চিকিৎসাধীন চাৰি কৰ’না ৰোগীৰ এটি শিশু : দেশত চতুৰ্থ ঢৌৰ শংকা

kids covid custom 40630556b788719860ceca6744a2b6b22d07b9aa

বিগত কিছুদিন ধৰি ভাৰতত কৰ’নাৰ সংক্রমণ পুনৰ বৃদ্ধি পাবলৈ ধৰিছে। ক’ভিডৰ নতুন সংক্রমণ বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি বিশেষজ্ঞসকলে কৰ’নাৰ সংক্ৰমণৰ চতুর্থ ঢৌৰ আগমনৰ শংকা প্রকাশ কৰিছে।

প্রকাশিত বাতৰি তথ্য অনুসৰি শেহতীয়াভাৱে দেশত ক’ভিডত আক্রান্ত হােৱা শিশুৰ সংখ্যা বৃদ্ধি পাইছে। ৰাজধানী দিল্লীত ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হােৱা ৰােগীসকলৰ ২৭ শতাংশ হৈছে শিশু।

ইফালে, দিল্লীৰ সমীপৱৰ্তী নয়ডা আৰু গাজিয়াবাদতাে যথেষ্ট সংখ্যক স্কুলীয়া শিশু কৰ’নাত সংক্রমিত হােৱাৰ বাতৰি লাভ কৰা হৈছে। দেশত শেহতীয়াভাৱে ১১ সপ্তাহ ধৰি কৰ’নাৰ সংক্রমণ হ্রাসৰ পাছত পুনৰ সংক্রমণ ঊর্ধ্বমুখী হ’বলৈ ধৰিছে।

ৰাজধানী দিল্লীৰ লগতে হাৰিয়ানা, উত্তৰ প্ৰদেশতাে যােৱা সপ্তাহত ক’ভিডত নতুনকৈ যথেষ্ট সংখ্যক লােক আক্রান্ত হৈছে। দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত শেহতীয়াভাৱে ক’ভিড আক্রান্ত সংখ্যা বৃদ্ধি পােৱাৰ লগতে আক্রান্ত শিশুৰ সংখ্যাও অধিক হ’বলৈ ধৰিছে।

দিল্লীৰ চিকিৎসালয়ত ভর্তি হােৱা ক’ভিড ৰােগীসকলৰ ২৭ শতাংশ হৈছে শিশু। দিল্লীত বর্তমানে ৫১ জন কৰ’না ৰােগী চিকিৎসাধীন হৈ আছে আৰু এইলােকৰ মাজত ১৪ টা শিশু আছে। যােৱা ১৮ এপ্রিলত নয়ডাত ১০৭ জন ক’ভিড ৰােগীক চিনাক্ত কৰা হৈছিল আৰু ইয়াৰে ৩৩ জন শিশু আছিল।

নয়ডাত বর্তমানলৈকে শতাধিক শিশু ক’ভিড আক্রান্ত হৈছে। নয়ডাৰ লগতে গাজিয়াবাদতাে বিদ্যালয়ৰ শিশুৰ শৰীৰত ক’ভিড ভাইৰাছ ধৰা পৰিছে। শিশুৰ মাজত হঠাতে ক’ভিডৰ সংক্রমণ বৃদ্ধি পােৱাৰ সন্দৰ্ভত মহামাৰীৰ বিশেষজ্ঞ ডাঃ চন্দ্রকান্ত লহৰীয়াই কয়, ‘শিশুসকল কৰ’নাত সংক্রমিত হােৱাত ভয় খােৱাৰ কাৰণ নাই।

যেতিয়া বিদ্যালয়সমূহ বন্ধ হৈ আছিল সেই সময়তাে শিশুসকলৰ কৰ’নাত সংক্রমিত হৈছিল। কিন্তু সেই সংক্রমণ পৰীক্ষা নকৰা হেতুকে ধৰা পৰা নাছিল। এতিয়া বিদ্যালয় খােলা হেতুকে পৰীক্ষণৰ ফলত শিশুৰ শৰীৰত ক’ভিড ভাইৰাছৰ সংক্রমণ অধিক চিনাক্ত হৈছে। বিদ্যালয় খােলাৰ ফলত শিশুৰ মাজত ক’ভিডৰ সংক্রমণ বৃদ্ধি হােৱা বুলি ভবাটো ভুল।’

