নৱজাতকৰ নামকৰণ কৰিলেই সাত লাখ, হ’ব মাহিলী উপাৰ্জনো

3qpVahdh69fiUrJdswtfUn 1200 80

নৱজাতকৰ নামকৰণক লৈ অনেকেই সমস্যাত পৰে ।জন্মৰ আগৰ পৰাই পিতৃ-মাতৃৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সদস্যসকলে নতুন অতিথিৰ কি নাম ৰাখিব তাক লৈ প্রায়েই বিতর্কত অৱতীর্ণ হয় । কিন্তু কেতিয়াবা ভাবি চাইছেনে, আপোনাৰ শিশুৰ বাবে এনে এটা নাম কোনোৱে বাচি দিলে, যি আপোনাৰ পাৰিবাৰিক সংস্কৃতিৰ উপৰিও অন্যান্য পাৰিপার্শ্বিক অৱস্থাৰ ওপৰত ভিত্তি কৰি দিয়া ?

নিউ ইয়র্কৰ এক বাসিন্দা টেলৰ এ হামফ্রেই এই জীৱিকাকেই তেওঁৰ উপাৰ্জনৰ পথ হিচাপে বাচি লৈছে । সন্তানসম্ভৱা ধনী দম্পতীসকলে টেলৰৰ কাষত তেওঁলোকৰ ভাবী সন্তানৰ নামকৰণৰ উদ্দেশ্যে আহে । টেলৰৰ মতে, “নামে কেৱল আমাৰ পৰিচয় বহন নকৰে । নামৰ মাজতেই ফুটি উঠে নিজৰ ব্যক্তিত্ব, পৰিয়ালৰ সংস্কৃতিৰ উপৰিও আৰু বহু কিছু ।”

৩৩ বছৰ বয়সৰ টেলৰে ২০১৫ৰ পৰা তেওঁৰ এই ব্যৱসায় আৰম্ভ কৰিছে । প্রথমে সামাজিক মাধ্যমতেই তেওঁ তেওঁৰ জীৱিকাৰ কথা জনায় । তিনি বছৰৰ পাছত ২০১৮ ৰ পৰাই টেলৰে তেওঁৰ ব্যৱসায় বঢ়াই থাকে ।

টেলৰে নামে প্রতি কমেও ডেৰ হেজাৰ আমেৰিকান ডলাৰতকৈ সর্বোচ্চ ১০ হেজাৰ ডলাৰ বা ভাৰতীয় মুদ্রাত ৭.৬ লাখ টকা পৰ্যন্ত পাৰিশ্রমিক লয় । সর্বনিম্ন খৰচত তেওঁ ওই দম্পতীক ফোন কৰি বিভিন্ন প্রশ্ন কৰে আৰু সেই তথ্যৰ ওপৰত নির্ভৰ কৰি তেওঁ নামকৰণ কৰে । আনকি পাৰিবাৰিক ব্যৱসায়ৰ ধৰণৰ ওপৰত ভিত্তি কৰিও টেলৰে সেই নৱজাতকৰ নামকৰণ কৰে ।

টেলৰে জনাইছে, এনেকুৱা কেতিয়াও হোৱা নাই যে, তেওঁ ঠিক কৰি দিয়া নাম কাৰোবাৰ অপছন্দ হৈছে । নামৰ প্রথম অংশ হিচাপে নহ’লেও মধ্যনাম (মিডল্ নেম) হিচাপে ব্যৱহাৰ কৰে অনেকে ।

Exit mobile version