Doctor Death : মৃত্যুয়ে প্ৰমাণ কৰিব মই নিৰ্দোষ!

বাৰ্তা দি আত্মহত্যা অভিযুক্ত চিকিৎসকৰ

1648707658 doctor

মৃত্যুয়ে প্ৰমাণ কৰিব যে মই নিৰ্দোষ। অনুগ্ৰহ কৰি চিকিৎসকসকলক হাৰাশাস্তি নকৰিব। আত্মহত্যাৰ আগে এই বাৰ্তা দি গ’ল অভিযোগৰ অভিযুক্ত চিকিৎসক অৰ্চনা শৰ্মাই ।

মঙলবাৰে তেওঁ আত্মহত্যা কৰে । আত্মহত্যাৰ আগতে এখন চুইচাইড নোটত এই কথাসমূহ লিখি যায় ।এই ঘটনা ৰাজস্থানৰ দৌচা জিলাৰ ।

চুইচাইড নোটত অৰ্চনাই লিখিছে, “মই মোৰ স্বামী আৰু সন্তানক বহুত ভাল পাওঁ। অনুগ্ৰহ কৰি মোৰ মৃত্যুৰ পাছত তেওঁলোকক হাৰাশাস্তি নকৰিব। মই একো ভুল কৰা নাছিলো। মই কাকো হত্যা কৰা নাছিলো। মহিলাগৰাকীৰ জটিলতাৰ ফলত মৃত্যু হৈছিল। অনুগ্ৰহ কৰি নিৰীহ চিকিৎসকসকলক ইমান হাৰাশাস্তি কৰা বন্ধ কৰক। মোৰ মৃত্যুয়ে প্ৰমাণ কৰিব যে মই নিৰ্দোষ। ‘

দৌচাৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসক আছিল অৰ্চনা । এই চিকিৎসালয়তে এগৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যুত মৃতকৰ পৰিয়ালৰ সদস্যসকলে চিকিৎসকে অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

অৰ্চনাৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছিল। অনুমান কৰা হৈছে যে ইয়াৰ পাছতেই অপমান সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাছি লৈছিল অৰ্চনাই।

ৰাজনৈতিক চাপত আৰক্ষীয়ে অৰ্চনাৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিছিল।বুধবাৰে দৌছাৰ লালছোট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক অংকিত চৌধুৰীক নিলম্বন কৰা হৈছে।

Exit mobile version