১০ মার্চত পাঁচ ৰাজ্যৰ বিধানসভাৰ ফলাফল প্ৰকাশ হয় । তেতিয়া মুখ থেকেচা খায় কংগ্রেছে (Congress) । আৰু এবাৰ ব্যর্থ হ’ল ৰাহুল গান্ধী ( Rahul Gandhi ) । প্রথমবাৰ দলক সন্মুখৰ পৰা নেতৃত্ব দি উত্তৰপ্রদেশত চৰম অসফল হ’ল প্রিয়ংকা গান্ধীও । আৰু অন্ধকাৰত দেশৰ গ্ৰেণ্ড অ’ল্ড পার্টি ! প্ৰশ্ন উত্থাপিত হয় যে, কংগ্রেছৰ ভৱিষ্যৎ কি ? মোদীৰ ‘কংগ্রেছ মুক্ত ভাৰতৰ’ আহ্বান সফল হ’ব নেকি ?
ঐক্যবদ্ধ হৈ আগবঢ়াৰ আহ্বান জনালে ছনিয়া গান্ধীয়ে
এনে পৰিস্থিতিত আজি পুনৰ কংগ্রেছক ঐক্যবদ্ধ হৈ আগবঢ়াৰ আহ্বান জনালে নেত্রীয়ে ( Sonia Gandhi ) । কংগ্রেছৰ সংসদীয় দলৰ বৈঠকত কংগ্রেছৰ পুনৰুত্থান কেৱল কংগ্রেছৰ নহয়, দেশৰ গণতন্ত্রৰ বাবে জৰুৰী । ক’লে ছনিয়াই ।
তেওঁ সদস্যসকলক উদ্দেশ্যি কয়, ‘আমি প্রতিৰোধ ক্ষমতা প্রৱল পৰীক্ষাৰ সন্মুখীন হ’ম । কেন্দ্রৰ শাসক দলে লক্ষ্য কৰি লৈছে বিৰোধীসকলক । ‘ বৈঠকত মোদী চৰকাৰৰ বিৰুদ্ধে অভিযোগ ছনিয়াৰ ।
ছনিয়াই কয়, ‘হুমকি দিয়াৰ এই ৰণকৌশলত ভীত নহয় কংগ্রেছ । আমাক চুপ কৰাব নোৱাৰিব । ৰাজ্যই ৰাজ্যই বিভেদ সৃষ্টি কৰাৰ কর্মসূচী লৈছে বিজেপিয়ে । ইতিহাসক বিকৃত কৰিছে তেওঁলোকে ।’ সকীয়নি কংগ্রেছ সভানেত্রীৰ ।
আগতকৈ অধিক প্ৰত্যাহ্বানমূলক
পাঁচ ৰাজ্যৰ বিধানসভাৰ ফলাফলক “আশ্চর্জনক আৰু বেদনাদায়ক” বুলি কয় তেওঁ । কংগ্রেছ সভানেত্রীয়ে মঙলবাৰে কয়, দলৰ বাবে আগৰ পথ “আগতকৈ অধিক প্ৰত্যাহ্বানমূলক, দলৰ নিষ্ঠা, সংকল্প আৰু চেতনাৰ পৰীক্ষা হ’ব আগন্তুক সময়ত ।”