সমন্বয় গঢ়াৰ লক্ষ্যৰে কোচৰাজবংশী জনগোষ্ঠীও বিষুৱা উৎযাপনৰ প্ৰস্তুতি কোকৰাঝাৰত

2fe6576e 9d30 427e ac53 786a67318f8f

বিটিছিৰ সদৰ কোকৰাঝাৰ চহৰৰ মাজমজিয়াত ৰাস মেলা পথাৰত দুইদিনীয়া কাৰ্যসূচীত কোচৰাজবংশী জনগোষ্ঠীও পৰমম্পৰাগত উৎসৱ বিষুৱা উৎসৱ উৎযাপনৰ প্ৰস্তুতি তুংগত উঠিছে ।

ইতিমধ্যে অসম পশ্চিম বংগ , নেপাল , বাংলাদেশৰ বিহাৰ আদিৰ পৰা সংস্কৃতিবান লোক সকলোক আমন্ত্ৰণ কৰাৰ লগতে বিটিআৰৰ মূখ্য কাৰ্যবাহী প্ৰমোদ বড়োও উপস্থিত থাকিব বুলি আজি এক সংবাদমেল যোগে বিষুৱা উৎযাপন সমিতিৰ সভাপতি তথা কোচৰাজবংশী সন্মিলনীৰ সভাপতি লক্ষিন্দ্ৰ ৰায়ে জানিবলৈ দিয়ে ।

উক্ত সংবাদমেলতেই লক্ষীন্দ্ৰ ৰায়ে আৰু কয় যে অবিভক্ত কমতাপুৰ ৰাজ্যত সিচৰিত হৈ থকা কোচৰাজবংশী জনগোষ্ঠীও লোক সকলোৰ কৃষ্টি সংস্কৃতিৰ মাজত সমন্বয় গঢ়ি তুলিবলৈ এই বিষুৱাৰ উৎসৱৰ মাধ্যমে প্ৰচেষ্টা কৰা হৈছে ।

এই বিষুৱা উৎসৱ চত মাহৰ সংক্ৰান্তিৰ দিনত আৰম্ভ হব আৰু বহাগ মাহৰ পহিলা দিনলৈকে দুইদিনীয়া কাৰ্যসূচীত অনুষ্ঠিত কৰিব বুলিও প্ৰকাশ কৰে । সেই বাবে কোকৰাৰঝাৰৰ বিষুৱা উৎসৱত সকলো ৰাইজৰো সহায় সহযোগ আৰু উপস্থিতি কামনা কৰিছে ।

Exit mobile version