বকো ছোৱালী হাইস্কুল প্ৰাংগনত জিলা ভিত্তিত শিক্ষক-শিক্ষয়িত্ৰীক প্ৰশিক্ষণ

165c3bda 0693 440c 8455 13bfa7ecaa74

ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ উদ্যোগত কামৰূপ জিলাৰ ২৯১খন মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ একোগৰাকী শিক্ষক/শিক্ষয়িত্ৰীৰ উপস্থিতিত বকোত অনুষ্ঠিত হয় এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী।

ADVERTISEMENT

বকো ছোৱালী হাই স্কুল প্ৰাংগনত অনুষ্ঠিত এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী মূলত: হৈছে বিশেষভাবে কামৰূপৰ ছাত্ৰ/ছাত্ৰী সকল যাতে নিজৰ সংস্কৃতিৰ স’তে সুন্দৰভাবে পৰিচয় হোৱাৰ লগতে প্ৰত্যোকৰ বিজ্ঞান সুলভ মনোভাব গঢ় লৈ উঠে।

প্ৰশিক্ষাৰ্থী সকলক বিদ্যালয়ৰ পৰ্যায়ত শ্ৰেণী কোঠাত লিংগ সমতা, বালিকা সুৰক্ষা কোষ গঠন, উদ্যমিতাৰ বিকাশ,জীৱন ধাৰণ কৌশলত উন্নীতকৰণ, কেৰিয়াৰ পৰামৰ্শ কোষ গঠন আদি সম্পৰ্কত প্ৰশিক্ষণ দিয়া হয়।

সজাগতা সভাত উপস্থিত থাকে জিলা মহিলা কল্যাণ বিষয়া গোলস্মী বৰা,খণ্ড সমল ব্যক্তি অঞ্জনা ডেকা,জিলা আচঁনি বিষয়া ফুলপাহী নাথ,চুইটী বেজবৰুৱা, অৱসৰী অধ্যক্ষ পৰেশ বৈশ্য,প্ৰধান শিক্ষক ভগবান বৈশ্য,বকো ছোৱালী হাই স্কুলৰ প্ৰধান শিক্ষক জ্ঞানেন্দ্ৰ কলিতাসহ বিদ্যালয়খনৰ শিক্ষক/শিক্ষয়িত্ৰী সকল।

সজাগতা সভাৰ আৰম্ভণিত ৰাভা,বড়ো আৰু বিহু প্ৰদৰ্শন কৰে বকো ছোৱালী হাই স্কুলৰ ছাত্ৰী সকলে।

Exit mobile version