Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

আকৌ হিন্দী বিতর্ক আঁৰত

প্রাঞ্জলসেন ডেকা

publisher by publisher
April 11, 2022
in Opinion
Reading Time: 1 min read
0
আকৌ হিন্দী বিতর্ক আঁৰত
2
SHARES
17
VIEWS
ShareShareShareShare

গৃহমন্ত্রী অমিত শ্বাহৰ মুখত পুনৰ এক দেশ এক ভাষাৰ সুৰ শুনি প্রতিবাদত সৰৱ হৈ উঠিছে অসমকে ধৰি দেশৰ কেবাটাও অঞ্চল। তেওঁ প্ৰকাশ কৰিছে যে ইংৰাজীৰ পৰিৱর্তে চৰকাৰী ভাষা হিচাপে হিন্দীৰ ব্যাপক ব্যৱহাৰ কৰিবলৈ লৈছে কেন্দ্রীয় চৰকাৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে চৰকাৰী কামত হিন্দীৰ ব্যৱহাৰত সর্বাধিক গুৰুত্ব আৰােপ কৰিছে। আনকি কেন্দ্রীয় কেবিনেটৰ ৭০ শতাংশ কর্মসূচী সম্প্রতি হিন্দীতে প্রস্তুত কৰা হয়।

ADVERTISEMENT

গতিকে ই হিন্দীভাষাৰ গুৰুত্ব স্বাভাৱিকতে বৃদ্ধি কৰিব। যােৱা বৃহস্পতিবাৰে সংসদীয় চৰকাৰী ভাষা কমিটীৰ বৈঠকত গৃহমন্ত্রী শ্বাহে এই মন্তব্য কৰে। কমিটীৰ অধ্যক্ষৰূপে দিয়া ভাষণত তেওঁ কয় যে দেশত সার্বজনীন এক ভাষাৰ প্রয়ােজন, যিয়ে আন্তর্জাতিক ক্ষেত্ৰত ভাৰতৰ পৰিচয় দাঙি ধৰিব পাৰে। তেওঁৰ মতে, কেৱল হিন্দী ভাষাৰহে ক্ষমতা আছে দেশক এডাল সূতাৰে বান্ধি ৰখাৰ। সেই বাবে বিভিন্ন ৰাজ্যৰ বাসিন্দাসকলে পৰস্পৰৰ মাজত বার্তালাপ ইংৰাজীৰ পৰিৱর্তে হিন্দীত কৰিব লাগে বুলিও তেওঁ আহ্বান জনায়।

RelatedPosts

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

সমাজবাদী মতাদৰ্শৰ সমস্ত ভাল গুণখিনিক অসমত বাস্তৱত ৰূপায়িত কৰাৰ বাবে অন্তঃকৰণৰে হাতযোৰ কৰি শ্রদ্ধা নিবেদিছো: শ্বাহ

তেওঁ লগতে নৱম শ্রেণী পর্যন্ত স্কুলীয়া ছাত্র-ছাত্রীসকলক হিন্দীৰ শিক্ষা প্রদানত গুৰুত্ব আৰােপ কৰে। হিন্দী শিক্ষাৰ পৰীক্ষাসমূহতাে বিশেষ জোৰ দিয়াৰ তেওঁ পােষকতা কৰে। এই প্ৰসংগতে শ্বাহে প্রকাশ কৰা আন এক তথ্যই অসম তথা উত্তৰ-পূবত বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। তেওঁ কৈছে যে উত্তৰ-পূবৰ আঠোখন ৰাজ্যতে দশম শ্রেণী পর্যন্ত হিন্দী শিক্ষা বাধ্যতামূলক কৰিবলৈ আটাইকেইখন ৰাজ্য সন্মত হৈছে আৰু তাৰ বাবে ইতিমধ্যে ২২ হেজাৰ হিন্দী শিক্ষক নিয়ােগ কৰা হৈছে।

