বতৰৰ ব্যাপক পৰিৱৰ্তনত তৰমুজ খেতিত প্ৰভাৱ

বৰষুণৰ বাবে গৰম নপৰাত নিম্নগামী বজাৰ মূল্য, শিলাবৃষ্টি-বৰষুণত পথাৰতে গেলিছে তৰমুজ

IMG 20220418 WA0015

শাওন মহীয়া বাৰিষাৰ লেখীয়াকৈ নেৰানেপেৰা বৰষুণ, ধুমুহা আৰু শিলাবৃষ্টিৰ কৱলত পৰি সম্প্ৰতি মূৰে-কপালে হাত দিবলগীয়া অৱস্থা হৈছে নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিৰ অধীনস্থ বিভিন্ন অঞ্চলৰ তৰমুজ খেতি কৰা কৃষকে । মূৰৰ ঘাম মাটিত পেলাই খেতি কৰা খেতিয়কসকলৰ মুখ সন্তুষ্টিৰ পৰিৱৰ্তে এইবেলি বিষাদৰে ভৰি পৰিছে অত্যাধিক বৰষুণৰ বাবে । ইয়াৰ উপৰিও ভূতৰ ওপৰত দানৱ পৰা দি ধুমুহা, শিলাবৃষ্টিয়ে কাঢ়ি নিছে কৃষকৰ সপোন ।

উল্লেখ্য যে, নগাঁও জিলাৰ বৃহত্তৰ চামগুৰি অঞ্চলটো কৃষিপ্ৰধান অঞ্চল‌ । ইয়াৰ ৯৫ শতাংশ লোক খেতিৰ লগত জড়িত । এই চামগুৰি অঞ্চলৰে কাঠপাৰা অঞ্চলটোৰ এশ শতাংশ লোক খেতিৰ ওপৰত নিৰ্ভৰ কৰি পৰিয়াল ভৰণ-পোষণ দিয়ে । ধান, মাহ, সৰিয়হৰ সমান্তৰাল কৈ অঞ্চলটোত বতৰৰ ফল তৰমুজৰ খেতি কৰি আহিছে কৃসকসকলে পূৰ্বৰ পৰা ।

এইবেলিও কাঠপাৰা অঞ্চলৰ মুৰিপুঠিখাইটি অঞ্চলত তৰমুজৰ খেতি কৰিছে কৃষকসকলে; কিন্তু এই বছৰ পূৰ্বৰ দৰে উৎপাদন হোৱা নাই অঞ্চলটোত । এই বছৰ চ’ত-ব’হাগ মাহত বতৰৰ ব্যাপক পৰিৱৰ্তনৰ বাবে প্ৰভাৱ পৰিছে তৰমুজ খেতিত । নেৰানেপেৰা বৰষুণৰ ফলত তৰমুজ খেতি ঠন ধৰি নুঠাত উৎপাদন ক্ষমতা কমি যোৱা বুলি ব্যক্ত কৰিছে অঞ্চলটোৰ একাংশ খেতিয়কে ।

খেতিয়কসকলে জনোৱা মতে, বৰ্তমান তেওঁলোকে পূৰ্বৰ দৰে তৰমুজ খেতি কৰিছে যদিও এইবাৰ বৰষুণৰ বাবে তৰমুজৰ খেতি ঠন ধৰি বঢ়া নাই । এই সম্পৰ্কে মুৰিপুঠিখাইটি গাঁৱৰ জুলফিকৰ আলী ভুট্টো নামৰ খেতিয়কজনে ‘দৈনিক অগ্ৰদুত’ক জানিবলৈ দি কয়, ‘যোৱা বছৰ এনেকুৱা দিনত এটা তৰমুজৰ ওজন চাৰি-পাঁচ কিলো পৰ্যন্ত হৈছিল; কিন্তু এই বছৰ এক-ডেৰ কিলো মানহে হৈছে ।’

ইয়াৰ কাৰণ বাখ্যা কৰি তেওঁ কয়, ‘এই বছৰ চ’ত-ব’হাগত পূৰ্বৰ তুলনাত অত্যধিক বৰষুণ হৈছে । ফলত তৰমুজৰ বাঢ়ন ক্ষমতা কমি যোৱাত উৎপাদন কমি গৈছে । তদুপৰি ধুমুহা, শিলাবৃষ্টি আৰু তৰমুজ খেতিৰ পথাৰত পানী জমা হোৱাত তৰমুজবোৰ গেলি গৈছে । ফলত কপালৰ ঘাম মাটিত পেলাই খেতি কৰি যি লাভ দেখিম বুলি ভাবিছিলো । এইবাৰ সেই লাভ আমি দেখিবলৈ নাপাম ।’

উল্লেখ্য যে, চামগুৰিৰ কাঠপাৰা অঞ্চলত উৎপাদন হোৱা তৰমুজ নগাঁও জিলাৰ উপৰিও অসমৰ বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰা হয় । এগৰাকী খেতিয়কে জনোৱা মতে, এবিঘা তৰমুজ খেতিৰ ফচল উৎপাদন হোৱালৈকে হাল বোৱা শ্ৰমিক, সাৰ, গোবৰ, কীট নাশক দ্ৰব্যসহ খৰচ হয় ২০ হেজাৰ টকা । প্ৰতি বিঘা খেতিত উৎপাদন হয় ৬০ৰ পৰা ৭০ কুইণ্টলৰো অধিক তৰমুজ; কিন্তু এইবেলি বৰষুণৰ বাবে ভালকৈ হোৱা খেতিত ১৫ কুইণ্টল মানহে উৎপাদন হৈছে বুলি জানিব দিয়ে ।

জুলফিকৰৰ লগত একেলগে তৰমুজ খেতি কৰা ইমাম হুছেইন আৰু ছৰিফুল ইছলাম নামৰ খেতিয়ক কেইজনেও বৰষুণৰ বাবে খেতিত প্ৰভাৱ পৰাৰ কথা উল্লেখ কৰি কয়, ‘আমি এই বছৰ পাঁচ বিঘা মাটিত তৰমুজ খেতি কৰিছো; কিন্তু বতৰৰ পৰিৱৰ্তনৰ বাবে উৎপাদন এইবাৰ কমি গৈছে । তদুপৰি পানী জমা হোৱাত পথাৰতে তৰমুজবোৰ গেলি গৈছে । ইয়াৰ উপৰি যোৱা বছৰ এনেকুৱা দিনত ২৩ টকা প্ৰতি কিলো দৰত তৰমুজ বিক্ৰী কৰিছিলো; কিন্তু এইবাৰ বৰষুণৰ বাবে গৰম নপৰাত বজাৰত তৰমুজৰ চাহিদা কমি যোৱাত প্ৰতি কিলোত ১৩/১৪ টকা দৰত বিক্ৰী কৰিবলৈ বাধ্য হৈছো । বৰষুণ শিলাবৃষ্টিয়ে ক্ষতি কৰাত প্ৰতি বিঘাত৭০ কুইণ্টল তৰমুজ উৎপাদনৰ আশা কৰা আমাৰ খেতি ডৰাত এইবাৰ বিঘাত ১০ কুইণ্টল মানহে উৎপাদন হৈছে । গতিকে এইবাৰ আশানুৰূপ লাভ পোৱাৰ আশা ক্ষীণ ।’

Exit mobile version