গহপুৰ সম-জিলাৰ অন্তৰ্গত কলাবাৰীৰ নীলাভ নিবিড় মহন্তই সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।
গহপুৰ নগৰৰ নিউ স্কলাৰ্চ একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ মেধাৱী ছাত্ৰ নীলাভ নিবিড় মহন্তৰ চমকপ্রদ সাফল্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
কলাবাৰীৰ পূব কলিতা গাঁৱৰ নিবাসী ৰঞ্জিত মহন্ত আৰু দীপ্তি মহন্তৰ পুত্ৰ নীলাভ নিবিড়ে কেউটা বিষয়তে লেটাৰ মাৰ্ক পাই ৯১.৪ শতাংশ নম্বৰেৰে ডিষ্টিংশ্যন লাভ কৰি বিদ্যালয়খনৰ লগতে অঞ্চলতোলৈও গৌৰৱ কঢ়িয়াই আনিছে।
এগৰাকী সু-নাগৰিক হোৱাৰ লগতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰখা নীলাভে ইংৰাজীত ৯৫, ঐশ্বিক ইংৰাজীত ৮৫, ৰাজনীতি বিজ্ঞানত ৯৪, বুৰঞ্জীত ৯২, ভুগোলত ৯১ আৰু শিক্ষা বিষয়ত ৮৪ নম্বৰ লাভ কৰিছে।
দৈনিক পাঠ্যপুথি নিয়াৰিকৈ অধ্যয়ন কৰি অহা নীলাভে পৰীক্ষাৰ বাবে বিশেষ কোনো প্ৰস্তুতি বা কষ্ট কৰা নাছিল। তেওঁৰ মতে দৈনিক শ্ৰেণীৰ পাঠ্যক্ৰম সমূহ নিয়াৰিকৈ প্ৰতিদিনে অধ্যয়ন কৰি অহাৰ লগতে কোনো বিষয় অসুবিধা পালে বিদ্যালয়ৰ শিক্ষকৰ সহায় লৈছিল।
নিজা পাঠ্যপুথি অধ্যয়নৰ সমান্তৰালকৈ তেওঁ অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাৰ সাহিত্য অধ্যয়ন কৰি আজৰি সময় পাৰ কৰিছিল।
ইংৰাজী , অসমীয়া বাতৰি কাকত, আলোচনী পঢ়িৰ উপৰি বিশেষকৈ চেতন ভগত, ৰঞ্জু হাজৰিকাৰ উপন্যাস অধ্যয়ন কৰি ভালপোৱা নীলাভে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কিছুদিনৰ আগৰ পৰা ভাওনা শিল্পৰ পৰা আঁতৰি থাকি অধ্যয়ন কৰিবলৈ লয়।
উল্লেখ্য যে শিশু অৱস্থাৰ পৰাই নৃত্য শিল্পৰ সৈতে জড়িত হৈ অহা মেধাৱী ছাত্ৰ নীলাভ নিবিড় মহন্তই ডেৰাডুনত অনুষ্ঠিত ১৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ৰং মহোৎসৱ- ২০১৭ত অংশগ্রহণ কৰি সুখ্যাতি কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।
মহোৎসৱত নৃত্য-গীতৰ লগতে বিভিন্ন বিষয়ব প্রতিযোগিতাত অসমক প্রতিনিধিত্ব কৰি গহপুৰ মহকুমাৰ কলাবাৰীৰ নীলাভ নিবিড়ে স্ব-প্রতিভা প্রকাশ কৰি এককভাৱে আধুনিক নৃত্য আৰু অর্ধ ধ্রুপদী নৃত্যত তৃতীয় স্থান দয়ল কৰাৰ লগতে দলীয় আৰু যুটীয়াভাৱে অর্ধ ধ্রুপদী দলীয় নৃত্যত দ্বিতীয় স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। ঠিক সেইদৰে ভোৰতাল আৰু আধুনিক নৃতততো দলীয়ভাৱে দ্বিতীয় স্থান লাভ কৰি কলাবাৰীৰ লগতে গহপুৰ তথা অসমলৈ গৌৰয় কঢ়িয়াই আনিবলৈ সক্ষম হোৱা এইগৰাকী মেধাৱী ছাত্ৰই বৰ্তমান ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কুইজ প্ৰতিযোগিতাত একক আৰু দলীয়ভাৱে অংশগ্ৰহণ কৰি পুৰস্কাৰ বুটলি আনিছে। প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ হৈ থকা কালত এইগৰাকী মেধাৱী ছাত্ৰ নীলাভ নিবিড় মহন্তই ধলপুৰ বীণাপাণি সংগীত কলা-নিকেতনৰ পৰা প্রতিনিধিত্ব কৰা শিশুশিল্পী নীলাভে নৃত্য-গীতৰ লগতে যোৱা বৰ্ষত ‘গহপুৰ প্রতিদিন’ গ্রুপে অনুষ্ঠিত কৰা ‘ৰঙালী ফটো’ প্রতিযোগিতাত যুটীয়াভাৱে দ্বিতীয় স্থান লাভ কৰে। ইয়াৰ উপৰি বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে অনুষ্ঠিত কৰা চিত্রাংকন প্রতিযোগিতাত অংশগ্রহণ কৰি নীলাভে পুৰস্কাৰ বুটলিবলৈ সক্ষম হয়।
কীৰ্তিমান ছাত্র নীলাভে যোৱা ২০১৫ চনৰ অনুষ্ঠিত হোৱা ‘প্রজ্ঞা বিকাশ চিন্তন মেধাবৃত্তি পৰীক্ষাত স্থান লাভ কথাৰ লগতে ২০১৬-২০১৭ চনত অনুষ্ঠিত ৰাজ্যিক ভিত্তিক সঁফুৰা বৃত্তিত স্থান লাভ কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। এইগৰাকী মেধাৱী ছাত্ৰৰ এনে সাফল্যই পিতৃ-মাতৃৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে অভিনন্দন জ্ঞাপন কৰি তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।































