India Coronavirus: দেশত হ্ৰাস পালে ক’ভিড সংক্ৰমণ

1291904 covid test new pti

হ্ৰাস পালে দৈনিক কৰ’না ৰোগীৰ সংখ্যা ।দেশত এদিনত কৰ’নাত আক্ৰান্ত হ’ল এক হেজাৰ ২২৫ জন লোক । হ্ৰাস পাইছে সক্ৰিয় ৰোগীৰ সংখ্যাও । দেশত বৰ্তমান ১৪ হেজাৰ ৩০৭ জন কৰ’না আক্ৰান্তৰোগীৰ সংখ্যা আছে ।

কেৰালা এই মুহূৰ্তত দৈনিক কৰ’না সংক্ৰমণৰ তালিকাৰ শীৰ্ষত আছে। ইয়াৰ পাছত আছে দিল্লী, মহাৰাষ্ট্ৰ আৰু মিজোৰাম। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, যোৱা ২৪ ঘণ্টাত দেশত কৰ’নাত ২৮ জন লোকৰ মৃত্যু হৈছে।

যোৱা ২৪ ঘণ্টাত, দেশত কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে এক হেজাৰ ৫৯৪ জন । এদিনত ছয় লাখ সাত হেজাৰ ৯৮৭ কৰ’না পৰীক্ষা কৰা হৈছে। ইয়াৰ ভিতৰত, 0.20 শতাংশই কৰ’না ৰিপৰ্ট নিগেটিভ । বিগত এদিনত দেশত ২২ লাখ ২৭ হেজাৰ ৩০৭ জন লোকক টিকাকৰণ কৰা হৈছে।

Exit mobile version