লক্ষ্যণীয়ভাৱে কেন্দ্রীয় গৃহমন্ত্ৰীয়ে প্ৰকাশ কৰাৰ পূর্বে উত্তৰ-পূবৰ ৰাজ্য চৰকাৰসমূহে এই কথাটো আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই। ভাষাক লৈ ভাৰতত বিবাদ নতুন নহয়। ভাষা-সংস্কৃতিৰ বৈচিত্র্যৰে ভৰপূৰ হ’লেও ব্রিটিছ শাসন কালত সকলাে ধৰণৰ প্রশাসনিক কাম-কাজৰ উপৰি উচ্চ শিক্ষাৰ একমাত্র মাধ্যম আছিল ইংৰাজী ভাষা। স্বাধীনােত্তৰ ভাৰততাে ইংৰাজীৰ এই আধিপত্য আঁতৰ কৰাটো সম্ভৱ নহ’ল। আনকি ভাৰতীয় সংবিধান কি ভাষাত লিপিবদ্ধ কৰা হ’ব তাক লৈয়ে সংবিধান সভাত যথেষ্ট বিতর্কৰ সূত্রপাত হয়।

তদুপৰি সংসদৰ কার্যক্রমণিকাত ব্যৱহাৰ হ’বলগীয়া ভাষা নির্ধাৰণক লৈও বিবাদৰ সৃষ্টি হয়; কিয়নাে পৰৱৰ্তী পৰ্যায়ত সেই ভাষাই ৰাষ্ট্র ভাষাৰ মর্যাদা লাভৰ পূৰ্ণ সম্ভাৱনা আছিল। উত্তৰ ভাৰতৰ সদস্যসকলে হিন্দীতে সংবিধান লিপিবদ্ধ কৰি অনানুষ্ঠানিকভাৱে ইংৰাজীত ইয়াৰ অনুবাদৰ পােষকতা কৰিছিল; কিন্তু সংবিধান সমিতিয়ে সেই প্রস্তাৱ নস্যাৎ কৰে। অ-হিন্দীভাষী অঞ্চলৰ সদস্যসকলে ইয়াৰ জৰিয়তে হিন্দীক অগ্রাধিকাৰ প্ৰদানৰ চেষ্টা ৰােধ কৰে।

লক্ষ্যণীয়ভাৱে সংবিধান প্রণেতা ড° বি আৰ আম্বেদকাৰে সংস্কৃতক ৰাষ্ট্রভাষা ঘােষণাৰ পােষকতা কৰিছিল আৰু ইয়াৰ সপক্ষে শক্তিশালী যুক্তিও দাঙি ধৰিছিল। অৱশেষত সংবিধানত কোনাে ভাষাকে ৰাষ্ট্রভাষাৰ স্বীকৃতি প্রদান নকৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। ভাৰতীয় সংবিধানৰ ৩৪৩ (১) ধাৰাত এই সম্পর্কত কোৱা হৈছে এনেদৰে, কেন্দ্রীয় চৰকাৰৰ চৰকাৰী ভাষা হ’ব দেৱনাগৰী লিপিৰ হিন্দী ভাষা। যদিহে সংসদে সিদ্ধান্ত সলনি নকৰে, তেন্তে চৰকাৰী কাম-কাজত ইংৰাজী ভাষাৰ ব্যৱহাৰ সংবিধান বলবৎ হােৱাৰ ১৫ বছৰ পাছত (২৬ জানুৱাৰী, ১৯৬৫)বন্ধ কৰি দিয়া হ’ব।

