নৱনিৰ্মিত বৰপেটা কৰ্কট চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ,

3840e397 849d 4c0d b5bb 554c4b92a870

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি নৱনিৰ্মিত বৰপেটা কৰ্কট চিকিৎসালয় পৰিদৰ্শন কৰে। দুপৰীয়া গুৱাহাটীৰ পৰা গৈ বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় চৌহদতে নিৰ্মাণ কৰা কৰ্কট চিকিৎসালয়খনত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে চিকিৎসালয়খন উদ্বোধন বিষয়ক অন্তিম পৰ্যায়ৰ প্ৰস্তুতিৰ বুজ লয়।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ পৰা একেলগে উদ্বোধন কৰিব লগা ৰাজ্যৰ সাত খন নৱনিৰ্মিত কৰ্কট চিকিৎসালয়ৰ ভিতৰৰে এখন বৰপেটাৰ কৰ্কট চিকিৎসালয়খন।

স্বাস্থ্যমন্ত্ৰীৰ আজিৰ পৰিদৰ্শনকালত বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰ, এচিচিএফৰ প্ৰকল্প সঞ্চালক গৌতম চিন্তে, এচিচিএফৰ চিকিৎসা সঞ্চালক ডাঃ কানন, নিৰ্মাণকাৰী সংস্থা এলএণ্ডটিৰ অসমৰ প্ৰকল্প মূৰব্বী অঞ্জন মহাপাত্ৰ, এলএণ্ডটিৰ প্ৰকল্প অভিযন্তা জয় শংকৰস্বৰণ উপস্থিত থাকে।

পাছত স্বাস্থ্যমন্ত্ৰী মহন্তই নৱনিৰ্মিত কৰ্কট চিকিৎসালয়খনতে বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষালৰ লগতে বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, এচিচিএফ আৰু এলএণ্ডটিৰ কাৰ্যবাহীকেইগৰাকীৰ সৈতে ২৮ এপ্ৰিলত ডিব্ৰুগড়ত হ’ব লগা একত্ৰিত উদ্বোধনী অনুষ্ঠানৰে সংগতি ৰাখি একে সময়তে বৰপেটা কৰ্কট চিকিৎসালয়তো স্থানীয় ভাৱে জিলাবাসী ৰাইজৰ উপস্থিতিত এক শুভাৰম্ভণি অনুষ্ঠান আয়োজনৰ বিষয়েও আলোচনা কৰে।

উল্লেখ্য যে, বৰপেটা কৰ্কট চিকিৎসালয়ত ইতিমধ্যে কৰ্কটৰোগৰ বিশেষজ্ঞ চিকিৎসক, প্ৰশিক্ষিত নাৰ্ছ আদিয়ে যোগদান কৰিছে। আনুষ্ঠানিক উদ্বোধনৰ পাছতে অহা ২৯ এপ্ৰিলৰ পৰাই চিকিৎসালয়খনত কৰ্কট ৰোগীৰ পৰীক্ষা, কেমোথেৰাপী আদি নিয়মীয়াকৈ আৰম্ভ হ’ব।

ইফালে, বৰপেটাৰ পাছতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বিয়লি নলবাৰীত নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা কৰ্কট চিকিৎসালয়ৰ স্থানো পৰিদৰ্শন কৰে। নিৰ্মীয়মান নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় চৌহদতে এই নতুন কৰ্কট চিকিৎসালয় নিৰ্মাণৰ বাবে ইতিমধ্যে স্থান চুড়ান্ত কৰা হৈছে।

অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ একেটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদীয়ে নলবাৰী কৰ্কট চিকিৎসালয়কে ধৰি ৰাজ্যত নিৰ্মাণ কৰিবলৈ লোৱা সাতখন নতুন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব।

উল্লেখ্য যে, অসম চৰকাৰে টাটা ট্ৰাষ্টৰ সহযোগিতাত ৰাজ্যৰ কৰ্কট আক্ৰান্ত লোকসকলক সকাহ দিব পৰাকৈ অসমতে কৰ্কট ৰোগ চিকিৎসাৰ অত্যাধুনিক আন্তঃগাঠনি বিকশিত কৰিবলৈ লোৱা দূৰদৰ্শী প্ৰয়াসৰ অংশ হিচাপে ৰাজ্যত প্ৰথম পৰ্যায়ত দহখন কৰ্কট চিকিৎসালয় নিৰ্মাণৰ ব্যৱস্থা কৰে।

ৰাজ্য চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত গঠন কৰা অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন (এচিচিএফ)ৰ অধীনত পৰিচালিত হ’ব লগা এই কৰ্কট চিকিৎসালয়ৰ ভিতৰৰে সাতখনৰ নিৰ্মাণকাৰ্য ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ডিব্ৰুগড়, বৰপেটা, যোৰহাট, তেজপুৰ, লখিমপুৰ, দৰং আৰু কোকৰাঝাৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱা এই সাতখন কৰ্কট চিকিৎসালয় অহা ২৮ এপ্ৰিলত ডিব্ৰগড় কৰ্কট চিকিৎসালয়ৰ পৰা প্ৰধানমন্ত্ৰীয়ে একত্ৰে উদ্বোধন কৰিব।

আনহাতে, নিৰ্মীয়মান অৱস্থাত থকা আন তিনিখন কৰ্কট চিকিৎসালয় (শিলচৰ, ডিফুৰ লগতে গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান)ৰ নিৰ্মাণ কাৰ্যও চলিত বছৰৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব। ইফালে, এচিচিএফৰ অধীনত দ্বিতীয় পৰ্যায়ত নলবাৰীৰ উপৰি তিনিচুকীয়া, গোলাঘাট, শিৱসাগৰ, নগাঁও, গোৱালপাৰা আৰু ধুবুৰীত সাতখন নতুন কৰ্কট চিকিৎসালয় নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। এই নতুন কৰ্কট চিকিৎসালয়কেইখনৰো ডিব্ৰুগড়ৰ অনুষ্ঠানৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰ্চুৱেল পদ্ধতিৰে একেলগে আধাৰশিলা স্থাপন কৰিব।

Exit mobile version