কেলিফৰ্ণিয়াৰ ইণ্ডিছ ফিল্ম এণ্ড স্ক্ৰীপট মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা লাভ ‘চিলড্ৰেন অৱ গড’ৰ

কে’বাখনো ব্যতিক্ৰমী তথ্যচিত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠা নগাঁৱৰ সু সন্তান, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাই পুনৰবাৰ এক সুনাম কঢ়িয়াই আনিলে ৰাজ্য খনলৈ।

কেলিফ’ৰ্ণিয়াত অনুষ্ঠিত ইণ্ডিছ ফিল্ম এণ্ড স্ক্ৰীপট মহোৎসৱত পাৰ্থজিৎ বৰুৱাই পৰিচালনা কৰা “ দ্যা ছিলড্ৰেন অৱ গড “ নামৰ তথ্যচিত্ৰ খনে লাভ কৰিছে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা।এই খবৰে নগাঁও জিলা বাসীক গৰ্বিত কৰি তুলিছে।

চিলড্ৰেন অৱ গড(ভগৱানৰ সন্তান)নামত তথ্যচিত্ৰ খনৰ পৰিচালক পাৰ্থজিৎ বৰুৱাই আজি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,”কেলিফ’ৰ্ণিয়াৰ মহোৎসৱত চিলড্ৰেন অৱ গড নামৰ মোৰ তথ্যচিত্ৰ খনে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা লাভ কৰাত মই অত্যন্ত সুখী হৈছো। তথ্যচিত্ৰ খনৰ নামকৰণ কৰা হৈছিল চিলড্ৰেন অৱ গড,অসমীয়াত ভগৱানৰ সন্তান।এই তথ্যচিত্ৰ খনৰ বিষয়বস্তু আছিল এল জি বি টি কিউ সম্প্ৰদায়ৰ লোকসকলৰ ওপৰত।আমাৰ সমাজ খনলৈ যদি আমি চাওঁ (অসমীয়া সমাজেই হওঁক বা ভাৰতীয় সমাজেই হওঁক)এল জি বি টি কিউ সম্প্ৰদায়ৰ যি সকল লোক আছে তেওঁ লোকক অবজ্ঞাৰ চকুৰে চোৱা হয়।যদি কোনো এটা ল’ৰাই ছোৱালীৰ নিচিনাকৈ খোজ কাঢ়ে অথবা যদি কোনো এজনী ছোৱালীয়ে ল’ৰাৰ নিচিনাকৈ খোজ কাঢ়ে আমাৰ সমাজৰ লোক সকলে তেওঁলোকক ভাল দৃষ্টিৰে নাচায়।মোৰ তথ্যচিত্ৰ খনত ঈশ্বৰৰ সন্তানৰ মাধ্যমেৰে সমাজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছো।বাৰ্তাটো হ’ল সকলো ঈশ্বৰৰ সন্তান।এই সম্প্ৰদায়ৰ লোক সকলক আমি কতোৱেই তাচ্ছিল্য কৰা উচিত নহয়।”

এই তথ্যচিত্ৰ খন কেৰেলাত চলি থকা আন্তঃৰাষ্ট্ৰীয় চায়েন্স ফিল্ম ফেষ্টিভেলতো ডকুমেন্টৰী শাখাত প্ৰদৰ্শিত হোৱাৰ লগতে যথেষ্ট সমাদৃত হোৱা বুলি বৰুৱাই জনাইছে।

Exit mobile version