অর্থাৎ সংবিধান কার্যকৰী হােৱাৰ পূৰ্বতে যেনেদৰে সকলাে চৰকাৰী কাম-কাজত ইংৰাজীৰ ব্যৱহাৰ চলি আহিছিল, তেনেদৰেই ইংৰাজীৰ ব্যৱহাৰ কেন্দ্ৰৰ সকলাে কাম-কাজতে সংবিধান গ্ৰহণৰ ১৫ বছৰলৈকে অব্যাহত থাকিব। ১৯৬৫ ওচৰ চাপি অহাৰ লগে লগে অ-হিন্দীভাষী দাক্ষিণাত্যৰ আটাইকেইখন ৰাজ্যৰ উপৰি পঞ্জাৱ, মহাৰাষ্ট্র, গুজৰাট, পশ্চিমবংগ আদিত বিৰােধৰ উকমুকনি আৰম্ভ হয়। পৰিস্থিতিৰ উমান পাই ১৯৬৩ত প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে চৰকাৰী ভাষা আইন বলবৎ কৰে য’ত চৰকাৰী কাম-কাজত সংবিধানত নির্ধাৰিত ১৯৬৫ৰ পাছতাে হিন্দীৰ স’তে ইংৰাজী ব্যৱহাৰ কৰিব পাৰিব বুলি উল্লেখ কৰা হয়।

ফলস্বৰূপে চৰকাৰী কাম-কাজত ইংৰাজীৰ ব্যৱহাৰ পূৰাদমে অব্যাহত থাকে। পৰৱৰ্তী প্রধানমন্ত্রী লালবাহাদুৰ শাস্ত্ৰীয়ে হিন্দীকেই সর্বোচ্চ স্তৰত অধিষ্ঠিত কৰাৰ প্রক্রিয়া আৰম্ভ কৰে যদিও অ-হিন্দীভাষী দাক্ষিণাত্যৰ কেবাখনাে ৰাজ্যত ইয়াৰ বিৰুদ্ধে হিংসাত্মক প্রতিবাদৰ সূচনা হয়। কংগ্ৰেছৰাে নেতাসকলৰ মাজত বিভাজন ঘটে আৰু কমেও দুজন কেন্দ্রীয় মন্ত্রীয়ে পদত্যাগ পর্যন্ত কৰে। সংঘর্ষ, প্রতিবাদী আন্দোলন, আত্মজাহ আদিৰ ঘটনাই তামিলনাড়ুক অগ্নিগর্ভ কৰি তােলে। দেশৰ ঐক্য-সংহতিলৈকে ভাবুকি কঢ়িয়াই অনা এনে পৰিস্থিতিৰ সন্মুখীন হৈ অৱশেষত শাস্ত্রীয়েও সেই প্রচেষ্টা সিমানতে সামৰি থয়।

১৯৬৭ত উল্লেখিত আইন সংশােধন কৰি কোৱা হয় যে সংসদৰ উভয় সদনৰ লগতে হিন্দীক চৰকাৰী ভাষাৰ মান্যতা প্রদান নকৰা প্ৰতিখন ৰাজ্যৰ বিধানসভাত ইংৰাজী ভাষাৰ ব্যৱহাৰ বন্ধ কৰাৰ সপক্ষে প্রস্তাৱ গৃহীত নকৰা পর্যন্ত চৰকাৰী কাম-কাজত এই ভাষা অব্যাহত থাকিব। গতিকে চৰকাৰী কাম-কাজৰ পৰা ইংৰাজীৰ ব্যৱহাৰ বন্ধ কৰাৰ সুযােগেই নাইকিয়া হৈ পৰে। ইয়াৰ পৰৱৰ্তী পর্যায়তাে বিভিন্ন সময়ত দেশৰ বিভিন্ন প্রান্তত ভাষা বিবাদৰ সূত্রপাত হৈ আহিছে।

সমান্তৰালভাৱে হিন্দীৰ প্ৰসাৰাে বৃদ্ধি পাইছে। ২০১১ৰ লােকপিয়ল অনুসৰি দেশত হিন্দীভাষী লােকৰ সংখ্যা প্রায় ৫৩ কোটি। ই মুঠ জনসংখ্যাৰ ৪৩.৬৩ শতাংশ। সন্দেহ নাই যে শেহতীয়া লােকপিয়লত এই সংখ্যা আৰু যথেষ্ট বৃদ্ধি পাব। ইয়াৰ বিপৰীতে ইংৰাজীকে ধৰি অন্যান্য প্ৰতিটো ভাৰতীয় ভাষা কোৱা লােকৰ সংখ্যা মুঠ জনসংখ্যাৰ ১০ শতাংশতকৈ কম। তদুপৰি হিন্দী বিশ্বৰ সৰ্বাধিক লােকে কোৱা ষষ্ঠ সংখ্যক ভাষা। তৎসত্ত্বেও হিন্দীক কিন্তু ৰাষ্ট্রভাষাৰ স্বীকৃতি প্রদান কৰা হােৱা নাই।

