COVID-19 : ভয়াৱহ ! দিল্লীত পাঁচশ শতাংশ বৃদ্ধি পালে কৰ’না সংক্রমণ, দাবী প্ৰতিবেদনত

Delhi market 1649998323086 1650193726542

কেন্দ্রৰ তথ্য অনুযায়ী, ২০ ফেব্রুৱাৰীৰ পাছত ৰাজধানীত দৈনিক ক’ভিড আক্রান্তৰ সংখ্যা পাঁচশৰো অধিক হৈছে । সমগ্ৰ দেশৰ ছবিও খুব আশাপ্রদ নহয় । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া দৈনিক পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশজুৰি দৈনিক আক্রান্তৰ সংখ্যা দুহেজাৰ ১৮৩ জন । যি দেওবাৰৰ তুলনাত ৯০ শতাংশ অধিক । দেওবাৰে কৰ’না আক্রান্তৰ সংখ্যা আছিল ১,১৫০ ।

এতিয়া প্রশ্ন উত্থাপিত হৈছে, পুনৰ ব্যাপক হাৰত গা কৰি উঠিব নেকি ভাৰতত কৰ’না সংক্রমণে ? সেই প্রশ্নই পুনৰবাৰ উত্থাপিত হৈছে এটা সংস্থাৰ প্ৰতিবেদনত । সম্প্রতি দিল্লীত কৰ’না পৰিস্থিতিৰ সামগ্রিক ছবি দাঙি ধৰিবৰ বাবে এটা সংস্থাই দিল্লী আৰু তাৰ পার্শ্বৱর্তী অঞ্চলত এটা নিৰীক্ষণ চলায় । তাৰ প্ৰতিবেদনতেই উত্থাপিত হৈছে এই চাঞ্চল্যকৰ তথ্য ।

এই সংস্থাটোকে উদ্ধৃত কৰি সংবাদ সংস্থাৰ দাবী, তেওঁলোকৰ এই সমীক্ষাটোত দিল্লী আৰু তাৰ পার্শ্বৱর্তী অঞ্চলৰ পৰা মুঠ ১১৭৪৩ জন মানুহে অংশগ্রহণ কৰিছিল আৰু তাৰ ভিতৰত অধিকাংশই জনাইছে যে, তেওঁলোকৰ পৰিচিতৰ মাজত বিগত ১৫ দিনত কৰ’না সংক্রমণ মুঠ পাঁচশ শতাংশ বৃদ্ধি পাইছে।

এই সমীক্ষাটো যথাযথভাৱে সম্পন্ন কৰিবলৈ সংস্থাটোৱে ‘ক’ভিড নেটৱর্ক প্রিভেলেন্স’ নামে এটা পদ্ধতিৰ সহায় লয় আৰু তাতেই এই স্ক’ৰ পাঁচশ শতাংশ বৃদ্ধি পাইছে বুলি দাবী কৰিছে সংস্থাটোৱে ।

সংস্থাটোৱে এইটোও জনাইছে যে, এই একেই সমীক্ষা তেওঁলোকে যোৱা দুই এপ্রিলটো কৰিছিল, কিন্তু তেতিয়া মাত্র তিনি শতাংশ মানুহে দাবী কৰিছিল, বিগত ১৫ দিনত তেওঁলোকৰ পৰিচিতৰ মাজত কৰ’না সংক্রমণৰ খবৰ পোৱা গৈছে । এই প্ৰতিবেদন প্ৰকাশ্যত অহাৰ পাছত স্বাভাৱিকভাৱেই চাঞ্চল্যৰ সৃষ্টি হয় বিভিন্ন মহলত ।

উল্লেখ্য, যোৱা শনিবাৰে দিল্লীত নতুনকৈ মুঠ ৪৬১ জন কৰ’না সংক্রমিত হৈছে আৰু দিল্লী স্বাস্থ্য মন্ত্রণালয় সূত্রে খবৰ, শনিবাৰে কৰ’না আক্রান্ত হৈ দিল্লীত দুজনৰ মৃত্যু হৈছে ।

Exit mobile version