Amarnath Yatra 2022: কেতিয়া আৰম্ভ হ’ব অমৰনাথ যাত্ৰাৰ পঞ্জীয়ন ?জানি লওক কেতিয়া কেনেকৈ কৰিব পঞ্জীয়ন

amarnathyatra

দুবছৰ অপেক্ষা পাছত, এইবাৰ অমৰনাথ যাত্ৰীসকলৰ বাবে ভাল খবৰ। আগতে, খবৰ পোৱা গৈছিল যে কৰ’নাৰ বাবে দুবছৰ বন্ধ থকাৰ পাছত, এই বছৰৰ ২০২২ জুনত পুনৰ আৰম্ভ হ’ব তুষাৰলিংগৰ তীৰ্থযাত্ৰা ।

অহা ৩০ জুনৰ পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা । চলিব ১১ আগষ্টলৈকে । কেৱল ১৬-৬৫ বয়সৰ লোকহে এই যাত্ৰাত অংশগ্ৰহণ কৰিব পাৰিব ।

অৱশ্যে, আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল পঞ্জীয়ন। মাত্ৰ এদিন পাছত, অহা ১১ এপ্ৰিলত, এই যাত্ৰাৰ বাবে পঞ্জীয়নৰ কাম আৰম্ভ হ’ব।

পঞ্জীয়ন মাচুল হৈছে প্ৰতিজনৰ ১৫০ টকা

অনলাইন পঞ্জীয়নৰ বাবে, আপুনি jksasb.nic.in ৱেবছাইটত প্ৰৱেশ কৰিব লাগিব।

পঞ্জীয়ন হ’ব ‘জম্মু আৰু কাশ্মীৰ বেংক’, ‘পঞ্জাৱ নেচনেল বেংক’, ‘য়েছ বেংক’, ‘ষ্টেট বেংক অফ ইণ্ডিয়া’ৰ শাখাত ।

অমৰনাথ শ্ৰাইন বোৰ্ডে এইবাৰ এটা বিশাল যাত্ৰীনিবাস তৈয়াৰ কৰিছে। য’ত প্ৰায় তিনি হেজাৰ যাত্ৰীক স্থান দিয়া হ’ব।

দুবছৰৰ পাছত পুনৰ অমৰনাথ যাত্ৰা! কৰ’নাক পৰাস্ত কৰি এই তীৰ্থযাত্ৰা কিমান দূৰ সফল হ’ব পাৰে?তাৰ বিষয়ে এতিয়া বহুতৰে মনত বহুত প্ৰশ্ন ।

Exit mobile version