প্ৰতিষ্ঠাৰ চাৰিটা বছৰত ১৩ হেজাৰ কোটিৰ গৰাকী হ’ল ‘ডীলশ্বেয়াৰ’

ষ্টাৰ্ট‌আপ খণ্ডত দেশৰ ভিতৰতে অন্যতম সফল খনিকৰ অসমৰ যুৱক

Screenshot 339

অসমীয়া মাধ্যমত পঢ়াসকলৰ বাবে প্ৰত্যাহ্বান যে বেলেগকৈ নাহে সেই কথা বুজিব লাগিব

‘লক্ষ লক্ষ অসমীয়া ডেকা-গাভৰুৰ দৰে ময়ো সাধাৰণ নিম্ন মধ্যবিত্ত পৰিয়ালত জন্ম লৈছিলো । মোৰ ঘৰ তেজপুৰত । সৰুৰে পৰা ফুটবল খেলি ভাল পাইছিলো । গান শুনিছিলো । এতিয়াও ভাল পাঁও । অৱশ্যেই প্ৰযুক্তিৰ প্ৰতি বিশেষভাৱে আকৃষ্ট আছিলো । অসমীয়া মাধ্যমতে পঢ়িছিলো । স্বাভাৱিকতে ল’ৰালি সাধাৰণভাৱেই পাৰ কৰিছিলো । কোনোদিন কল্পনা কৰা নাছিলো ডাঙৰ হ’লে ম‌ই এদিন ১৩ হেজাৰ কোটি টকাৰ কোম্পানীৰ মালিক হ’ম আৰু হেজাৰ হেজাৰ তেজাল যুৱক-যুৱতীক সৰ্কসংস্থাপন দিম ।’ এই ভাষ্য অসমীয়া উদ্যোগী তথা দেশৰ ষ্টাৰ্ট‌আপ খণ্ড-সামাজিক ই-কমাৰ্চৰ অন্যতম সফল খনিকৰ শংকৰ বৰাৰ ।

সম্প্ৰতি শংকৰ বৰাৰ লগতে তেওঁৰ তিনিগৰাকী সহযোগী ৰাও, চৌৰজ্যেন্দু মেদ্দা আৰু ৰজত শিখৰে প্ৰতিষ্ঠা কৰা ‘ডীলশ্বেয়াৰ’ নামৰ সামাজিক ই-কমাৰ্চ প্ৰতিষ্ঠানটো ১৩ হেজাৰ কোটি টকাৰ মালিক । শেহতীয়াকৈ আবু ধাবি বিনিয়োগ প্ৰাধিকৰণ, টাইগাৰ গ্ল’বেল, ড্ৰেগনিয়াৰ বিনিয়োগ গ্ৰুপ, ক’ৰা কেপিটেল, ইউনিলিভাৰ ভেঞ্চাৰ্ছ আৰু আলফা ৱেব গ্ল’বেল আদি বিনিয়োগকাৰী কোম্পানীয়ে পুঁজি বিনিয়োগ কৰাৰ পাছত ২০১৮ত প্ৰতিষ্ঠা কৰা ‘ডীলশ্বেয়াৰ’-এ নতুনকৈ ৩৯৩ নিযুত ডলাৰ (প্ৰায় ২৯৭৭ কোটি টকা) পুঁজি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।

প্ৰতিষ্ঠা কালৰ পৰা মাত্ৰ চাৰিটা বছৰৰ ভিতৰত লাভ কৰা এনে অভূতপূৰ্ব সফলতাৰ কথা ‘দৈনিক অগ্ৰদূত’ৰ আগত প্ৰকাশ কৰি ‘ডীলশ্বেয়াৰ’ৰ অন্যতম প্ৰতিষ্ঠাপক শংকৰ বৰাই কয়, ‘ভূমিষ্ঠ হোৱা কেঁচুৱাটিৰ পৰা বয়োজ্যেষ্ঠজনলৈ দেশৰ প্ৰতিজন নাগৰিকৰ বাবে প্ৰয়োজনীয় প্ৰায় সকলোখিনি সামগ্ৰী পাইকাৰী হাৰত উপলব্ধ কৰাৰ বাবে আমি অৰ্থাৎ ডীলশ্বেয়াৰে যি ‘মডেল’ সৃষ্টি কৰিছো । ই সফলতাৰ অন্যতম কাৰণ অৱশ্যে সামাজিক ই-কমাৰ্চৰ মঞ্চত নতুনত্বক সদায়েই গ্ৰাহকে অগ্ৰাধিকাৰ দি আহিছে । আৰু এই খণ্ডত নতুন নতুন ধাৰণাৰ বাস্তৱ ৰূপায়ণত ‘ডীলশ্বেয়াৰ’ অন্যতম ।’

