আজিৰ দিনত সন্তানৰ শিক্ষাদান পৰ্যায় যথেষ্ট ব্যয়বহুল । এক সমীক্ষাত পোৱা গৈছে দেশ অনুযায়ী খৰচৰ পৰিমাণ আকাশ-পাতাল । সম্প্রতি জেফৰিছ নামে আমেৰিকাৰ এটা আর্থিক সেৱা প্রদানকাৰী সংস্থাই এ সন্দৰ্ভত এটা গৱেষণা চলাইছে । তেওঁলোকৰ গৱেষণাত পোৱা গৈছে তথ্যৰ ভিত্তিত ১৪টা দেশৰ এটা তালিকা তৈয়াৰ কৰা হৈছে । সেই তালিকাৰ শীর্ষত দক্ষিণ কোৰিয়া ।
দক্ষিণ কোৰিয়াত ১৮ বছৰ পর্যন্ত কোনো শিশুকে লালনপালন কৰিবলৈ অন্যান্য দেশৰ তুলনাত সৰ্বাধিক অর্থ ব্যয় কৰিবলগীয়া হয় । দেশৰ মুঠ অভ্যন্তৰীণ উৎপাদন বা জিডিপি-ৰ নিৰিখতেই এই হিচাপ জনাইছে গৱেষক সংস্থাটোৱে ।
উল্লেখযোগ্যভাৱে এই তালিকাত দ্বিতীয় স্থানত আছে ‘সমাজতান্ত্রিক’ দেশ চীন । তাৰ পাছত ইটালী । ১৮ বছৰ পর্যন্ত সন্তানৰ লালনপালনত ব্যয়বহুল দেশৰ তালিকাত জার্মানী আৰু জাপানৰ মাজত আছে আমেৰিকা ।
চীনত সন্তানৰ জন্ম দিবলৈ অৱশ্যে কোনো খৰচ নাই । কিন্তু তাক ডাঙৰ-দীঘল কৰা আৰু শিক্ষাদান বেচ ব্যয়বহুল । সেই দেশত কোনো ব্যক্তিৰ আয়ৰ স’তে মিলাই যদি আমি এই হিচাপ কৰো, তেন্তে দেখা যাব আয়ৰ নিৰিখত সন্তান প্রতিপালনত সৰ্বাধিক ব্যয়বহুল দেশ চীন ।
চীনত সন্তান প্রতিপালনৰ প্রধান খৰচ শিক্ষা ক্ষেত্রত ব্যয় । জেফৰিছে জনাইছে, চীনত অধিকাংশ প্রাক প্রাথমিক স্কুলবোৰ বেচৰকাৰী হোৱাৰ ফলত তাত শিশুসকলৰ পঢ়া-শুনাত খৰচ বেছি ।
সংস্থাটোৱে দিয়া তথ্য অনুযায়ী, চীনত ১৮ বছৰ পর্যন্ত এটি শিশুকে পঢ়োৱাত খৰচ হয় ৭৫ হেজাৰ ডলাৰ (প্রায় ৫৭ লাখ টকা) । পৰৱর্তীকালত বিশ্ববিদ্যালয়ত পঢ়াবলৈ খৰচ হয় ২২ হেজাৰ ডলাৰ (প্রায় ১৭ লাখ টকা) ।
আমেৰিকাৰ বিষয়টো কিছু অন্য ধৰণৰ । চীনৰ তুলনাত শিক্ষাৰ খৰচ কম হ’লেও তাত এটা মূল পার্থক্য আছে । শিক্ষাৰ ভাৰ লাঘৱ কৰিবৰ বাবে ছাত্রঋণ দিয়া হয় । কিন্তু বাস্তৱত দেখা যায়, শিক্ষা শেষ হোৱাৰ পাছত অধিকাংশ ক্ষেত্রত পিতৃ-মাতৃয়ে সেই ঋণ পৰিশোধ কৰিবলগীয়া হয় ।
আমেৰিকাৰ কলেজ ব’র্ডে দিয়া তথ্য অনুযায়ী, ২০১৯-২০ শিক্ষাবর্ষত ৫৫ শতাংশ স্নাতকসকলে ঋণৰ বোজা লৈ স্নাতক হৈছে ।
অৱশ্যে বেইজিং স্কুলে-পৰৱর্তী শিক্ষাক আৰু সহজলভ্য কৰিবলৈ বেচ কিছু পদক্ষেপ লৈছে । জেফৰিছৰ গৱেষকসকলে জনাইছে, চৰকাৰৰ পৰৱর্তী লক্ষ্য নাৰ্চাৰী আৰু কিণ্ডাৰগার্টেনত পঢ়া-শুনাৰ খৰচ কম কৰা ।
বিষয়টোক লৈ উদ্বিগ্ন শ্বি জিনপিং চৰকাৰে পঞ্চবার্ষিকী পৰিকল্পনাত ঘোষণা কৰিছে, ২০২৫-ৰ ভিতৰত তিনি বছৰৰ কম বয়সৰসকলৰ বাবে নাৰ্চাৰী স্কুলৰ সংখ্যা বৃদ্ধি কৰা । প্রতি এহেজাৰজনত চাৰিটা স্কুল — এই হাৰত বৃদ্ধি কৰা হ’ব । যি আগৰ তুলনাত প্রায় আঢ়ৈ গুণ ।
জেফৰিছে তাৰ বিশ্লেষণত লিখিছে, ‘ধনী দেশসমূহত জন্মৰ হাৰ উন্নয়নশীল দেশসমূহৰ তুলনাত কম । যাক মনোবিজ্ঞানৰ ভাষাত কোৱা হয়, ‘ডেম’গ্রাফিক-ইক’নমিক পেৰাডক্স’ অর্থাৎ আর্থিকভাৱে শক্তিশালী ব্যক্তিসকলে কম আয়ৰ লোকৰ তুলনাত কম সন্তান ধাৰণ পছন্দ কৰে ।
চীনো যিমানে আর্থিকভাৱে শক্তিশালী হৈছে, তাৰ বাসিন্দাসকলৰ মাজত অন্যান্য উন্নত দেশৰ দৰে ‘ডেম’গ্রাফিক-ইক’নমিক পেৰাডক্স’-ৰ ধাৰণা সেই দেশৰ লোকৰ মাজত বিয়পি পৰাৰ সম্ভাৱনা আছে । ইয়াৰ ফলত জন্মৰ হাৰ প্রত্যাশাতকৈও তলত নামি যাব পাৰে ।
অৱশ্যে চীনা দম্পতীসকল বর্তমান লালন পালনৰ উচ্চ ব্যয়ৰ কাৰণে একাধিক সন্তান জন্ম দিবলৈ অপ্ৰস্তুত । যদিও পশ্চিমীয়া দেশসমূহত দম্পতীসকলে দুইৰ পৰা তিনিটা সন্তান বিচাৰি বুলি গৱেষণাত প্ৰকাশ পাইছে ।
জন্মৰ হাৰে অর্থনীতিৰ ওপৰত গুৰুত্বপূর্ণ প্রভাৱ পেলায় । কর্মক্ষম জনসংখ্যা কমি যোৱাত বয়স্ক জনগোষ্ঠীৰ সামাজিক নিৰাপত্তা আৰু পেনছনসহ কল্যাণ ব্যৱস্থাৰ স’তে চলাত সমস্যাৰ সৃষ্টি হয় । কর্মচাৰীৰ সংখ্যা কমি যোৱাৰ ফলত সেয়া পূৰণৰ বাবে যান্ত্রিকতা (অট’মেছন)-ৰ প্রয়োজনীয়তা বৃদ্ধি পাব পাৰে ।