চলিত মাহতে ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী

borishjohnson 1649142710

ব্রিটেইনৰ প্ৰধানমন্ত্রী বৰিছ জনছনে চলিত মাহৰ শেষৰ ফালে ভ্রমণার্থে ভাৰতলৈ আহিব। ব্রিটিছ প্রধানমন্ত্রী ভাৰত ভ্রমণ কেবাটাও দিশৰ পৰা গুৰুত্বপূর্ণ বিবেচিত হৈছে।

ADVERTISEMENT

২০২১ বৰ্ষৰ জানুৱাৰী আৰু এপ্রিলতাে জনছনে ভাৰত ভ্রমণ কৰাৰ কথা আছিল যদিও ক’ভিড পৰিস্থিতিত উক্ত ভ্রমণসূচী স্থগিত ৰখা হৈছিল।

ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে ২০২১ৰ নৱেম্বৰত স্কটলেণ্ডৰ গ্লাছগুত অনুষ্ঠিত হােৱা কপ২৬ সন্মিলনত অংশ লােৱাৰ সময়তে জনছনক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্রণ দিছিল।

ব্রিটিছ প্রধানমন্ত্রী কার্যালয়ে প্রকাশ কৰা অনুসৰি এপ্রিলৰ অন্তিম ভাগত জনছনে ভাৰত ভ্ৰমণ কৰিব।

Exit mobile version