উল্লেখ্য যে দেশৰ অগ্ৰণী সামাজিক ই-কমাৰ্চ প্ৰতিষ্ঠান ‘ডীলশ্বেয়াৰ’ত ফল-মূল আৰু শাক-পাচলিৰ পৰা আৰম্ভ কৰি গেলামাল, সৌন্দৰ্য চৰ্চা, শিশুৰ বাবে প্ৰয়োজনীয় সামগ্ৰী, ঘৰচীয়া জীৱ-জন্তুৰ বিভিন্ন সামগ্ৰী, ইলেক্ট্ৰনিকছ, ঘৰৰ সাজ-সজ্জাকে ধৰি প্ৰায়বোৰ সামগ্ৰীয়ে অনলাইনযোগে প্ৰতিযোগিতামূলক মূল্যত উপলব্ধ । দেশৰ প্ৰযুক্তি নাৰীৰূপে খ্যাত বাংগালুৰুত মুখ্য কাৰ্যালয় স্থাপন কৰি ‘ডীলশ্বেয়াৰ’ প্ৰতিষ্ঠা কৰা শংকৰ বৰাই কয় যে অতি কম সময়তে ইউনিকৰ্ণ ক্লাবত অন্তৰ্ভুক্ত হ’বলৈ সক্ষম হোৱা কোম্পানীটোৱে চলিত বৰ্ষতে দেশৰ ২০খন ৰাজ্যৰ দুশখন চহৰত পাঁচ কোটি নতুন গ্ৰাহক সৃষ্টি কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰিছে । তেওঁ কয়, ‘আমি এশ বিলায়ন ডলাৰ মূল্যৰ কোম্পানী হ’বলৈ সাজু হৈছো । আৰু তেনে পৰিকল্পনাৰ ৰণকৌশল হাতত লৈ আগবাঢ়িছো ।’

এতিয়াও দেশৰ বহুকেইখন মেট্ৰ’ চহৰৰ বাহিৰৰ প্ৰায় ৮০ কোটি মানুহে অনলাইনযোগে সামগ্ৰী ক্ৰয় নকৰে বুলি প্ৰকাশ কৰি অসমীয়া উদ্যোগী বৰাই কয়, ‘দেশৰ ই কমাৰ্চ মঞ্চৰ পৰা অনলাইনযোগ্য সামগ্ৰী উপভোগ নকৰা গ্ৰাহকসকলক আকৃষ্ট কৰা আৰু তেওঁলোকক অনলাইনযোগে সেৱা আগবঢ়োৱাটো ‘ডীলশ্বেয়াৰ’ৰ অন্যতম ভৱিষ্যত পৰিকল্পনা ।’

১৯৭৭ত শোণিতপুৰ জিলাৰ তেজপুৰত জন্মগ্ৰহণ কৰা শংকৰ বৰাই মাত্ৰ ২১ বছৰ বয়সতে অসম এৰি অসাধাৰণ কিবা এটা কৰাৰ বাসনাৰে ঢাপলি মেলিছিল । তেজপুৰ বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত দৰং মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ দেওনা পাৰ হয় । পৰৱৰ্তী সময়ত এন আই টি কালিকুটৰ ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লাভ কৰে । ভৌগোলিক স্থান আৰু শিক্ষাৰ মাধ্যমে সৃষ্টিশীল মনৰ বাবে কোনোদিন প্ৰত্যাহ্বান হ’ব নোৱাৰে বুলি দোহাৰি শংকৰ বৰাই কয় যে অসমীয়া মাধ্যম অথবা আন কোনো আঞ্চলিক ভাষাত অধ্যয়ন কৰা যুৱক-যুৱতীৰ বাবে প্ৰত্যাহ্বান বেলেগকৈ নাহে । তেওঁ কয়, ‘প্ৰত্যাহ্বান আহে এইসকল লোকৰ জীৱনলৈ যাৰ মনত অসাধাৰণ চিন্তা, একাগ্ৰতা, কঠোৰ শ্ৰম কৰাৰ মানসিকতা আৰু লক্ষ্যস্থানত উপনীত হোৱাৰ হেঁপাহে কোনোদিন বাহ লোৱা নাই ।’

