ফাতেমাবাদ চাহ বাগিচাত তৃতীয় দিনাও চাহ শ্ৰমিকৰ প্ৰতিবাদ

জালান হাটাও বাগান বচাও কাৰ্যসূচী ৰূপায়ণ

আজি তৃতীয় দিনাও ধৰ্ণা-প্ৰতিবাদেৰে উত্তাল হৈ পৰিল বাগসাৰ শালবাৰীৰ ফাতেমাবাদ চাহ বাগিচাৰ কাৰ্যালয় চৌহদ ৷

ADVERTISEMENT

আজি ৰাতিপুৱাই বাগিচাখনৰ মালিক ৰাজেশ জালানৰ বিৰুদ্ধে ভাৰতীয় চাহ মজদুৰ সংঘৰ নেতৃত্বত ফাতেমাবাদ চাহ বাগিচাৰ চাহ শ্ৰমিকসকলে পূৰ্বে অৱসৰ দিয়া চাহ শ্ৰমিকক প্ৰাপ্য আদায় দিয়া, অবৈধভাৱে চাহ বাগিচাৰ মাটি বন্ধকত দিয়া বন্ধ কৰা, বাগিচাৰ গছ কাটি বিক্ৰী কৰা বন্ধ কৰা, শ্ৰমিকৰ ২৯ লক্ষাধিক এৰিয়াৰ টকা শীঘ্ৰে আদায় দিয়া, শ্ৰমিকৰ পিএফ টকাৰ খেলিমেলি বন্ধ কৰা, শ্ৰমিক আইন অনুযায়ী সকলো প্ৰাথমিক সুবিধা শ্ৰমিকক আদায় দিয়াকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ৷

উল্লেখ্য যে বাগিচাখনত মালিক ৰাজেশ জালানে একনায়কত্ববাদ চলোৱাৰ অভিযোগ তুলি চাহ শ্ৰমিকসকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷

Exit mobile version