Will Smith : অস্কাৰৰ পৰা পৰৱৰ্তী ১০ বছৰৰ বাবে নিষিদ্ধ হ’ল উইল স্মিথ

will smith 2x1 aw 220408 d69c63

শুকুৰবাৰে অস্কাৰৰ পৰা বঞ্চিত কৰা হ’ল অভিনেতা উইল স্মিথক। পৰৱৰ্তী ১০ বছৰৰ বাবে অস্কাৰ প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব অভিনেতাজন।

ADVERTISEMENT

অস্কাৰ বটাঁ প্ৰদান অনুষ্ঠানতে কৌতুক অভিনেতা ক্ৰিছ ৰকক চৰ শোধাই বিশ্ববাসীক হতবাক কৰিছিল উইল স্মিথে ।

তাৰ বাবেই উইল স্মিথক পৰৱৰ্তী দশকত একাডেমী অফ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সেছৰ দ্বাৰা অনুষ্ঠিত কোনো অনুষ্ঠানত উপস্থিত থাকিবলৈ নিষিদ্ধ কৰা হ’ল।

একাডেমীৰ সভাপতি ডেভিড ৰুবিন আৰু মূখ্য কাৰ্যবাহী বিষয়া সকলে জনোৱা অনুসৰি আঠ এপ্ৰিল ২০২২ৰ পৰা ১০বছৰৰ বাবে উইল স্মিথক কোনো একডেমী অনুষ্ঠান বা কায্যসূচীত উপস্থিত থাকিবলৈ অনুমতি দিয়া নহ’ব।

Exit mobile version