নগালেণ্ড, মণিপুৰ আৰু অসমৰ একাংশৰ পৰা সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন (আর্মড ফ’ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট বা আফস্পা) প্রত্যাহাৰৰ সিদ্ধান্ত ল’লে কেন্দ্র‌ই । কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বৃহস্পতিবাৰে এই কথা ঘোষণা কৰিছে ।

টুইটাৰত শ্বাহে লিখিছে, ‘প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে কে’বা দশকৰ পাছত নগালেণ্ড, মণিপুৰ আৰু অসমত আফস্পাৰ অধীনত অশান্ত অঞ্চল কমোৱাৰ বিষয়ে গুৰুত্বপূর্ণ পদক্ষেপ কৰিছে ।’ কেন্দ্রৰ এই পদক্ষেপ উত্তৰ-পূর্বাঞ্চলত শান্তি, সমৃদ্ধি আৰু উন্নয়নৰ এটা নতুন যুগৰ সূচনা কৰিব বুলি তেওঁ জনায় ।

উত্তৰ-পূৱৰ ৰাজ্যসমূহত জংঘী তৎপৰতা মোকাবিলাৰ বাবে সেনাবাহিনীৰ হাতত অতিৰিক্ত ক্ষমতা তুলি দিবলৈ ১৯৫৮ত আফস্পা আইন জাৰি কৰিছিল কেন্দ্র‌ই । উত্তৰ-পূৱত এতিয়া সমগ্ৰ অসম, নগালেণ্ড, ৰাজধানী ইম্ফলৰ বাহিৰে মণিপুৰৰ বাকী অঞ্চল আৰু অৰুণাচলৰ তিনি জিলাত আফস্পা বলবৎ আছে ।

যোৱা ডিচেম্বৰত নগালেণ্ডত জংঘী সন্দেহত সেনাৰ গুলিত স্থানীয় কে’বাজনো বাসিন্দাৰ মৃত্যুৰ পাছত, নতুনকৈ উত্তৰ-পূৱত এই বিতর্কিত আইন প্রত্যাহাৰৰ দাবীত আন্দোলন আৰম্ভ হৈছিল ।

সেই সময়ত উত্তৰ-পূর্বাঞ্চলত আফস্পা প্রয়োগৰ বিষয়টো পর্যালোচনা কৰিবলৈ কেন্দ্র‌ই এটা কমিটী গঠন কৰিছিল । শ্বাহৰ মন্ত্রণালয়ে জনাইছে, যিসমূহ অঞ্চলত শান্তি-শৃংখলা বা নাশকতাৰ সমস্যা নাই, সেই অঞ্চলসমূহৰ পৰা পর্যায়ক্রমে আফস্পা তুলি ল’ব পাৰি । সম্প্ৰতি পৰ্যায়ক্ৰমে সেই প্রক্রিয়াৰ সূচনা হ’ল ।

Exit mobile version