তুলসীবিলৰ টেংনাৰভিটাত অংগনবাড়ী গৃহৰ আধাৰশিলা স্থাপন বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ

WhatsApp Image 2022 04 06 at 6.51.06 PM

আজি কোকৰাঝাৰ জিলাৰ তুলসীবিলৰ টেংনাৰভিটাত অংগনবাড়ী কেন্দ্ৰৰ গৃহৰ আধাৰশিলা স্থাপন কৰে ২৯ নং পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে ।

ADVERTISEMENT

উক্ত অনুষ্ঠানত উপস্থিত থাকে গোসাঁইগাঁও আই চি ডি এছৰ চি ডি পি অ’, ছুপাৰভাইজাৰসকল, কন্সট্রাকছন কমিটীৰ সম্পাদক/সদস্য, গোসাঁইগাঁও উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, অভিযন্তাসকল, গাঁওবুঢাৰ লগতে ৰাইজসকল ।

উক্ত অনুষ্ঠানত উপস্থিত থাকি বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে কয় যে অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে মডেল অংগনবাড়ী গৃহৰ আধাৰশিলা স্থাপন কৰা হৈছে । এই অংগনবাড়ী গৃহৰ জৰিয়তে শিশুসকলক পুষ্টিকৰ খাদ্য আৰু প্ৰাথমিক শিক্ষা প্ৰদান কৰি অসমখনক উন্নতিৰ ক্ষেত্রত আৰু এখোজ আগবঢ়াই লৈ যাব সদৰী কৰে ।

লগতে বিধায়কজনে সকলো ৰাইজকে উক্ত কামটোত সহায় সহযোগিতা কৰিবলৈ আহ্বান জনায় ।

Exit mobile version