মূল্যবৃদ্ধিৰ প্ৰতিবাদত চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ

WhatsApp Image 2022 04 06 at 6.50.11 PM

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাই চন্দ্ৰপুৰ বেংক তিনিআলি প্ৰাংগনত অত্যাৱশ্যকীয় সামগ্ৰী, খাদ্য সামগ্ৰী, পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ।

প্ৰতিবাদকাৰীসকলে মূল্য বৃদ্ধি ৰোধ কৰক, পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় !হায় !, যোগান মন্ত্ৰী ৰঞ্জিত দাস হায় হায়, অসম চৰকাৰ হায় হায় আদি শ্লোগানৰে চন্দ্ৰপুৰৰ আকাশ বতাহ উত্তোল কৰি তোলে ।

বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক টুটুমনি কলিতাই কয় যে মূল্যবৃদ্ধিয়ে সৰ্বাসাধাৰণ জনতাক জুৰলা কৰিছে‌ । কিন্তু চৰকাৰখনে ৰাইজক সকাহ দিবৰ বাবে যেনেধৰণৰ প্ৰদক্ষেপ গ্ৰহণ কৰিব লাগিছিল তেনে প্ৰদক্ষেপ আমি দেখিবলৈ পোৱা নাই। বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মূল্যবৃদ্ধিৰ জৰিয়তে সাধাৰণ জনতাক শোষণ কৰিছে । এই কথা ছাত্ৰ সন্থাই সহ্য নকৰে । মূল্যবৃদ্ধি ৰোধ নহয় মানে আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব ।

ইপিনে, এক প্ৰেছ বিবৃতি জৰিয়তে চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিতুল কলিতা আৰু সাধাৰণ সম্পাদক সৌৰভ দাসে কয় যে মূল্য বৃদ্ধি ৰোধ কৰাত বিজেপি নেতৃত্বাধীন অসম চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে । ভোট বেংক সুৰক্ষিত কৰাৰ স্বাৰ্থত বিভিন্ন আঁচনিৰে হিতাধীকাৰী সৃষ্টি কৰাৰ ফল সাধাৰণ জনতাই ভুগিব লগা হৈছে । আজিৰ এই বিক্ষোভ কাৰ্যসূচীৰ অসম চৰকাৰলৈ স্পষ্ট সকীয়নি অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰক অন্যথা ছাত্ৰ সন্থাই পৰৱৰ্তী সময়ত ৰাইজৰ লগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব ।

আজিৰ এই বিক্ষোভ কাৰ্যসূচীত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক টুটুমণি কলিতা, উপ-সভাপতি ৰমেন ঠাকুৰীয়া, সহকাৰী সাধাৰণ সম্পাদক বিপজ্যোতি মালাকৰ, শিক্ষা সম্পাদক মৃদুল কুমাৰ দাস, কাৰ্যনিৰ্বাহক সদস্য চানবলী মাহতু, দিপজ্যোতি দাস, চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিতুল কলিতা, সাধাৰণ সম্পাদক সৌৰভ দাসকে প্ৰমুখ্য কৰি দুই শতাধিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

Exit mobile version