Russia Ukraine War : মনৰ শান্তিৰ বাবে মানুহক হত্যা কৰিছে, ৰাষ্ট্ৰসংঘত ৰাছিয়াক বহিষ্কাৰৰ দাবী জেলেনস্কিৰ

1649234579 zelensky

img

কেৱল মনৰ আনন্দ পাবলৈ ইউক্রেইনত সাধাৰণ নাগৰিকক হত্যা কৰিছে ৰুছ সেনাই । মঙলবাৰে ৰাষ্ট্ৰসংঘত এই অভিযোগ কৰিলে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিয়ে । লগতে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ বা ইউএনএছচিৰ পৰা ৰাছিয়াক বহিষ্কাৰৰ দাবী কৰিলে ।

বুচাত সাধাৰণ মানুহক হত্যাৰ অভিযোগ তুলি জেলেনস্কিয়ে কয়, ‘‘মানুহৰ নিজৰ ঘৰত, ফ্লেটৰ ভিতৰত হত্যা হৈছে… পথত গাড়ী লৈ ওলালে টেংকাৰে মহতীয়াই দিয়ে । মনৰ শান্তিৰ বাবে কৰিছে তেওঁলোকে (ৰাছিয়া) ।’’ ইয়াতেই স্তব্ধ নহয় তেওঁ ।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত ভিডিঅ’ বক্তৃতাত ইউক্রেইন ৰাষ্ট্ৰপতিয়ে আৰু কয়, ‘‘তেওঁলোক (ৰুছ বাহিনী) সম্পূৰ্ণ পৰিয়ালক হত্যা কৰিছে । বয়স্কসকলকো মাৰিছে, শিশুসকলকো মাৰিছে । তাৰ পাছত জ্বলাই প্রমাণ মছাৰ চেষ্টা কৰিছে ।’’

ইয়াৰ পাছত প্ৰত্যাহ্বানৰ সুৰত তেওঁ কয়, ইউক্রেইনত ৰাছিয়াৰ আক্রমণ ৰোধ কৰাৰ কোনো পন্থা যদি নিৰাপত্তা পৰিষদৰ হাতত নাথাকে, তেনেহ’লে আৰু আলোচনা কৰি লাভ নাই । কাৰণ, তেওঁ আৰু আলোচনাত নহয়, কামত আস্থাশীল । কয়, ‘‘ক’ত শান্তি ? ৰাষ্ট্ৰসংঘ‌ই যি প্রতিশ্রুতি দিছিল, তাৰ কি হ’ল ?’’ ৰাষ্ট্ৰসংঘ‌ই জনাইছে, ৰাছিয়া আক্রমণৰ পাছত ৰাছিয়াত ৩,৪০০ মানুহৰ হত্যা কৰা হৈছে । যাৰ ভিতৰত আছে ১২১টি শিশু । ৰাছিয়াক ‘হত্যাকাৰী’, ‘ধর্ষণকাৰী’ বুলি কটাক্ষ কৰিছে জেলেনস্কিয়ে । আনহাতে, নেটোৰ ছেক্রেটাৰী জেনেৰেল জেন্স ষ্টলটেনবার্গ ইউক্রেইন-ৰাজধানী কিয়েভৰ আশে-পাশে সাধাৰণ মানুহৰ হত্যাৰ বাবে প্ৰত্যক্ষভাৱে ৰাছিয়াকে দোষাৰোপ কৰে ।

Exit mobile version