চাপৰত নিশা ভংয়কৰ পথ দুৰ্ঘটনা, নিহত তিনি

road accident

চাপৰত নিশা ভংয়কৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।

দুৰ্ঘটনাৰ ফলত থিতাতে প্ৰাণ গ’ল তিনি যুৱকৰ ।

চাপৰৰ মৌৱাটাৰীত এই ভয়ংকৰ পথ দুৰ্ঘটনা ।

বাইক আৰু টেইলৰৰ মাজত হোৱা এই ভয়াবহ দুৰ্ঘটনাটোত থিতাতে নিহত হয় তিনিজন ।

নিহত তিনিজন ক্ৰমে কংকণ অধিকাৰী, জিতু ৰায় আৰু মমেন ৰায় ।

ইয়াৰে মৃত কংকণ অধিকাৰীৰ বিবাহ হোৱা এমাহো সম্পূৰ্ণ হোৱা নাই ।

যোৱা ১০ মাৰ্চত তেওঁ বিবাহ পাশত আবদ্ধ হৈছিল ।

দুৰ্ঘটনাত নিহত তিনিওজন যুৱকৰ ঘৰ চাপৰৰ সত্যপুৰত ।

মাহ-হালধীৰ গোন্ধ মাৰ নৌযাওঁতেই এইদৰে দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটিবলগীয়া হোৱা কংকণৰ লগতে আন দুই যুৱকৰ অকাল মৃত্যুত সমগ্ৰ চাপৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে ।

নিহত যুৱক তিনিজন চাপৰৰ পৰা এখন মটৰ চাইকেলতে নিজ গৃহলৈ উভতাৰ সময়তে WB 65 D 6810 নম্বৰৰ টেইলৰখনত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ।

Exit mobile version