Jahangirpuri Violence : জহাংগিৰপুৰিত উচ্ছেদ অভিযানত আৰক্ষী, পাঁচ অভিযুক্তৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গোচৰ

1650431637 jahangir

দুই গোষ্ঠীৰ সংঘর্ষৰ ঘটনাৰ ৭২ ঘণ্টাৰ ভিতৰত দিল্লীৰ জহাংগিৰপুৰিত বেআইনী দখল উচ্ছেদত দুদিনৰ অভিযানে নামিল আৰক্ষী । বুধ আৰু বৃহস্পতিবাৰে এই উচ্ছেদ অভিযান চলিব বুলি উত্তৰ দিল্লী পৌৰনিগমে জনাইছে । উচ্ছেদ অভিযানত যাতে কোনো ধৰণৰ আইনশৃংখলা পৰিস্থিতিৰ অৱনতি নহয় তাৰ বাবে চাৰিশ আৰক্ষী কর্মী মোতায়েন কৰা হৈছে ।

দিল্লীৰ বিজেপি প্রধান আদেশ গুপ্তে পৌৰগিমৰ মেয়ৰক পত্ৰ লিখি অভিযোগ দিছিল যে, জহাংগিৰপুৰিৰ হিংসাত যিসকল অভিযুক্ত‌ই সহায় কৰিছিল, তেওঁলোকৰেই সহায়ত এই অঞ্চলত এটাৰ পাছত এটা বেআইনী নির্মাণ আৰু দখলদাৰী হৈছে । শীঘ্ৰে এই নির্মাণকাৰ্য ভাঙি পেলোৱা হ‌ওক আৰু বেআইনী দখলদাৰসকলক উচ্ছেদ কৰা হ‌ওক ।

কেৱল সেয়াই নহয়, আদেশৰ অভিযোগ, যিসকলে ঘটনাৰ দিনাখন শিল মাৰিছিল তেওঁলোক আম আদমি পার্টিৰ (আপ) বিধায়ক আৰু কাউন্সিলৰৰ ঘনিষ্ঠ । এই অভিযুক্তসকলৰ বেআইনী নির্মাণ শীঘ্ৰে চিহ্নিত কৰি ভাঙি পেলোৱা হ‌ওক ।

ইতিমধ্যে হিংসাৰ ঘটনাত তিনি নাবালকসহ ২৪ জনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে । তেওঁলোকৰ ভিতৰত পাঁচ অভিযুক্তৰ বিৰুদ্ধে সন্ত্রাসবিৰোধী আইনত (ৰাষ্ট্ৰীয় নিৰাপত্তা আইন) গোচৰ ৰুজু কৰা হৈছে । এই পাঁচ অভিযুক্ত হ’ল, ছেলিম, ইমাম শেখ, দিলশাদ আৰু আহিৰ । সোমবাৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দিল্লী আৰক্ষী কমিছনাৰ ৰাকেশ আস্থানাক অভিযুক্তৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ নির্দেশ দিছে ।

Exit mobile version