Sri Lanka Unrest : ৰাষ্ট্ৰপতিৰ পদত্যাগৰ দাবীত উত্তাল কলম্বো, আৰক্ষীৰ স’তে সংঘর্ষ, জাৰি সান্ধ্য আইন

বিগত এসপ্তাহ ধৰি ভয়ানক অর্থনৈতিক সংকটৰ সন্মুখীন হৈছে শ্রীলংকা । দেশত ইন্ধনৰ হাহাকাৰ । প্রায় বন্ধ পৰিবহণ । ব্যয় বচাবলৈ ১০-১৩ ঘণ্টা লোডশ্বেডিং কৰা হৈছে দেশজুৰি । ইয়াৰে প্রতিবাদত বৃহস্পতিবাৰে সন্ধিয়া বিক্ষোভমুখী হৈ পৰে কলম্বোৰ জনসাধাৰণ ।

ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষৰ পদত্যাগৰ দাবীত সহস্ৰাধিক লোকে তেওঁৰ বাসভৱনৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে । আৰক্ষীৰ স’তে সংঘর্ষও হয় বিক্ষোভকাৰীসকলৰ । পৰিস্থতি নিয়ন্ত্ৰণ কৰিবলৈ প্রাথমিকভাৱে ব্যর্থ হয় আৰক্ষী । বিক্ষোভ ৰোধ কৰিবলৈ বিশেষ টাস্ক ফ’ৰ্চ মোতায়েন কৰিবলৈ বাধ্য হয় প্রশাসন । এই ঘটনাত এগৰাকী মহিলাসহ মুঠ ৪৫ জনক গ্রেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীৰ এক মুখপাত্র‌ই জনাইছে ।

তেওঁ আৰু কয়, ‘‘যোৱা নিশা মিৰিহানা, নুগেগোডাত বিক্ষোভৰ পাছত এজন এএছপিসহ পাঁচ আৰক্ষী বিষয়া আহত হৈছে আৰু তেওঁলোকৰ হাস্পাতালত চিকিৎসা কৰা হৈছে । আৰক্ষীৰ এটা বাছ, এটা জিপ, দুটা মটৰচাইকেল জ্বলাই দিয়া হৈছে । ক্ষতিগ্রস্ত হৈছে এটা পানীকামান ।’’ এই ঘটনাৰ পাছত কলম্বোৰ বিভিন্ন স্থানত সান্ধ্য আইন জাৰি কৰা হৈছে ।

স্বাধীনতা পৰশর্তী সময়ত এইটোৱে শ্রীলংকাৰ আটাইতকৈ বেয়া অর্থনৈতিক সংকট বুলি ধাৰণা কৰা হৈছে । বিগত কিছু সপ্তাহ ধৰি দেশত খাদ্য, প্রয়োজনীয় সামগ্ৰী, ইন্ধন আৰু গেছৰ ব্যাপক নাটনিয়ে দেখা দিছে ।

বৃহস্পতিবাৰে ডিজেলৰ নাটনিৰ বাবে সমগ্ৰ দেশত ১৩ ঘণ্টাৰ বাবে বিদ্যুৎ সৰবৰাহ বন্ধ কৰা হয় । বিদ্যুৎ সৰবৰাহ বন্ধ হোৱাৰ বাবে ক্ষতিগ্রস্ত হয় চিকিৎসা সেৱাও । হাস্পাতালত বন্ধ হৈ যায় অস্ত্রোপচাৰ ।

এইবোৰৰ প্রতিবাদত সন্ধিয়া, ৰাষ্ট্ৰপতিৰ গৃহৰ কাষত বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ সহস্ৰাধিক লোক একত্ৰিত হয় । ৰাষ্ট্ৰপতি আৰু তেওঁৰ পৰিয়ালে দেশ ত্যাগ কৰাৰ দাবীতো সৰৱ হয় বিক্ষোভকাৰীসকল । অৱশ্যে বিক্ষোভ চলাৰ সময়ছোৱাত ৰাষ্ট্ৰপতি বাসভৱনত নাছিল বুলিও জানিব পৰা গৈছে ।

গোতাবায়াসহ, ৰাজাপক্ষ পৰিয়ালৰ সদস্যসকলে বিত্তমন্ত্রণালয়সহ চৰকাৰৰ একাধিক গুৰুত্বপূর্ণ মন্ত্রণালয়ৰ দায়িত্বত আছে । সেয়ে ৰাজাপক্ষ পৰিয়ালকেই এই অর্থনৈতিক মন্দাৰ বাবে দোষাৰোপ কৰিছে সাধাৰণ জনগণে ।

Exit mobile version