৬,৩২৬ ফুট উচ্চতাত খালী ভৰিৰে ১৮ মিটাৰ অতিক্রম কৰি বিশ্ব অভিলেখ স্থাপন কৰিলে ব্ৰাজিলৰ যুৱকে

slacklinewalk1

মাজ আকাশত ভাহি আছে দুটা গেছ বেলুন। এডাল ৰছীৰ দুই মূৰত গেছ বেলুন দুটা বন্ধা আছে। সেই ৰছীডালেৰেই খালী ভৰিৰে খােজকাঢ়ি গৈ ইটো বেলুনৰ পৰা সিটো বেলুন পালেগ ব্রাজিলৰ এজন যুৱক।

অতি বিপজ্জনক কাণ্ডটো সংঘটিত কৰি গিনিজ ৱর্ল্ড ৰেকৰ্ডত নিজৰ নাম সন্নিবিষ্ট কৰিলে ৰাফেল জুগনাে ব্রিডি নামৰ যুৱকজনে। উল্লেখ্য যে এহেজাৰ ৯০১ মিটাৰ বা ৬,৩২৬ ফুট উচ্চতাত উক্ত গেছ বেলুন দুটা ভাহি আছিল।

বেলুন দুটা যুক্ত কৰি ৰখা ৰছীডালৰ দৈৰ্ঘ আছিল ৫৯ ফুট বা ১৮ মিটাৰ। ৰছীডালৰ ব্যাস আছিল ২৫ ছেণ্টিমিটাৰ। বিশ্বৰ সর্বোচ্চ বিল্ডিং বুর্জ
খলিফাৰ দ্বিগুণ উচ্চতাৰ ৰাফেলে অনাসায়ে ৰছীডালৰ ওপৰেদি খােজকঢ়া দৃশ্যৰ ভিডিঅ’ ৰেকর্ডিঙো কৰা হৈছিল।

সেই ভিডিঅ’ই সম্প্রতি সামাজিক মাধ্যমত তুমুল চর্চা লাভ কৰিছে। প্রায় ল লাখ মানুহে ভিডিঅ’টো চাইছে।

Exit mobile version