সংবিধানৰ অষ্টম অনুসূচীত স্বীকৃত ২২ ভাষাৰ অন্যতম হৈছে হিন্দী আৰু ইংৰাজী। এই কথাত নিশ্চয় কাৰাে দ্বিমত নাই যে আন্তর্জাতিক ক্ষেত্ৰত স্বকীয় পৰিচিতিৰ বাবে ভাৰতৰ এক ৰাষ্ট্র ভাষাৰ প্ৰয়ােজন; কিন্তু তাৰ বাবে দেশত ঐক্যমতৰ প্রয়ােজন। একপক্ষীয়ভাৱে এই সম্পর্কত বক্তব্য দাঙি ধৰিলে তাক জাপি দিয়াৰ প্রৱণতাৰূপে গণ্য কৰাটো স্বাভাৱিক আৰু ইয়ে পৰিস্থিতি জটিল কৰি তুলিব। ৰাজনীতিকে কোনাে বিতর্কিত বিষয়ক লৈ বক্তব্য দাঙি ধৰিলে তাৰ অন্তর্নিহিত উদ্দেশ্য থাকে। গতিকে অমিত শ্বাহৰ ক্ষেত্ৰতাে সেয়াই হৈছে।

বিদেশী ভাষাৰ পৰিৱর্তে ভাৰতীয় ভাষা এটিৰ জৰিয়তে বিভিন্ন ৰাজ্যৰ নাগৰিকসকলে বার্তালাপ কৰাৰ আহ্বানক লৈ ক্ষোভ উজৰাৰ কাৰণ নাই; কিন্তু সেই কথাটো ৰাজনৈতিক নেতাৰ মুখেদি নির্গত হ’লে বিভিন্ন নতুন প্রশ্নৰ উদ্রেক হােৱাটো অস্বাভাৱিক বুলি ক’ব নােৱাৰি। তদুপৰি বিজেপিৰ এক দেশ এক নীতিৰ শ্ল’গানে এচামৰ মাজত শংকাৰ সৃষ্টি কৰি আহিছে।

গতিকে ইংৰাজীৰ স্থান হিন্দীয়ে ল’ব লাগে বুলি শ্বাহে মন্তব্য কৰাত অ-হিন্দীভাষী ৰাজ্যসমূহে ইয়াক হিন্দী জাপি দিয়াৰ কুচকাৱাজ বুলি ধৰি লৈছে। কেতবােৰ বিৰােধী দলে আনকি মূল্যবৃদ্ধি নিয়ন্ত্রণ, কর্মসংস্থাপনহীনতা আদিৰ দৰে বিষয়সমূহত ব্যর্থতা ঢাকিবলৈ চৰকাৰে অবাঞ্চিত বিতর্ক সৃষ্টিৰ কৌশল ৰচিছে বুলিও কটাক্ষ কৰিছে।

