High Blood Pressure : পাঁচ অভ্যাস : হ’ব পাৰে উচ্চৰক্তচাপৰ কাৰণ

images 2

সাধাৰণতে এজন সুস্থ লোকৰ ক্ষেত্রত ৰক্তচাপৰ মান হয় ১২০/৮০ মিলিমিটাৰ পাৰদ স্তম্ভৰ সমান । এই মান যেতিয়া ১৪০/৯০ তকৈ অধিক হয় তেতিয়া তাক উচ্চ ৰক্তচাপ কোৱা হয় । উচ্চ ৰক্তচাপে সংবহন তন্ত্রৰ সমস্যা মাতি আনে । ষ্ট্ৰ’ক আৰু হৃদৰোগৰ দৰে কঠিন ৰোগৰ শংকা বৃদ্ধি কৰে । জানক দৈনন্দিন কি কি অভ্যাসে বঢ়াই দিব পাৰে ৰক্তচাপ ।

 

১। অতিৰিক্ত লৱণ খোৱা : লৱণত ছডিয়াম থাকে । এই ছডিয়ামে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে । কেৱল খাদ্যৰ পৰিমাণৰ মতে নিমখ খোৱাই ছডিয়ামৰ মাত্রা নিয়ন্ত্রণত যথেষ্ট নহয় । বজাৰজাত নানা খাদ্যত অতিৰিক্ত নিমখ থাকে যিয়ে উচ্চ ৰক্তচাপৰ সমস্যা বৃদ্ধি কৰিব পাৰে ।

 

২। মানসিক চাপ : সাধাৰণতে মানসিক চাপ সংক্রান্ত উচ্চ ৰক্তচাপ ক্ষণস্থায়ী হয় । অর্থাৎ মানসিক চাপ বঢ়াৰ লগে লগে ৰক্তচাপ বাঢ়িলে উত্তেজনা প্রশমিত হ’লে ৰক্তচাপ পুনৰ স্বাভাৱিক হৈ যায় । কিন্তু কোনো ব্যক্তি দীর্ঘদিন ধৰি মানসিক চাপত ভুগি থাকিলে ৰক্তবাহৰ ক্ষতি হ’ব পাৰে । লগতে মানসিক চাপত ভোগা লোকে বহু সময়ত নিচাজাতীয় পদাৰ্থৰ প্ৰতি ঢাল খায় । ইয়াৰ ফলতো ক্ষতি হয় সংবহনতন্ত্রৰ ।

 

৩। অনিদ্রা : জার্নেল অৱ ক্লিনিকেল হাইপাৰটেনছনৰ এটা গৱেষণা পত্র অনুসৰি অনিদ্রা সমস্যাত ভোগা ব্যক্তিসকলৰ উচ্চ ৰক্তচাপৰ সমস্যাত আক্রান্ত হোৱাৰ শংকা প্রায় ৪৮ শতাংশ অধিক । লগতে অনিদ্রা আৰু মানসিক চাপ পৰস্পৰ সম্পর্কযুক্ত ফলত অনিদ্রাই মানসিক চাপ বৃদ্ধি কৰিব পাৰে, যিয়ে উচ্চ ৰক্তচাপৰ সমস্যা মাতি আনিব পাৰে ।

 

৪। মদ্যপান : অতিৰিক্ত মদ্যপানে ৰক্তবাহী সিৰা আৰু ধমনীৰ ভিতৰৰ গহ্বৰ অপ্রশস্ত কৰে । ফলত ৰক্ত সঞ্চালনত সমস্যা দেখা দিয়ে, যিয়ে ৰক্তচাপ বৃদ্ধি কৰে আৰু হৃদৰোগৰ শংকা বৃদ্ধি কৰে । লগতে অতিৰিক্ত মদ্যপানে বৃদ্ধি কৰে ষ্ট্ৰ’কৰ শংকাও ।

 

৫। অনিয়ন্ত্রিত খাদ্যাভ্যাস : অধিক তেল মচলা দিয়া খাদ্য খালে কলেষ্টৰেলৰ মাত্রা দ্রুত বৃদ্ধি পায় । অস্বাস্থ্যকৰ খাদ্য গ্ৰহণৰ লগতে প্রয়োজনীয় শাক-পাচলি নাখালে একাধিক গুৰুত্বপূর্ণ উপাদানৰ ভাৰসাম্য নষ্ট হয় । তেজত স্নেহ পদার্থৰ মাত্রা বাঢ়ি গ’লে ই ৰক্তবাহৰ ভিতৰত জমা হৈ থাকে । ফলত ৰক্তচাপ বৃদ্ধিৰ শংকা থাকে ।

Exit mobile version