দেশত ১২১ বছৰীয়া গৰমৰ অভিলেখ ভাঙিল মাৰ্চত, অধিক বিপদ আসন্ন

1585687909 2165

উষ্ণতম মাৰ্চ মাহ দেখা পালে ভাৰতে । বিগত ১২১ বছৰৰ ইতিহাসত মাৰ্চত সৰ্বাধিক গৰমে চুই গ’ল দেশবাসীক । বতৰ বিজ্ঞান বিভাগৰ প্ৰতিবেদনত এই কথা জনোৱা হৈছে ।

প্ৰতিবেদনত দিয়া তথ্য অনুসৰি, স্বাভাৱিক সৰ্বোচ্চ তাপমাত্ৰাতকৈ গড়ে ১.৮৬ ডিগ্ৰী ছেলচিয়াছ বেছি আছিল চলিত বৰ্ষৰ মাৰ্চৰ গড় সৰ্বোচ্চ তাপমাত্ৰা । গড় সৰ্বনিম্ন তাপমাত্ৰা আছিল স্বাভাবিকতকৈ ১.৩৭ ডিগ্ৰী ছেলচিয়াছ বেছি ।

ইয়াৰ পূৰ্বে জানুৱাৰীৰ আৰম্ভণিতে বতৰ বিজ্ঞান বিভাগৰ প্ৰতিবেদনে জনাইছিল যে ১৯০১ৰ পৰা বিগত ১২০ বছৰৰ ইতিহাসত ২০২১ আছিল ভাৰতৰ পঞ্চম উষ্ণতম বছৰ । মাৰ্চত বতৰৰ গতিপ্ৰকৃতি দেখি একাংশ পৰিৱেশবিদে অনুমান কৰিছে যে চলিত বছৰটোৱে উষ্ণতাৰ নতুন অভিলেখ গঢ়িব পাৰে ।

কেৱল উষ্ণতা বৃদ্ধিয়েই নহয়, বছৰৰ আৰম্ভণিতে দেশত উদ্বেগজনকভাৱে কম বৃষ্টিপাত হৈছে । বতৰ বিজ্ঞান বিভাগে জনাইছে যে দেশজুৰি মাৰ্চত বৰষুণৰ অভাৱ হয় প্ৰায় ৭১ শতাংশ । বিগত ১১৪ বছৰত ইয়াতকৈ কম বৰষুণৰ দৃষ্টান্ত আছিল মাত্ৰ দুবাৰ ।

এনে পৰিস্থিতি কৃষিক্ষেত্ৰৰ বাবে উদ্বেগজনক বুলিয়ে গণ্য কৰা হৈছে । সচৰাচৰ মাৰ্চত সমগ্ৰ দেশত গড়ে ৩০.৪ মিলিমিটাৰ বৰষুণ হয় । অথচ এইবাৰ মাৰ্চত মাত্ৰ ৮.৯ মিলিমিটাৰ বৰষুণ হৈছে । ইয়াৰ পূৰ্বে ১৯০৮ৰ মাৰ্চত দেশত ৮.৯ মিলিমিটাৰ বৰষুণ হৈছিল । ১৯০৯ৰ মাৰ্চত হৈছিল ৭.২ মিলিমিটাৰ ।

Exit mobile version