Russia Ukraine War : ধর্ষণক অস্ত্র হিচাপে ব্যৱহাৰ কৰিছে ৰুছ সেনাই

ৰাষ্ট্ৰসংঘত অভিযোগ ইউক্রেইনৰ মানৱাধিকাৰ সংস্থাৰ

russia ukraine war 1 1 16473101513x2 1

ৰাষ্ট্ৰসংঘক গুৰুতৰ অভিযোগ দিছে ইউক্রেইনৰ এটা মানৱাধিকাৰ সংস্থাই । ধর্ষণক অস্ত্র হিচাপে ব্যৱহাৰ কৰিছে ৰুছ বাহিনীয়ে । ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এগৰাকী বিষয়াই জনাইছে, তেওঁলোকৰ তাত এটা নহয়, এই ধৰণৰ একাধিক অভিযোগ আহিছে ৰুছ বাহিনীৰ বিৰুদ্ধে । অৱশ্যে একেই অভিযোগ উত্থাপিত হৈছে ইউক্রেইনৰ বিৰুদ্ধেও ।

লা স্ত্রাদা-ইউক্রেইন নামে এটা সংস্থাৰ সভাপতি, কাটৰিনা চেৰেপাখাই কয়, সংস্থাৰ জৰুৰী হটলাইনত প্রায় প্রতিদিনে ৰুছ সেনাৰ বিৰুদ্ধে ধর্ষণৰ অভিযোগ আহিছে । সংস্থাটোৰ দাবী, কিছুদিন আগতেই নটা ধর্ষণৰ ঘটনাৰ অভিযোগ আহিছে তেওঁলোকৰ তাত । যি ঘটনাত মহিলা আৰু নাবালিকা মিলাই ১০ গৰাকী নির্যাতিতা হৈছে ।

নিৰাপত্তা পৰিষদত ভিডিঅ’ বার্তাত তেওঁ অভিযোগ জনায় কয়, ‘‘এই ঘটনা হিমশৈলৰ চূড়া মাত্র । প্রতিদিনে তেওঁলোকৰ তাত অজস্ৰ অভিযোগ আহিছে ধর্ষণৰ । ৰুছ সেনাই ধর্ষণক অস্ত্র হিচাপে ব্যৱহাৰ কৰিছে ।’’

অৱশ্যে ইউক্রেইনৰ এই দাবী অস্বীকাৰ কৰিছে ৰাছিয়াই । ২৪ ফেব্রুৱাৰীত যুদ্ধ আৰম্ভ হোৱাৰ পাছৰ পৰা তেওঁলোকৰ দাবী, অসামৰিক ব্যক্তিৰ ওপৰত আক্ৰমণ যথাসম্ভৱ কৰা হোৱা নাই ।

প্রসংগ, বিগত সপ্তাহতেই ৰাষ্ট্ৰসংঘ‌ৰ মানৱাধিকাৰ পর্যৱেক্ষকসকলেও ৰুছ সেনাৰ বিৰুদ্ধে একাধিক যৌন নির্যাতনৰ অভিযোগ লাভ কৰিছে । আনকি শিশুৰ সন্মুখত গণধর্ষণ, ধর্ষণৰ দৰে ঘটনাও প্ৰকাশ্যত আহিছে বুলি দাবী তেওঁলোকৰ ।

উল্লেখযোগ্যভাৱে নিৰাপত্তা পৰিষদৰ তাত ইউক্রেইন সেনাৰ বিৰুদ্ধে একেই অভিযোগ আহিছে । এই অভিযোগ সন্দৰ্ভত ইউক্রেইনৰ পৰা ব্যাখ্যা বিচাৰিছিল ৰাষ্ট্ৰসংঘ‌ই । কিন্তু তেওঁলোকে কোনো ব্যাখ্যা দিয়া নাই ।

ৰাষ্ট্ৰসংঘৰ মহিলা বিষয়ক বিভাগৰ অন্যতম কার্যনির্বাহী পৰিচালক সিমা বাহাহউছে কয়, ন্যায়বিচাৰ নিশ্চিত কৰিবলৈ সকলো অভিযোগৰ তদন্ত কৰা হ’ব ।

Exit mobile version