Heart Disease in Women : পাঁচটা কাৰণ : কিয় মহিলাৰ হৃদৰোগৰ শংকা বাঢ়িছে

women heart attack

বিভিন্ন সমীক্ষাত দেখা গৈছে, প্রতি বছৰ বিশ্বত সৰ্বাধিক মানুহে প্রাণ হেৰুৱাই হৃদৰোগত আক্রান্ত হৈ । অত্যধিক মানসিক চাপ, কর্মব্যস্ত জীৱন— অনেক ক্ষেত্রতেই দৈনন্দিন যাপনৰ মাজতেই নিহিত থাকে হৃদৰোগৰ কাৰণ । একাধিক গৱেষণাত দাবী কৰা হৈছে, পুৰুষৰ তুলনাত মহিলাৰ হৃদৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা অধিক । ছেন্টাৰ্চ অৱ ডিজিজেছ কন্ট্র’ল এণ্ড প্রিভেনছনৰ অনুসৰি, মার্কিন যুক্তৰাষ্ট্রত প্রতি পাঁচগৰাকী মহিলাৰ ভিতৰত এগৰাকীৰ হার্ট এটেকৰ কাৰণে মৃত্যু হৈছে । বিগত বছৰত ‘দ্য লেনছেট’-ত প্রকাশিত এটা প্রতিবেদনতো দাঙি ধৰা হৈছে যে, ভাৰতসহ সকলো দেশতে মহিলাৰ কার্ডিয়’ভাছকুলাৰ ৰোগ বৃদ্ধি পাইছে ।

পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত হৃদৰোগৰ উপসর্গবোৰ অধিকাংশ ক্ষেত্রতেই পৃথক হয় । বিভিন্ন সমীক্ষাত দেখা গৈছে, নাৰীৰ ক্ষেত্রত হৃদৰোগত আক্রান্ত হোৱাৰ আগতে বুকৰ বিষৰ দৰে উপসর্গ দেখা নাযায় । এই ক্ষেত্রত মূলত ক্লান্তি, শ্বাসকষ্ট, কান্ধ আৰু ডিঙিৰ বিষৰ দৰে উপসর্গবোৰ প্রকট হয় ।

জানক কিয় নাৰীৰ হৃদৰোগৰ শংকা অধিক ?

১) ৪৫ৰ পৰা ৫০ বছৰৰ ভিতৰত মহিলাৰ ঋতু বন্ধ হয় । ঋতু বন্ধৰ পাছত শৰীৰত ইষ্ট্ৰ’জেন হৰম’নৰ ক্ষৰণ কমি যায় । সেয়ে তেওঁলোকৰ হৃদৰোগৰ শংকা অধিক ।

২) অন্তঃসত্ত্বা অৱস্থাত বহু মহিলাই উচ্চ ৰক্তচাপৰ সমস্যাত ভোগে । এই সময়ছোৱাত ৰক্তচাপ বাঢ়ি গ’লে ৰক্তনালিকাবোৰেৰে তেজ আৰু অক্সিজেন পর্যাপ্ত মাত্রাথ মস্তিষ্কত নাপায় । এই ক্ষেত্রত হার্ট এটেকৰ শংকা বহু পৰিমাণে বাঢ়ি যায় ।

৩) ধূমপানৰ অভ্যাসে হৃদৰোগৰ শংকা বৃদ্ধি কৰে । ধূমপান বন্ধ কৰি দিলে হৃদৰোগৰ শংকা ৮০ শতাংশ কমি যায় । অতিৰিক্ত মদ্যপানৰ পৰাও নিজকে দূৰত ৰাখক । ইয়াৰ ফলতো হৃদৰোগৰ শংকা বাঢ়ি যায় ।

৪) ডায়েবিটিছ, উচ্চ ৰক্তচাপ, আৰু উচ্চ কলেষ্টৰেলৰ সমস্যা থাকিলে হৃদৰোগত আক্রান্ত হোৱাৰ শংকা বহু গুণে বাঢ়ি যায় । এই ৰোগবোৰৰ বাবে ৰক্তনালিকাবোৰ সংকীর্ণ হৈ পৰে । ৰক্ত প্রবাহত বাধাৰ সৃষ্টি হয় । ফলস্বৰূপে হৃদযন্ত্রৰ ওপৰত চাপ পৰে । কার্ডিয়’ভাছকুলাৰ ৰোগত আক্রান্ত হোৱাৰ সম্ভৱনাও বাঢ়ি যায় ।

৫) মানসিক চাপৰ কাৰণেও মহিলাৰ এই ৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা বাঢ়ে । পর্যাপ্ত টোপনিৰ অভাৱ হৃদৰোগৰ অন্যতম বৃহৎ অনুঘটক । শৰীৰক সুস্থ ৰাখিবলৈ দৈনিক ছয়ৰ পৰা আঠ ঘণ্টা টোপনি অৱশ্যেই প্রয়োজনীয় । কর্মব্যস্ততা আৰু অৱসাদৰ কাৰণে বহু মহিলাই অনিদ্রাৰ সমস্যাত ভোগে । ইয়াৰ ফলতো কিন্তু শংকা বাঢ়ে ।

Exit mobile version