লক্ষ্যণীয় এয়ে যে হিন্দী সম্প্ৰসাৰণবাদৰ বিৰােধিতা কৰি অহা দাক্ষিণাত্যৰ ৰাজ্যসমূহৰ মাজতাে কিন্তু ইয়াক লৈ দুমুখীয়া নীতি পৰিলক্ষিত হয়। কেবাখনাে ৰাজ্যত পৰিস্থিতিৰ তাগিদাত হিন্দীয়ে স্থান অধিকাৰ কৰি লৈছে। ব্যৱসায়-বাণিজ্য অথবা কর্মসংস্থাপনৰ সুবিধাৰ বাবেও হিন্দী ব্যৱহাৰ কৰিবলৈ লােৱা দাক্ষিণাত্যৰ লােকৰ সংখ্যা যে দিনে দিনে বৃদ্ধি পাইছে তাৰ উল্লেখ নিষ্প্রয়ােজন। তদুপৰি সংশ্লিষ্ট অঞ্চলৰ জাতীয়তাবাদী ৰাজনীতিও ইয়াৰ স’তে জড়িত হৈ আছে।

তামিলনাডুৰ শাসক দল ডিএমকেৰ এজন মুখপাত্রই গৃহমন্ত্রী অমিত শ্বাহৰ ভাষ্যক লৈ সৃষ্টি হােৱা বিতর্কৰ সম্পৰ্কত প্রতিক্রিয়া প্রকাশ কৰি কৈছে যে হিন্দী অথবা ইংৰাজীয়েই নহয়, তামিলৰ বাহিৰে যিকোনাে ভাষাই তেওঁলােকৰ বাবে বিদেশী। অর্থাৎ চুবুৰীয়া ৰাজ্যৰ ভাষা মালয়ালম অথবা তেলুগু অথবা কন্নড় ভাষাও তামিলসকলৰ বাবে বিদেশী। এয়া ডিএমকেৰ স্থিতি নে সমগ্র তামিল জাতিৰ স্থিতি সেয়া অৱশ্যে স্পষ্ট নহ’ল।

এই কথা ঠিক যে নিজৰ ভাষা-সংস্কৃতি চর্চা কৰা আৰু ভাল পােৱাৰ অধিকাৰ সকলােৰে আছে। অবাঞ্চিতভাৱে কোনােবাই কাৰাে ওপৰত আন ভাষা-সংস্কৃতি জাপি দিয়াৰ প্রবণতা কেতিয়াও গ্রহণযােগ্য হ’ব নােৱাৰে। এনে পৰিপ্ৰেক্ষিতত ভাৰতৰ স্বকীয় পৰিচয় দাঙি ধৰা ভাষা নির্ধাৰণৰ বাবে মুকলি আলােচনাৰ প্রয়ােজন। এক সর্বসন্মত সিদ্ধান্তহে এই ক্ষেত্ৰত কাম্য আৰু ইহে দেশৰ ঐক্য-সংহতি সুদৃঢ় কৰাত সহায়ক হ’ব।

যদিহে ৰাজনৈতিক উদ্দেশ্যৰে প্ৰেৰিত নহৈ কেন্দ্রীয় চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ গ্রহণ কৰে, তেন্তে সি সকলাে প্রান্তৰে সহযােগিতা লাভ কৰিব বুলি আশা কৰিব পাৰি। আনহাতে, কেন্দ্রীয় গৃহমন্ত্রী শ্বাহৰ বক্তব্যৰ আঁত ধৰি অসম তথা উত্তৰ-পূবৰ ৰাজ্যসমূহত ক্ষোভ আৰু প্ৰতিবাদৰ সৃষ্টি হােৱাটো যুক্তিসংগত বুলিয়েই ক’ব লাগিব। কিয়নাে গৃহমন্ত্ৰীয়ে স্পষ্টভাৱেই কৈছে যে উত্তৰ-পূবৰ আঠোখন ৰাজ্যই দশম শ্রেণী পর্যন্ত হিন্দী শিক্ষা বাধ্যতামূলক কৰিবলৈ সন্মত হৈছে।

