Tooth Sensitivity : পাঁচটা ঘৰুৱা উপায় : নিমিষতে কমিব দাঁতৰ শিৰশিৰণি

AdobeStock 203677035 1569346102 91769

দাঁতত এনামেল নামক এক প্রকাৰৰ উপাদান থাকে যি দাঁতৰ স্বাস্থ্য ৰক্ষাত অত্যন্ত গুৰুত্বপূর্ণ । এই উপাদানটো ক্ষয় গ’লে দাঁতৰ ভিতৰত থকা স্নায়ুবোৰ উন্মুক্ত হৈ যায় । ফলত বিশেষকৈ ঠাণ্ডা খাদ্য আৰু পানীয় এই স্নায়ুবোৰৰ সংস্পর্শত আহিলে শিৰশিৰণি উঠে দাঁতত । ইয়াক বিজ্ঞানৰ ভাষাত টুথ ছেনচিটিভিটি বুলি কোৱা হয় ।

১। বিশেষ ধৰণৰ মঞ্জন : দাঁতৰ এই সমস্যা নিৰিসনত এক ধৰণৰ বিশেষ মঞ্জন পোৱা যায়, ইয়াক ডিছেনচিটাইজিং টুথপেষ্ট বুলি কোৱা হয় । এই ধৰণৰ মাঞ্জনত কিছু বিশেষ উপাদান থাকে যি উন্মুক্ত স্নায়ুমুখবোৰ ঢাকিবলৈ সহায় কৰে । পটাচিয়াম নাইট্রেট নামক এটা যৌগ এই কাৰ্যত অত্যন্ত উপযোগী । লগতে দাঁত মঞ্জনৰ ব্রাছটো নৰম হ’লেও এই সমস্যাত কিছু আৰাম পাব পাৰে ।

২। নিমখিয়া পানী : নিমখে প্রদাহ কমোৱাত সহায় কৰে । বেক্টেৰিয়াও জমা হ’ব নিদেয়ে । দৈনিক অন্তত দুবাৰ কুহমীয়া নিমখ পানী গার্গল বা কুলিকুলি কৰিলে দাঁত শিৰশিৰোৱাৰ পৰা আৰাম পাব পাৰে । এক গ্লাছ কুহমীয়া পানীত আধা চামুচ নিমখ মিহলি কৰি প্ৰায় ৩০ ছেকেণ্ড সেই পানী মুখত ৰাখিব লাগে ।

৩। হালধি : এক টেবল চামুচ হালধি, আধা চামুচ সৰিয়হৰ তেল আৰু আধা চামুচ লৱণ একেলগে মিহলি কৰি সেই মিশ্রণ দাঁতত লগালে দাঁতৰ শিৰশিৰণিৰ সমস্যা কমিব পাৰে । হালধিত কাৰকিউমিন নামক এটা উপাদান থাকে । এই উপাদানটো জীৱাণুনাশক আৰু প্রদাহনাশক হিচাপে বেচ কার্যকৰ । প্রাচীন আয়ুর্বেদ শাস্ত্রতো ইয়াৰ ব্যৱহাৰ আছে ।

৪। ভেনিলা নির্যাছ : ভেনিলা নির্যাছো প্রদাহনাশক হিচাপে বেচ কার্যকৰ । বিশেষকৈ শিশুৰ গাখীৰ দাঁত সৰিলে আৰু নতুন দাঁত গজাৰ সময়ত বিষ কমাবলৈ এই ভেনিলা নির্যাছ ব্যৱহাৰ কৰা হয় । জ্যেষ্ঠসকলেও ইচ্ছা কৰিলে ব্যৱহাৰ কৰিব পাৰে । এক টুকুৰা তুলাত ভেনিলা নির্যাছ লৈ কিছু সময়ৰ বাবে দাঁতৰ গুৰিত চেপি ৰাখিলে এই সমস্যা কমিব পাৰে ।

৫। কেপচিকাম : কেপচিকামত কেপছাইচিন নামক এটা উপাদান থাকে । যিয়ে প্রদাহ কমোৱাত সহায় কৰে । ব্যৱহাৰ কৰাৰ সময়ত মুখত জ্বলা ধৰিলেও লাহে লাহে ই দাঁতৰ ছেনচিটিভিটিৰ সমস্যা কমাই আনিব পাৰে ।

উল্লেখ্য এইসমূহ ঘৰুৱা উপায়ে যদি দাঁতৰ শিৰশিৰণি কম নকৰে তেন্তে অবিলম্বে চিকিৎসকৰ পৰামর্শ লোৱাই বিচক্ষণতাৰ পৰিচয় ।

Exit mobile version