চলিত বৰ্ষৰ ভিতৰতে ‘ডীলশ্বেয়াৰ’ৰ শাখা অসমলৈ সম্প্ৰসাৰণৰ লক্ষ্য স্থিৰ কৰা হৈছে । বুলি উল্লেখ কৰি বৰাই লগতে কয় যে শাখা সম্প্ৰসাৰণৰ কাৰণে লক্ষ্য কৰা দেশৰ দুশমান চহৰৰ অন্যতম হ’ল অসম । ‘ডীলশ্বেয়াৰে’ য’তেই তেওঁলোকৰ কাৰ্য পৰিসৰ সম্প্ৰসাৰণ কৰিছে, তাতেই উক্ত স্থানৰ থলুৱা উৎপাদক, বিতৰক আৰু যাতায়াতৰ লগত সকলো কামত অগ্ৰাধিকাৰ ভিত্তিত নিযুক্তি লাভ কৰিছে ।

‘ডীলশ্বেয়াৰ’ত আন দুগৰাকী অসমীয়া ব্যক্তিক গুৰুত্বপূৰ্ণ পদত নিযুক্তি প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰি বৰাই কয়, ‘অসমত ‘ডীলশ্বেয়াৰ’ৰ শাখা সম্প্ৰসাৰণৰ লগে লগে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বহু থলুৱা লোকে অগ্ৰাধিকাৰ ভিত্তিত নিযুক্তি লাভ কৰিব । তদুপৰি অসমত উৎপাদিত বহু স্থানীয় সামগ্ৰীয়ে বিশ্বমানৰ এখন অনলাইন বজাৰ লাভ কৰিব, যিয়ে থলুৱা অৰ্থনীতি সুদৃঢ় কৰাত শক্তিশালী ভূমিকা পালন কৰিব ।’

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ সামাজিক ই-কমাৰ্চ ক্ষেত্ৰখনৰ বাবে অতিকৈ সম্ভাৱনাপূৰ্ণ অঞ্চল বুলি উল্লেখ কৰি শংকৰ বৰাই কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত শেহতীয়াকৈ যি ধৰণে আন্তঃগাথঁনি, প্ৰযুক্তি আৰু যাতায়াত ব্যৱস্থাৰ উন্নতি ঘটিছে, ইয়ে সামাজিক ই-কমাৰ্চ খণ্ডৰ ‘ষ্টাৰ্ট‌আপ’ প্ৰতিষ্ঠানসমূহৰ সম্ভাৱনা দুগুণে বৃদ্ধি কৰিছে । অনাগত দিনত দেশৰ বিকাশৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ অন্যতম চালিকা শক্তিত পৰিণত হ’ব বুলি আশা ব্যক্ত কৰি তেওঁ লগতে কয়, ‘অৱশ্যে দেশৰ বিকাশত অসম তথা উত্তৰ-পূব অন্যতম চালিকা শক্তি বুলি গৌৰৱ কৰি হাত সাৱটি বহি থাকিলেই নহ’ব । আমি হাতে-কামে সুযোগৰ সদ্ব্যৱহাৰ কৰিলেই আগবাঢ়ি আহিব লাগিব । কোনো ষ্টাৰ্ট‌আপ সফল হ’বলৈ হ’লে যথেষ্ট ধৈৰ্য, একাগ্ৰতা আৰু শ্ৰমৰ প্ৰয়োজন । গতিকে মনোযোগ আৰু আন্তৰিকতাৰে ষ্টাৰ্ট‌আপক আগবঢ়াই লৈ আহিব লাগিব ।’

শেহতীয়াকৈ সমগ্ৰ দেশৰ ষ্টাৰ্ট‌আপ খণ্ডত নিজকে সফৰতাৰ অন্যতম উদাহৰণ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা শংকৰ বৰাই নিজৰ অতীত সুঁৱৰি ‘দৈনিক অগ্ৰদূত’ৰ আগত কয়, ‘মই সৰুৰ পৰাই সততা আৰু কঠোৰ শ্ৰমৰ মূল্য দেউতাৰ পৰা শিকিছিলো । দেউতাই নিজৰ কৰ্মেৰে সততা আৰু মূল্যবোধৰ শিক্ষা দিছিল । মোৰ দেউতা আছিল মূল্যবোধ আৰু সততাৰ অন্যতম শিক্ষানুষ্ঠান । গতিকে আজি যদি মোক কোনোবাই সফল বুলি কয়, তেন্তে সেয়া কেৱল মোৰ দেউতাৰ বাবে সম্ভৱ হ’ল । এই সফলতাৰ অন্যতম অংশীদাৰ মোৰ দেউতা ।’

Exit mobile version