GDP : ২০২২-২৩ বিত্তীয় ‌বৰ্ষত দেশত জি ডি পিৰ হাৰ ৭.৪ শতাংশ হ’ব : ফিক্কী

gdp2 1200 080621072102

ফিক্কীৰ ‘ইকন’মিক আউটলুক’ সমীক্ষাৰ তথ্য অনুসৰি ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জি ডি পি)ৰ বিকাশৰ হাৰ ৭.৪ শতাংশ হোৱাৰ ‌সম্ভাৱনা আছে ।

ফিক্কীয়ে এই প্ৰতিবেদনত উল্লেখ কৰা মতে, ৰাছিয়া আৰু ইউক্রেইনৰ সংঘৰ্ষৰ ফলত হোৱা ব্যাপক মূল্যবৃদ্ধিৰ পৰিণতিত গোলকীয় বিত্তীয় সংস্কাৰ সাধন কৰাটো নতুন বিত্তীয় বৰ্ষত যথেষ্ট প্ৰত্যাহ্বানমূলক হ’ব ।

ফিক্কীয়ে এই সমীক্ষাত ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে দেশৰ জি ডি পি বিকাশৰ গড় হাৰ ৭.৪ শতাংশ নিৰ্ধাৰণ কৰাৰ লগতে জি ডি পিৰ সৰ্বনিম্ন আৰু সৰ্বোচ্চ ‌হাৰ ক্ৰমে ছয় শতাংশ আৰু ৭.৮ শতাংশ নিৰ্ধাৰণ কৰিছিল ।

Exit mobile version