ৰামচৰণ ঠাকুৰ আতা সত্ৰত ৯০ সংখ্যক পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহৰ লাইখুটা স্থাপন

fddeae37 fe6b 425f 8440 1f96ef6b577d

ভৱানীপুৰৰ নিকটবৰ্তী শ্ৰীমন্ত শংকৰদেৱৰ কৃষ্টি সংস্কৃতিৰ চৰ্চা, পৰিবেশনেৰে সমৃদ্ধ ঐতিহাসিক কলবাৰী গাঁৱৰ শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰত উদযাপন হ’বলগীয়া ৯০ সংখ্যক পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহ উৎসৱৰ আজি পৰম্পৰা ধৰ্মীয় ৰীতিৰে লাইখুটা স্থাপন কৰা হয়।

লাইখুটা স্থাপন কৰে কলবাৰী শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰৰ পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহ উদযাপন সমিতিৰ সভাপতি তথা বিশিষ্ট বীৰনামৰ শিল্পী কল্যাণ দাসে। লাইখুটা স্থাপন এলেকা শুদ্ধিকৰণ কৰে সত্ৰৰ মুখ্য পাঠক হৰেকৃষ্ণ দাস আৰু পাঠক অশ্চিনী কলিতাই।

লাইখুটা স্থাপনৰ প্ৰাকমূহুৰ্তত ধৰ্মধ্বজা উত্তোলন কৰে ৯০ সংখ্যক পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহ উদযাপন সমিতিৰ সম্পাদক পৰীক্ষিত বায়নে।শ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰশান্ত তালুকদাৰ আৰু বীৰনামৰ শিল্পী পুলকানন্দ তালুকদাৰে আত ধৰা লাইখুটা স্থাপন অনুষ্ঠানত বহুসংখ্যক ধৰ্মপ্ৰাণ ভকত -আয়তী,ৰাইজে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে অহা ১৫,১৬ আৰু ১৭ মে’ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কলবাৰী শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰত ৯০ সংখ্যক পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহ উদযাপন কৰা হ’ব।

Exit mobile version