ৰাজস্থান আন্ত:ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোসৎৱত উজলিল আইমী বৰুৱা : “চেমখৰ”লৈ দুটা শাখাৰ শ্ৰেষ্ঠ সন্মান

eee 1

এটাৰ পাছত আনটো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোসৎৱত আইমী বৰুৱাৰ বহুল চৰ্চিত ছবি “চেমখৰ”এ সাফল্য আজুৰি আনিবলৈ সক্ষম হোৱাৰ পাছতে পুনৰাই আহিছে আন এক সুসংবাদ । ইতিমধ্যে সাম্প্ৰতিক বিশ্বৰ চলচ্ছিত্ৰ জগতত চৰ্চাৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰা চেমখৰ এইবাৰ উজলি উঠিছে অষ্টম ৰাজস্হান আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোসৎৱ চমুকৈ “আৰআইএফএফ”ত ।

কাৰ্যতঃ জনপ্ৰিয় অভিনেত্ৰী তথা ছবি নিৰ্মাতা আইমী বৰুৱাৰ “চেমখৰ”য়ে ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোসৎৱত শ্ৰেষ্ঠ আঞ্চলিক পূৰ্ণ দৈৰ্ঘ্য কাহিনী চিত্ৰ ( Best Regional Feature Film ) আৰু আঞ্চলিক পূৰ্ণ দৈৰ্ঘ্য কাহিনী চিত্ৰৰ শ্ৰেষ্ঠ অভিনেত্ৰী ( Best Actress for Regional Feature Film) সন্মান অৰ্জন কৰিবলৈ সক্ষম হয় ।

বলিউডৰ প্ৰথিতযশা প্ৰযোজক, প্ৰখ্যাত চলচ্ছিত্ৰ নিৰ্মাতা, জনপ্ৰিয় ছবি “তেজাব”ৰ পৰিচালক এন চন্দ্ৰশেখৰে “আৰআইএফএফ”ৰ সামৰণি তথা বঁটা প্ৰদানৰ আকৰ্ষণীয় সাংস্কৃতিক বৰ্ণাধ্য সন্ধিয়াত আইমী বৰুৱাক এই সন্মান আগবঢ়ায় ।

উল্লেখযোগ্য যে ৰাজস্থান দিৱসৰ স’তে সংগতি ৰাখি যোধপুৰৰ যশৱন্ত থাড়া লনত অনুষ্ঠিত এই মহোৎসৱত মুখ্য অতিথি হিচাপে নগৰ নিগম উত্তৰৰ মেয়ৰ কুন্তি দেৱৰা পৰিহৰ উপস্থিত থাকি এনে অত্যাধুনিক আন্তঃৰাষ্ট্ৰীয় মানৰ চলচ্ছিত্ৰ মহোৎসৱ অতি সফল আৰু নিখুতভাৱে আয়োজন কৰা বাবে “আৰআইএফএফ”ৰ উদ্যোক্তালৈ গভীৰ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে ।

ছয় দিনীয়া কাৰ্যসূচীৰে আয়োজিত “আৰআইএফএফ”ত সমাজৰ প্ৰতি বিভিন্ন ইতিবাচক বাৰ্তাবাহক ১০টা ভাষাৰো অধিক ৫৮ খনতকৈয়ো বেছি ছবি প্ৰদৰ্শিত হয় । মহোসৎৱৰ সঞ্চালক সমেন্দ্ৰ হৰ্ষই সদৰী কৰা মতে, “আৰআইএফএফ”ত ১০টা শাখাত ৬০ টাৰো অধিক বঁটা আগবঢ়োৱা হৈছে । তদুপৰি সাতটা বিশেষ বঁটাও এই মহোসৎৱত প্ৰদান কৰা হয় ।

ভাৰতীয় চলচ্ছিত্ৰ জগতলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে ছবি নিৰ্মাতা-পৰিচালক এন চন্দ্ৰক মহোসৎৱৰ সামৰণি অনুষ্ঠানত জীৱনযোৰা সাধনা বঁটা আগবঢ়োৱা হয় । তদুপৰি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ছবিৰ প্ৰখ্যাত অভিনেতা-ছবি নিৰ্মাতা-অভিনেতা-এংকৰ-ফ্লিমষ্টুডিঅ’ৰ সহঃ স্বতাধিকাৰী-গীতিকাৰ-চলচ্ছিত্ৰৰ বাণিজ্যিক বিশ্লেষক-গ্ৰন্থকাৰ ৰণধীৰ কাপুৰ, চাৰ্লছ থমছন, সঞ্জীৱ গোয়েংকা, ছৈয়দ কোৱাদ্ৰী, কমল নাহটা, ৰাহুল ৰাৱালীক বিভিন্ন বঁটাৰে সন্মানিত কৰা হয় ।

নিঃসন্দেহে ছবি নিৰ্মাতা আইমী বৰুৱাৰ সাফল্যৰ ধাৰাবাহিক এই যাত্ৰাই ৰাজ্যৰ ছবি উদ্যোগলৈ আনিছে এক প্ৰত্যাশিত ইতিবাচক বাৰ্তা ।

Exit mobile version