তৎসত্ত্বেও ৰাজ্য চৰকাৰসমূহে এই কথা লুকুৱাই ৰখাৰ কাৰণ কি?আজি পর্যন্ত অসমত ৰাজ্যভাষা অসমীয়াকে বাধ্যতামূলক কৰিবলৈ চৰকাৰ সক্ষম নহ’ল, অথচ হিন্দী বাধ্যতামূলক কৰাৰ সিদ্ধান্ত গ্রহণ কৰিলে তাকো ৰাজ্যবাসীক অন্ধকাৰত ৰাখি। এয়া যে এই অঞ্চলৰ চৰকাৰসমূহৰ ৰাজনৈতিক বাধ্যবাধকতা তাৰ ব্যাখ্যা নিষ্প্রয়ােজন। অসম, ত্ৰিপুৰা, মণিপুৰত বিজেপিৰ নিজাববীয়া চৰকাৰৰ বিপৰীতে আনকেইখন ৰাজ্যত মিত্ৰজোঁটৰ চৰকাৰ চলি আছে।

গতিকে বিজেপিৰ কেন্দ্রীয় নেতৃত্বৰ হিন্দী সম্প্রসাৰণৰ এনে সিদ্ধান্তৰ বিৰােধ কৰাটো এই ৰাজ্য চৰকাৰসমূহৰ বাবে সম্ভৱ নােহােৱাটোৱে স্বাভাৱিক। এই কথা ঠিক যে হিন্দী শিক্ষাৰ প্ৰয়ােজন নথকা নহয়; কিন্তু অসমৰ দৰে অ-হিন্দীভাষী ৰাজ্যত হিন্দী বাধ্যতামূলক কৰাৰাে কোনাে যুক্তি থাকিব নােৱাৰে। ৰাজ্যৰ শিক্ষামন্ত্রীয়ে কৈছে যে বহিঃৰাজ্যত কাম কৰিবলৈ যাবলৈ সুবিধা হােৱাৰ বাবে হিন্দী শিকিব লাগে। এনে ভাষ্যৰ দ্বাৰা তেওঁ স্বাৱলম্বী অসম গঢ়ি তােলাৰ মুখ্যমন্ত্ৰীৰ প্রচেষ্টাকে উপলুঙা কৰা নাই; বৰঞ্চ অসমৰ নৱপ্ৰজন্মক বহিঃৰাজ্যত পিয়ন-চকীদাৰৰ কামৰ বাবেহে প্ৰস্তুত কৰি তােলাৰ মানসিকতা দাঙি ধৰিছে।

ৰাজ্যবাসীক অন্ধকাৰত ৰাখি হিন্দ বাধ্যতামূলক কৰিব খােজাসকল সময় থাকোতে সাৱধান হােৱা উচিত। কিয়নাে বিচ্ছিন্নতাবাদীসকলে দীর্ঘদিন দাবী কৰি আহিছে যে অসম কেতিয়াও ভাৰতৰ অংগ নাছিল। ১৮২৬ৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তেহে অসমক ভাৰত ভূখণ্ডৰ স’তে সাঙুৰি দিয়া হৈছিল। অতি মুষ্টিমেয় অসম হিতৈষী ব্যক্তিয়ে প্ৰাণৰ ভাবুকিলৈকো পৰােৱা নকৰি দীর্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত বিচ্ছিন্নতাবাদী তেনে মনােভাৱ অসমবাসীৰ মনৰ পৰা আঁতৰ কৰিবলৈ সক্ষম হৈছে; কিন্তু হিন্দী জাপি দিয়াৰ এনে প্রচেষ্টাই পুনৰ বিচ্ছিন্নতাবাদীসকলক উৎসাহিত কৰি তােলাৰ আশংকা নথকা নহয়।

ইতিমধ্যে অতি কৌশলেৰে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সংযােগী ভাষাৰূপে অসমীয়াক আঁতৰাই পঠিওৱা হৈছে, তাৰ ঠাই হিন্দীয়ে অধিকাৰ কৰি লৈছে। এইবাৰ অন্যান্য ৰাজ্যকেইখনৰ লগতে অসমতাে হিন্দী শিক্ষা বাধ্যতামূলক কৰিবলৈ লৈ কি উদ্দেশ্য পূৰণ কৰিব বিচৰা হৈছে ?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Amit ShahHindi Languagepranjal sen deka
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d