পাকিস্তানত ইমৰানৰ বিদায় নিশ্চিত, পুনৰ দুই দলৰ পি টি আই মৰ্চা ত্যাগ

93941e73e11c6fb62951b8a6f2878ed6 original

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ মৰ্চা চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিলে পুনৰ দুটা দলে । সাত সাংসদ থকা এম কিউ এম (পি) দলে পাকিস্তান তেহৰিক ই ইনছাফ (পি টি আই) দলৰ চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰৰ কথা ঘোষণা কৰিলে ।

আনহাতে, পাঁচজন সাংসদ থকা বি এ পি দলেও পি টি আই চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰৰ সিদ্ধান্ত লয় । এই দুটা দলে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ ফলত পি টি আই নেতৃত্বাধীন মৰ্চাৰ সাংসদৰ সংখ্যা ১৬৭ জনলৈ হ্ৰাস পালে ।

ইয়াৰ বিপৰীতে পাকিস্তানৰ সদনত বিৰোধীৰ সদস্যৰ সংখ্যা ১৮০ জনলৈ বৃদ্ধি পালে । ইমৰানক সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে ১৭২ সাংসদৰ সমৰ্থনৰ প্ৰয়োজন । ইতিমধ্যে সংখ্যালঘু চৰকাৰত‌ পৰিণত হোৱাত ইমৰানে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ আসনৰ পৰা বিদায় লোৱাটো প্ৰায় নিশ্চিত হৈছে ।

Exit mobile version