Russia-Ukraine War : মনোবলৰ অভাৱত আদেশ পালন কৰা নাই ৰুছ সেনাই ,নষ্ট কৰিছে অস্ত্ৰ ! দাবী ব্ৰিটিছ চোৰাংচোৱাৰ

Russian troops 0

সেনা প্ৰধানসকলৰ আদেশ পালন কৰা নাই ৰুছ সেনাই । অভাৱ দেখা গৈছে সেনাৰ অস্ত্ৰ-শস্ত্ৰ আৰু মনোবলৰ অভাৱ । এই দাবী কৰিলে ব্ৰিটিছ চোৰাংচোৱা, চাইবাৰ আৰু নিৰাপত্তা সংস্থা চৰকাৰী যোগাযোগ মুখ্য কাৰ্যালয়ৰ মুৰব্বী জেৰেমি ফ্লেমিংয়ে ।

বুধবাৰে কেনবেৰাৰ অষ্ট্ৰেলিয়ান নেচনেল ইউনিভাৰ্চিটিত এক অনুষ্ঠানত ভাষণ দি তেওঁ কয়, “আমি ৰাছিয়াৰ সৈন্যসকলক দেখিছোঁ। তেওঁলোকৰ মাজত অস্ত্ৰ আৰু মনোবলৰ অভাৱ হৈছে। তেওঁলোকে উচ্চ সদনৰ আদেশ মানিবলৈ অস্বীকাৰ কৰিছে । সৈন্যসকলে নিজেই তেওঁলোকৰ যুদ্ধৰ অস্ত্ৰ ধ্বংস কৰি আছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনেও ইউক্ৰেইনৰ সামগ্ৰিক পৰিস্থিতি ভুল বুজিছে বুলি তেওঁ মন্তব্য কৰে । জেৰেমীয়ে কয়,”এইটো লাহে লাহে স্পষ্ট হৈ আহিছে যে পুটিনে পৰিস্থিতিটোৰ বিচাৰ কৰিবলৈ অক্ষম হৈছে। এইটোও স্পষ্ট যে তেওঁ ইউক্ৰেইনৰ প্ৰতিৰক্ষা প্ৰণালীক গুৰুত্ব দিয়া নাছিল। ”

আনকি ক্ৰেমলিনৰ সৈন্যই সহজে কিয়েভ দখল কৰাত সফল হ’ব বুলি পুটিনৰ ধাৰণাটোও ভুল আছিল বুলি জেৰেমীয়ে কয়। লগতে তেওঁ কয় যে পুটিনৰ পৰামৰ্শদাতাসকলে তেওঁক সঁচা কথা ক’বলৈ ভয় কৰিছিল। অৱশ্যে জেৰেমীয়ে উল্লেখ কৰিছিল যে যুদ্ধত ৰাছিয়াৰ পৰাজয় এই ভুল সিদ্ধান্তৰ ফল।

জেৰেমীয়ে এইটোও দাবী কৰিছিল যে পুটিনে কিয়েভ দখলৰ দাবীত কুখ্যাত ৱাগনাৰ বাহিনীক ব্যৱহাৰ কৰি থকা অনুমানটো সঁচা আছিল।

ৱাগনাৰ গোটটোৰ বিৰুদ্ধে যুদ্ধবিধ্বস্ত দেশসমূহত অপৰাধমূলক কাৰ্যকলাপ চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে।

Exit mobile version