ক’ভিডোত্তৰ কালত বিলাস বহুল গাড়ীৰ সমাদৰ বাঢ়িছে ভাৰতত

লেম্বৰঘিনীৰ বিক্ৰী একেকোবে বাঢ়িল ৮৬ শতাংশ !

front left side 47

বিগত দুটা বছৰত কৰ’নাৰ সংহাৰে ভাৰতীয় অৰ্থনীতিৰ বাবে যি বিপৰ্যয় মাতি আনিলে তাক চৰকাৰ বা সৰ্বসাধাৰণ কোনেও পাহৰিব পৰা নাই । বিশেষকৈ ২০২১ত প্ৰথমে ডেল্টা আৰু বছৰটোৰ শেষভাগত অ’মিক্ৰন প্ৰকাৰে যিদৰে এটাৰ পাছত আনটো ক’ভিড শ্বক দিছিল তাৰ পাছত দেশৰ মধ্যবিত্ত শ্ৰেণীটোৰ আৰ্থিক অৱস্থা বাৰুকৈয়ে প্ৰভাৱিত হৈছে । বহুত মানুহে চাকৰি হেৰুৱাইছে ।

কে’বাটাও অধ্যয়নে দাবী কৰিছে যে ক’ভিডোত্তৰ কালত ভাৰতীয়সকলৰ উপাৰ্জন হ্ৰাস পাইছে । কিন্তু ইমানৰ পাছতো, বিলাসী গাড়ীৰ প্ৰতি ভাৰতীয়সকলৰ আকৰ্ষণ তিলমানো হ্ৰাস পোৱা নাই । শেহতীয়াকৈ বিলাসী গাড়ী নিৰ্মাতা সংস্থা লেম্পৰঘিনীয়ে এক বিবৃতিযোগে সদৰী কৰিছে যে ক’ভিডোত্তৰ কালতো ভাৰতত ইয়াৰ ব্যৱসায় থমকি ৰ’বলগীয়া হোৱা নাই ।

স্মৰ্তব্য, লেম্বৰঘিনীয়ে ২০০৭তে ভাৰতত ইয়াৰ ব্যৱসায় আৰম্ভ কৰিছিল । ইটালীৰ কোম্পানীটোৱে বিগত বছৰটোত ৪০০ খন গাড়ী বিক্ৰী কৰাৰ মাইলৰ খুঁটি স্পৰ্শ কৰিছে । লেম্বৰঘিনীৰ মতে, ২০২০ৰ তুলনাত ২০২১ত ভাৰতত কোম্পানীটোৰ গাড়ী বিক্ৰী প্ৰায় ৮৬ শতাংশ বৃদ্ধি পাইছে ।

বিশ্বৰ দ্ৰুততম এছ‌ইউভি হিচাপে খ্যাতি অৰ্জন কৰা উৰুছ নামৰ মডেলখন ভাৰতীয় বজাৰত সৰ্বাধিক বিক্ৰী হৈছে বুলি কোৱা হৈছে বিবৃতিত । উৰুছৰ উপৰি কোম্পানীটোৰ স্প’ৰ্টছ কাৰ হুৰাকান ভাৰতত পৰ্যাপ্ত পৰিমাণে বিক্ৰী হৈছে ।

উল্লেখ্য যে লেম্বৰঘিনীৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া ষ্টিফান ৱিঙ্কেলমেনে ভাৰতীয় বজাৰক যথেষ্ট সম্ভাৱনাময় বজাৰ বুলি অভিহিত কৰি ব্যৱসায়িক সম্প্ৰসাৰণৰ ইংগিত দিছিল । কোম্পানীটোৱে অলপতে বাংগালুৰু, দিল্লী আৰু মুম্বাইত নতুন শ্ব’ৰূম মুকলি কৰিছে ।

Exit mobile version