Petrol-Diesel Price Hiked : বিৰামহীন মূল্যবৃদ্ধি, দুসপ্তাহৰ কম সময়ত লিটাৰত আঠ টকা বাঢ়িল পেট্রল-ডিজেলৰ দাম

fuelpetroldiesel

অব্যাহত ইন্ধনৰ মূল্যবৃদ্ধি । দুসপ্তাহত লিটাৰত মুঠ আঠ টকা বাঢ়িল পেট্রল আৰু ডিজেলৰ দাম । দেওবাৰে ৰাজধানী দিল্লীত লিটাৰ প্রতি ৮০ প‌ইচা বাঢ়ি পেট্রলৰ দাম হৈছে ১০৩ টকা ৪১ প‌ইচা । ডিজেলৰ দাম বাঢ়ি হ’ল ১০২ টকা ৬১ প‌ইচা ।

অসমত আৰু মহার্ঘ হ’ল পেট্র’পণ্য । দেওবাৰে প্রতি লিটাৰত পেট্রলৰ দাম হৈছে ১০৪ টকা ১৭ প‌ইচা । ডিজেলৰ দামো চেঞ্চুৰি স্পৰ্শ কৰাৰ পথত । ৮৯ টকা ৯৬ প‌ইচা । প্রতি ৰাজ্যতেই ঊর্ধ্বমুখী ইন্ধনৰ মূল্য ।

পাঁচ ৰাজ্যৰ ভোট শেষ হোৱাৰ পাছতেই আৰম্ভ হয় পেট্রল-ডিজেলৰ মূল্যবৃদ্ধি । ২২ মার্চৰ পৰা এই লৈ ১১ বাৰ বাঢ়িল তেলৰ দাম ।

Exit mobile version