India Coronavirus: দেশত সামান্য বৃদ্ধি পালে কৰ’না সংক্ৰমণ

1641998347 corona test

যোৱা কিছুদিনৰ তুলনাত দেশত সামান্য বৃদ্ধি পালে কৰ’না সংক্ৰমণ । যোৱা ২৪ ঘণ্টাত, ভাৰতত কৰ’নাত আক্ৰান্ত হ’ল এক হেজাৰ ২৬০ জন । দেশত মুঠ কৰোনা ৰোগীৰ সংখ্যা হৈছে ৪,৩০,২৭,০৩৫।

ইয়াৰ উপৰিও, যোৱা ২৪ ঘণ্টাত দেশত ক’ভিডৰ ফলত মুঠ ৮৩ জন লোকৰ মৃত্যু হৈছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ ক’ভিড বুলেটিন অনুসৰি, দেশত সক্ৰিয় ৰোগীৰ সংখ্যা হ্ৰাস পাইছে। দৈনিক সংক্ৰমণৰ হাৰ ০.২৪ শতাংশ।

আনহাতে, কৰ’নাৰ পৰা সুস্থ হৈ উঠা হাৰ এতিয়া ৯৮.৭৬ শতাংশ। যোৱা ২৪ ঘণ্টাত, এক হেজাৰ ৪০৪ জন লোক কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে।

শুক্ৰবাৰে, দেশজুৰি ৫,২৮,০২১ টা নমুনা পৰীক্ষা কৰা হৈছিল। এতিয়ালৈকে দেশত ১৮৪.৫২ কোটি কৰ’না ভেকছিন দিয়া হৈছে।

Exit mobile version