বৰ্ধিত মূল্যৰ বিৰুদ্ধে প্ৰতিবাদ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ

দেশত অবিৰতভাৱে বৃদ্ধি পাইছে পেট্ৰ’পণ্যৰ পৰা আৰম্ভ কৰি নিত্য ব্যৱহাৰ্য সা-সামগ্ৰীৰ মূল্য । সম্প্ৰতি এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈছে বিভিন্ন দল সংগঠন ।

ADVERTISEMENT

আজি মূল্যবৃদ্ধিৰ প্ৰতিবাদত গুৱাহাটী ক্লাৱ ৰ’টাৰী (বেজবৰুৱা চক)ত বিক্ষোভ প্ৰদৰ্শন কৰে কমিউনিষ্ট পাৰ্টিয়ে । নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ, মহানগৰীত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, ৰেলৰ ভূমি বনিয়াক দিয়া বন্ধ কৰা, দখলীকৃত ভূমিৰ পট্টা দিয়াৰ দাবী কৰে দলটোৱে ।

উল্লেখ্য যে কমিউনিষ্ট পাৰ্টিৰ ৰাষ্ট্ৰীয় সম্পাদকমণ্ডলীয়ে পেট্ৰ’পন্যৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে চাৰিৰ পৰা ১০ এপ্ৰিল পৰ্যন্ত সপ্তাহজোৰা প্ৰতিবাদী কাৰ্যসূচী দেশৰ প্ৰতিখন জিলাতে ৰূপায়ণ কৰাৰ বাবে জনোৱা আহ্বানমৰ্মে দিনৰ ১২ বজাত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

উক্ত বিক্ষোভ কাৰ্যসূচীত শতাধিক লোকে অংশগ্ৰহণ কৰি মহানগৰীৰ আকাশ বতাহ উত্তাল কৰি তোলে ।

Exit mobile version