আনহাতে, নতুন দিল্লীস্থিত এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই এক সাক্ষাৎকাৰত প্রকাশ কৰা মতে, শিশুসকল কৰ’নাত সংক্রমিত হ’লেও তেওঁলােকৰ শৰীৰত তেনে বিশেষ উপসর্গই দেখা নিদিব পাৰে আৰু সাধাৰণতে কৰ’নাত আক্রান্ত শিশু সােনকালে আৰােগ্য হয়।

ডাঃ গুলেৰিয়াই প্রতিষেধক লাভৰ যােগ্য বয়সৰ শিশুৰ টিকাকৰণ কৰাবলৈ পৰামর্শ দিয়ে। আই চি এম আৰৰ বিশেষজ্ঞ সমৰীণ পাণ্ডাই প্রকাশ কৰা অনুসৰি একৰ পৰা সাত বছৰীয়া শিশুসকল কৰনাত আক্রান্ত হােৱাৰ যথেষ্ট সম্ভাৱনা আছে। কিন্তু শিশুসকল ক’ভিডত আক্রান্ত হ’লেও তেওঁলােকৰ মাজত মৃত্যুৰ হাৰ যথেষ্ট কম।

পাণ্ডাই কয় যে শেহতীয়াভাৱে যিহেতু দেশৰ বিভিন্ন অঞ্চলত কৰ’নাৰ সংক্রমণপুনৰ বৃদ্ধি পাইছে, সেয়েহে শিশুসকলে বিদ্যালয়লৈ মাস্ক পৰিধান কৰি যােৱা উচিত আৰু টিফিন আদি আন বন্ধুৰ স’তে একেলগে খােৱাৰ পৰা বিৰত থকা প্রয়ােজন।

সৰহ সংখ্যক বিশেষজ্ঞ মতে, শিশু ক’ভিডত আক্রান্ত হ’লেও তেওঁলােকৰ শৰীৰত সংক্ৰমণৰ তেনে বিশেষ উপসর্গ পৰিলক্ষিত নহয়।কৰ’নাত আক্রান্ত শিশুক শেহতীয়াভাৱে চিকিৎসালয়ত ভর্তি কৰােৱাৰ সন্দৰ্ভত বিশেষজ্ঞই জানিবলৈ দি কয় যে দিল্লী আদিত বর্তমানে ক’ভিডত আক্রান্ত হৈ চিকিৎসালয়ত ভর্তি হােৱা শিশুৰ সংখ্যা বৃদ্ধি পাইছে যদিও এইসকল শিশু পূৰ্বৰে পৰা বিভিন্ন স্বাস্থ্যজনিত সমস্যাত আক্রান্ত হৈছে।

কম বয়সীয়া শিশুৰ ক্ষেত্ৰত ক’ভিডৰ সংক্ৰমণৰ প্ৰাৰম্ভিক লক্ষণ হৈছে বমি, প্রচণ্ড জ্বৰ আৰু ডায়েৰিয়া। আনহাতে, কিশােৰৰ মাজত ক’ভিড সংক্ৰমণৰ অন্যতম এক উপসর্গ হৈছে মূৰৰ বিষ অনুভৱ। ভাৰতত বর্তমানলৈকে ক’ভিডৰ তিনিটা ঢৌ পাৰ হ’ল যদিও এই তিনিটা ঢৌৱে শিশুসকলক বিশেষ প্ৰভাৱিত কৰা নাছিল।

কিন্তু শেহতীয়াভাৱে কৰ’নাৰ নতুনকৈ সংক্রমণ বৃদ্ধিৰ লগে লগে আক্রান্ত শিশুৰ সংখ্যা বৃদ্ধিয়ে অভিভাৱকসকলক চিন্তিত কৰি তুলিছে। অৱশ্যে সৰহ সংখ্যক বিশেষজ্ঞৰ মতে, দেশত কৰ’নাৰ সংক্রমণৰ চতুর্থ ঢৌৰ আগমনৰ সম্ভাৱনা তেনেই সীমিত।

Exit mobile version